× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 আদি আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 35 12345678910111213141516171819202122232425262728293031323334353637383940414243444546474849501 1 1 : 1 12345678910111213141516171819202122232425262728291 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন আদি 35 नोट सहेजें 1তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।”2তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা।3তাৰ পাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যিজনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল।”4তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।5পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।6এইদৰে যাকোব আৰু তেওঁৰ লগত থকা আনসকলো কনান দেশৰ লুজ নগৰ অৰ্থাৎ বৈৎএল গৈ পালে।7তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈৎএল ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল।8ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত মৈদাম দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ হ’ল।9পদ্দন-অৰামৰ পৰা যাকোব উভটি অহাৰ পাছত, ঈশ্বৰে তেওঁক পুনৰায় দৰ্শন দি আশীৰ্ব্বাদ কৰিলে।10ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে।11ঈশ্বৰে তেওঁক আৰু ক’লে, “ময়েই সৰ্ব্বশক্তিমান ঈশ্বৰ; তুমি বহুবংশ হৈ বাঢ়ি বাঢ়ি যোৱা; তোমাৰ পৰা এক জাতি, এনে কি, জাতি সমূহৰ এক সমাজ গঠন হ’ব; তোমাৰ বংশত অনেক ৰজাসকলৰ জন্ম হ’ব।12মই অব্ৰাহাম আৰু ইচহাকক দিয়া দেশ তোমাক আৰু তোমাৰ পাছত তোমাৰ ভাবী-বংশকো দিম।”13ঈশ্বৰে তেওঁৰে সৈতে কথা বতৰা হোৱা ঠাইতে তেওঁক এৰি ওপৰলৈ উঠি গ’ল।14যাকোবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা শিলৰ স্তম্ভ স্থাপন কৰিলে আৰু তাৰ ওপৰত পেয় নৈবেদ্য উৎসর্গ কৰিলে। তেওঁ তাৰ ওপৰত তেলো ঢালি দিলে।15ঈশ্বৰে সৈতে কথা বতৰা হোৱা সেই ঠাইৰ নাম যাকোবে বৈৎএল ৰাখিলে।16তাৰ পাছত যাকোব আৰু তেওঁৰ লোকসকলে বৈৎএলৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ইফ্ৰাথ পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ-বেদনা আৰম্ভ হ’ল আৰু তেওঁ বৰকৈ কষ্ট পাবলৈ ধৰিলে।17প্ৰসৱৰ কালত তেওঁৰ বেদনা যেতিয়া ভীষণ বাঢ়ি গ’ল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ’ব।”18কিন্তু ৰাহেলৰ মৃত্যু হ’ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিন-ওনী ৰাখিলে; কিন্তু তাৰ বাপেকে হ’লে তাৰ নাম বিন্যামীন ৰাখিলে।19ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে।20যাকোবে তেওঁৰ মৈদামৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে; সেয়া আজিও ৰাহেলৰ মৈদামৰ চিহ্ন হিচাবে সেই ঠাইত আছে।21তাৰ পাছত ইস্ৰায়েলে তাৰ পৰা আকৌ যাত্ৰা কৰিলে। তেওঁ মিকদল-এদৰ নামৰ ঠাইখন এৰি আগবাঢ়ি গৈ তেওঁৰ তম্বু তৰিলে।22ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন।23লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।24ৰাহেলৰ গর্ভত তেওঁৰ পুত্র যোচেফ আৰু বিন্যামীন।25ৰাহেলৰ দাসী বিলহাৰ গর্ভত তেওঁৰ পুত্র দান আৰু নপ্তালী।26লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ।27শেষত যাকোব কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইচহাকে বাস কৰিছিল।28ইচহাক এশ আশী বছৰ জীয়াই আছিল।29ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন আদি 35 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/genesis/035.mp3 50 35