× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 আদি আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 24 12345678910111213141516171819202122232425262728293031323334353637383940414243444546474849501 1 1 : 1 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566671 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন আদি 24 नोट सहेजें 1অব্ৰাহাম অতিশয় বৃদ্ধ অৱস্থালৈ জীয়াই আছিল। আৰু যিহোৱাই সকলোতে অব্ৰাহামক আশীৰ্ব্বাদ কৰিছিল।2পাছত অব্ৰাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া।3মই তোমাক স্বর্গ আৰু পৃথিৱীৰ ঈশ্বৰ যিহোৱাৰ নামেৰে শপত দিছো। এই যি কনানীয়া লোকৰ মাজত বাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ বিয়াৰ বাবে ইহঁতৰ কোনো ছোৱালী নানিবা,4তুমি মোৰ দেশত থকা জ্ঞাতিসকলৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইচহাকৰ বিয়াৰ বাবে ছোৱালী বিচাৰি ইয়ালৈ লৈ আনিবা।”5তেতিয়া সেই দাসে তেওঁক ক’লে, “যদি কোনো ছোৱালী মোৰ লগত এই দেশলৈ আহিবলৈ মান্তি নহয়? পাছত আপুনি যি দেশৰ পৰা ওলাই আহিল, মই আপোনাৰ পুত্ৰক লৈ আকৌ সেই দেশলৈ যাম নে?”6অব্ৰাহামে তেওঁক ক’লে, “সাৱধান হোৱা, তুমি মোৰ পুত্ৰক সেই দেশলৈ কেতিয়াও ওলোটাই নিনিবা!7স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।8যদি কোনো ছোৱালী তোমাৰ লগত আহিবলৈ মান্তি নহয়, তেন্তে তুমি এই শপতৰ পৰা মুক্ত হ’বা; কিন্তু মোৰ পুত্ৰক হ’লে তালৈ পুনৰাই নিনিবা।”9তাতে, সেই দাসে নিজ প্ৰভু অব্ৰাহামৰ কৰঙনৰ তলত হাত দি, সেই বিষয়ে তেওঁৰ আগত শপত কৰিলে।10পাছত সেই দাসে নিজ প্ৰভুৰ উটবোৰৰ মাজৰ দহোটা উট লগত ল’লে; আৰু নিজ প্ৰভুৰ পৰা সকলো ধৰণৰ উত্তম উত্তম বস্তুৰ অলপ লৈ সেই ঠাইৰ পৰা অৰাম-নহৰিয়ম ৰ নাহোৰ নগৰৰ ওচৰ পালে।11তাতে তেওঁ নগৰৰ বাহিৰত থকা কুৱাঁৰ ওচৰলৈ গ’ল। তাতে গধূলি সময়ত মহিলাসকল ওলাই কুৱাঁৰ পানী তুলিবলৈ সেই ঠাইলৈ আহে। তেওঁ তাতেই উটবোৰক আঠুকঢ়াই বহাই থ’লে।12তেতিয়া সেই দাসে ক’লে, “হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, আজি মোক সহায় কৰি সফল কৰক। মোৰ প্ৰভু, অব্ৰাহামৰ পুত্রৰ বাবে এগৰাকী যোগ্য পাত্ৰী বাচিবলৈ সহায় কৰক। অনুগ্ৰহ কৰি মোৰ প্রভু অব্রাহমক এই দয়া কৰক।13চাওকচোন, মই এই ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; পাছত সেই নগৰীয়া মানুহৰ ছোৱালীবোৰ পানী তুলিবলৈ ওলাই আহিব।14ইচহাকৰ বাবে যি গৰাকী যোগ্য হ’ব তেওঁ যদি আমাক কলহ নমাই পানী খাবলৈ দিয়ে। তেতিয়া ‘বিনয় কৰোঁ তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া’, এই কথা মই যি ছোৱালীক ক’ম, সেই ছোৱালীয়ে যদি কয়, ‘খাওক আৰু আপোনাৰ উটবোৰকো খুৱাওঁক’, তেন্তে সেই ছোৱালী জনীয়েই আপোনাৰ দাস ইচহাকৰ কাৰণে আপোনাৰ নিৰূপিত কন্যা হওক; আৰু ইয়াৰ দ্বাৰাই যে মোৰ প্ৰভুলৈ আপুনি দয়া কৰিছে, সেই বিষয়ে মই জানিম।”15পাছত তেওঁ প্রার্থনা শেষ কৰাৰ আগতে, ৰিবেকাই কান্ধত কলহ লৈ বাহিৰলৈ ওলাই আহিল। ৰিবেকা অব্ৰাহামৰ ভাই নাহোৰৰ ভার্যা মিল্কাৰ পুতেক বথোৱেলৰ জীয়েক।16সেই যুৱতী দেখাত পৰম সুন্দৰী আৰু কোনো পুৰুষৰ সৈতে সংস্পর্শ নথকা কুমাৰী আছিল। তাই ভুমুকলৈ নামি কলহ ভৰাই উঠি আহিল।17এনেতে, দাসজনে লৰি গৈ, তাইৰে সৈতে সাক্ষাত কৰি ক’লে, “বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া।”18তাতে তাই ক’লে, “আপুনি খাওঁক,” এই বুলি তাই হাতত লৈ অহা কলহটো নমাই থলে আৰু সেই দাসক পানী খাবলৈ দিলে।19এনেদৰে পানী খুৱাই অঁতোৱাৰ পাছত তাই ক’লে, “আৰু আপোনাৰ উটবোৰেও পানী খাই নুঠালৈকে মই সিহঁতলৈকো তুলিম।”20এই বুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি, আকৌ পানী তুলিবলৈ কুৱাঁলৈ গৈ, উটবোৰলৈ পানী তুলি দি আছিল।21তাতে সেই দাসে তাইৰ সকলো কর্ম নীৰৱে লক্ষ্য কৰি আছিল। তেওঁ নিশ্চিত হ’ব বিচাৰিছিল যে যিহোৱাই তেওঁৰ যাত্রা সফল কৰিছে নে নাই।22উটবোৰে পানী খাই শেষ কৰাৰ পাছত, সেই দাসজনে আধা চেকল সোণৰ এটা নথ আৰু হাতৰ কাৰণে দহ চেকল সোণৰ এযোৰ খাৰু লৈ তাইক ক’লে,23“কোৱাচোন তুমি কাৰ জীয়েক? বিনয় কৰোঁ, এই ৰাতি থাকিবলৈ তোমাৰ পিতৃৰ ঘৰত আমাৰ বাবে ঠাই হ’ব নে?”24তেতিয়া তাই ক’লে, “মই নাহোৰ আৰু মিল্কাৰ পুত্র বথোৱেলৰ জীয়েক।”25তাই তেওঁক আৰু ক’লে, “আমাৰ তাত খেৰ আৰু দানা বহুত আছে ৰাতি থাকিবলৈ কোঁঠালিও আছে।”26তেতিয়া সেই দাসজনে মূৰ দোঁৱালে আৰু যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।27তেওঁ ক’লে “মোৰ প্রভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; মোৰ প্ৰভুৰ প্রতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই। এইদৰে মোক যিহোৱাই স্পষ্টভাৱে বাট দেখুৱাই মোৰ প্রভুৰ আত্মীয়ৰ ঘৰলৈ লৈ আনিলে।”28পাছত সেই ছোৱালীজনী বেগাই ঘৰলৈ গ’ল আৰু মাকৰ লগতে ঘৰৰ সকলোকে এই সকলো কথা ক’লে।29ৰিবেকাৰ লাবন নামেৰে এজন ককায়েক আছিল; তেতিয়া লাবনে বেগাই সেই ভুমুকৰ ওচৰত থকা সেই পুৰুষজনৰ ওচৰলৈ গ’ল।30তেওঁ যেতিয়া ভনীয়েকৰ হাতত খাৰু আৰু নথ দেখিলে আৰু নিজৰ ভনী ৰিবেকাৰ মুখেৰে যেতিয়া “তেওঁ এই কথা ক’লে,” বুলি শুনিলে, তেতিয়া তেওঁ সেই পুৰুষজনৰ ওচৰলৈ গ’ল। সেই পুৰুষজন তেতিয়া উটবোৰৰ সৈতে পানীৰ ভুমুকটোৰ ওচৰত থিয় হৈ আছিল।31লাবনে ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত লোক, আহঁক; বাহিৰত কিয় এনেদৰে থিয় হৈ আছে? মই আপোনাৰ বাবে ঘৰ আৰু উটবোৰলৈয়ো ঠাই যুগুত কৰিছোঁ।”32তেতিয়া পুৰুষজন গৈ সেই ঘৰত সোমাল। উটবোৰৰ পৰা বোজাবোৰ নমালে আৰু খাবলৈ খেৰ আৰু দানা দিলে। তাৰ পাছত তেওঁক আৰু তেওঁৰ লগত যোৱা লোকসকলক ভৰি ধুবলৈ পানী দিলে।33পাছত তেওঁলোকৰ আগত খাবলৈ আহাৰ যুগুত কৰি দিলে; কিন্তু তেওঁ খাবলৈ সন্মত নহ’ল। তেওঁ ক’লে, “মোৰ ক’বলগীয়া কথা নোকোৱালৈকে মই আহাৰ গ্রহণ নকৰোঁ।” তেতিয়া লাবনে ক’লে, “তেনেহ’লে কওঁক।”34তেতিয়া তেওঁ ক’লে, “মই অব্ৰাহামৰ দাস।35যিহোৱাই মোৰ প্ৰভুক অতিশয়ৰূপে আশীৰ্ব্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। যিহোৱাই তেওঁক মেৰ-ছাগ, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস-দাসী, উট, গাধ এই সকলো দিছে।36চাৰা, মোৰ প্রভুৰ ভার্য্যাই বৃদ্ধ কালত মোৰ প্ৰভুলৈ এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁকেই তেওঁ নিজৰ সকলোখিনি দিছে।37মোৰ প্ৰভুৱে শপত খুৱাই মোক কৈছিল যে, ‘মই যি কনান দেশত বাস কৰিছোঁ, তুমি মোৰ পুত্রৰ ভার্য্যাৰূপে এই দেশৰ কোনো কনানীয়া লোকৰ ছোৱালীক নানিবা।38ইয়াৰ পৰিবর্তে, মোৰ পিতৃৰ আৰু মোৰ আত্মীয়সকলৰ পৰিয়াললৈ যোৱা আৰু মোৰ পুত্রৰ বাবে এগৰাকী ভার্য্যা লৈ আহাঁ’।39মই মোৰ প্ৰভুক ক’লোঁ, ‘সম্ভৱতঃ ছোৱালীয়ে যদি মোক অনুসৰণ নকৰে’।40কিন্তু তেওঁ মোক ক’লে, ‘যিজনৰ সাক্ষাতত মই জীৱন-যাপন কৰি আছোঁ, সেইজনা যিহোৱাই তোমাৰ সৈতে যাবৰ বাবে তেওঁৰ দূত পঠিয়াই দিব, আৰু তোমাৰ পথ উন্নত কৰিব; তাতে তুমি মোৰ পুত্রৰ বাবে মোৰ আত্মীয়সকলৰ আৰু মোৰ পিতৃৰ বংশৰ পৰা ভার্য্যা আনিব পাৰিবা।41কিন্তু তুমি যদি মোৰ আত্মীয়সকলৰ ওচৰলৈ যোৱা আৰু তেওঁলোকে যদি মোৰ পুত্ৰৰ বাবে ছোৱালী দিবলৈ অস্বীকাৰ কৰে, তেনেহলে তুমি মোৰ এই শপতৰ পৰা মুক্ত হ’বা’।42সেয়ে মই আজি এই পানীৰ ভুমুকৰ ওচৰ পালোঁ আৰু ক’লো, ‘হে যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; অনুৰোধ কৰোঁ, তুমি যদি মোৰ যাত্ৰা সফল কৰিবলৈ প্ৰকৃতপক্ষে মনস্থ কৰা।43তেনেহ’লে মই এই পানীৰ ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; ইয়াতে পানী তুলিবলৈ অহা যিজনী ছোৱালীক ক’ম, ‘বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক পানী খাবলৈ দিয়া’।44তাতে সেই ছোৱালীজনীয়ে যদি মোক কয়, ‘আপুনিও খাওঁক আৰু আপোনাৰ উটবোৰলৈকো পানী তুলি দিম’, তেনেহ’লে সেই ছোৱালীয়েই মোৰ প্ৰভুৰ পুত্ৰলৈ যিহোৱাই নিৰূপণ কৰা কন্যা হওঁক।45এই কথা মই মনতে ভাৱি শেষ নকৰোঁতেই, চাওক, ৰিবেকাই কান্ধত কলহ লৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক’লো, ‘অনুৰোধ কৰোঁ, মোক পানী খাবলৈ দিয়া’।46তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কলহ নমাই থৈ ক’লে, ‘খাওঁক, মই আপোনাৰ উটবোৰকো খুৱাম’। তাতে মই খালো আৰু তেওঁ উটবোৰকো খুৱালে।47পাছত মই তেওঁক সুধিলোঁ, ‘তুমি কাৰ জীয়েক’? তেওঁ ক’লে, ‘মই বথোৱেলৰ জীয়েক; তেওঁ নাহোৰ আৰু মিল্কাৰ পুত্ৰ’। তেতিয়া মই তেওঁৰ নাকত সেই নথ আৰু হাতত সেই খাৰুও পিন্ধালোঁ।48তেতিয়া মই মুৰ দোৱালো আৰু যিহোৱাৰ আৰাধনা কৰিলোঁ। ধন্য যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; মোৰ প্ৰভুৰ পুত্ৰৰ বাবে তেওঁৰ আত্মীয়ৰ পৰা কন্যা বিচাৰি আনিবলৈ তেওঁ মোক সঠিক পথত চলায় আনিলে।49এতিয়া মই কওঁ, ‘তুমি যদি মোৰ প্ৰভুৰ পৰিয়ালৰ সৈতে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য হ’বলৈ সন্মত হোৱা, তেনেহলে মোক কোৱা; কিন্তু যদি নহোৱা, তেনেহলেও মোক কোৱা, কিয়নো তেতিয়া মই সোঁফালে বা বাওঁফালে ঘূৰিম।”50তেতিয়া লাবন আৰু বথোৱেলে উত্তৰ দি ক’লে, “এই বিষয় যিহোৱাৰ পৰা আহিল; সেয়ে এই বিষয়টো ভাল বা বেয়া বুলি আমি তোমাক ক’ব নোৱাৰিম।51চোৱা, ৰিবেকা তোমাৰ ওচৰতে আছে; তাইক লৈ যোৱা; যিহোৱাই কোৱাৰ দৰেই তাই তোমাৰ প্ৰভুৰ পুত্ৰৰ ভাৰ্যা হওক।”52যেতিয়া অব্ৰাহামৰ দাসে তেওঁলোকৰ কথা শুনিলে, তেতিয়া তেওঁ মাটিত আঠুকাঢ়ি যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।53পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্র উলিয়াই ৰিবেকাক দিলে, আৰু তেওঁৰ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে।54পাছত তাতে তেওঁ আৰু তেওঁৰ লগত অহা লোকসকলে ভোজন-পান কৰিলে আৰু ৰাতিটো থাকিল। তাতে ৰাতিপুৱা তেওঁলোক যেতিয়া উঠিল, তেতিয়া সেই দাসে ক’লে, “এতিয়া মোৰ প্ৰভুৰ ওচৰলৈ মোক যাবলৈ দিয়ক।”55তেতিয়া তেওঁৰ ককায়েক আৰু মাকে ক’লে, “আমাৰ লগত পুনৰ কিছু দিনলৈ কন্যাজনী থাকক; অতি কমেও দহ দিন মান থাকক। তাৰ পাছত তেওঁ যাব।”56কিন্তু তেওঁ তেওঁলোকক ক’লে, “যিহোৱাই মোৰ যাত্ৰা সফল কৰিছে; এতেকে মোক পলম কৰি নাৰাখিব; মই মোৰ প্ৰভুৰ ওচৰলৈ যাওঁ, মোক বিদায় দিয়ক।”57তেতিয়া তেওঁলোকে ক’লে, “আমি আমাৰ ছোৱালীক মাতি আনো আৰু তেওঁৰ মুখৰ কথা শুনো।”58তাৰ পাছত তেওঁলোকে ৰিবেকাক মাতি আনি সুধিলে, “তুমি এই জন মানুহৰ লগত যাবা নে?” তেতিয়া তেওঁ উত্তৰ দিলে, “হয়, মই যাম।”59তেতিয়া তেওঁ নিজ ভনী ৰিবেকা আৰু ৰিবেকাৰ আলপৈচান ধৰা দাসীগৰাকীক অব্ৰাহামৰ দাস আৰু তেওঁৰ সৈতে অহা লোকসকলৰ লগত যাত্রা কৰিবলৈ পঠিয়াই দিলে।60তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”61তেতিয়া ৰিবেকা আৰু তেওঁৰ দাসীয়ে আহি উটত উঠিল আৰু সেই লোকজনক অনুসৰণ কৰিলে। তাতে সেই দাসে ৰিবেকাক লগত ল’লে আৰু তেওঁৰ পথত যাত্রা কৰিব ধৰিলে।62সেই সময়ত ইচহাকে নেগেভত বাস কৰিছিল, আৰু তেওঁ বেৰ-লহয়-ৰোৱীৰ পৰা উভতি আহিছিলহে মাত্র।63ইচহাকে সন্ধিয়া সময়ত কোনো বিষয় বিবেচনা কৰি পথাৰলৈ গৈছিল। তাতে তেওঁ যেতিয়া চকু তুলি চালে, তেতিয়া উটবোৰক আহি থকা দেখিলে।64তাতে ইচহাকক যেতিয়া ৰিবেকাই দেখা পালে, তেতিয়া তেওঁ লগে লগে উটৰ পৰা নামিল।65আৰু সেই দাসক তেওঁ সুধিলে, “আমাক সাক্ষাত কৰিবলৈ পথাৰৰ মাজেদি খোজকাঢ়ি আহি থকা সেইজন কোন?” সেই দাসে ক’লে, “এইজন মোৰ প্ৰভু।” তেতিয়া ৰিবেকাই ওৰণি ল’লে আৰু নিজকে ঢাকিলে।66পাছত সেই দাসে নিজে কৰা সকলো কাৰ্যৰ কথা ইচহাকক জনালে।67তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন আদি 24 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/genesis/024.mp3 50 24