× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ চমূ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 13 1234567891011121314151617181920212223241 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738391 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ চমূ 13 नोट सहेजें 1তাৰ পাছত এনেকুৱা ঘটনা হ’ল, যে, দায়ূদৰ পুত্ৰ অবচালোমৰ তামাৰ নামেৰে এজনী শুৱনি ভনীয়েক আছিল। আৰু দায়ূদৰ পুত্ৰ অম্নোন তাইলৈ কামাসক্ত হ’ল;2অম্নোনে মনতে এনে দুখ পালে, যে, সি নিজ ভনীয়েক তামাৰৰ কাৰণে নৰিয়া পৰিল৷ তাই কুমাৰী আছিল, আৰু সেই কাৰণে অম্নোনে তাইলৈ কিবা কৰিবলৈ দুসাধ্য বুলি ভাবিলে।3দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাদবৰ নামেৰে অম্নোনৰ এজন বন্ধু আছিল৷ যোনাদব এজন বৰ চতুৰ লোক আছিল।4সি অম্নোনক সুধিলে, হে ৰাজপুত্ৰ তুমি প্ৰতি দিনে এনেকৈ নিৰুৎসাহ হৈছা কিয়? সেই বিষয়ে মোক নোকোৱানে? তেতিয়া অম্নোনে তাক উত্তৰ দি ক’লে, “মোৰ ককাই অবচালোমৰ ভনীয়েক তামাৰলৈ মই প্ৰেমাসক্ত হৈছোঁ।”5তেতিয়া যোনাদৰে তাক ক’লে, “তুমি নিজৰ খাটৰ ওপৰত শুই নৰিয়াৰ ভাও ধৰা৷ যেতিয়া তোমাৰ পিতৃয়ে তোমাক চাবলৈ আহিব তেতিয়া তেওঁক ক’বা, ‘অনুগ্ৰহ কৰি মোৰ ভনী তামাৰক মোক আহাৰ দিবৰ বাবে মোৰ আগত পঠিয়াই দিয়ক আৰু মোৰ আগত আহাৰ যুগুত কৰা দেখি যেন তাইৰ হাতে ভোজন কৰোঁ, এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক’।”6তেতিয়া অম্নোনে নৰিয়াৰ ভাও ধৰি পৰি থাকিল৷ তাতে ৰজাই তাক চাবলৈ আহোতে, অম্নোনে ৰজাক ক’লে, “মই বিনয় কৰোঁ, মোৰ ভনী তামাৰক মোৰ অসুস্থতাৰ বাবে মোৰ আগত যেন আহাৰ যোগাৰ কৰে আৰু মই তাইৰ হাতে যেন ভোজন কৰোঁ এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক৷”7তেতিয়া দায়ূদে তামাৰৰ ঘৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “এতিয়া তুমি তোমাৰ ককাই অম্নোনৰ ঘৰলৈ গৈ, তাৰ কাৰণে আহাৰ যুগুত কৰি দিয়া।”8তাতে তামাৰ নিজ ককাই অম্নোনে শুই থকা সেই ঘৰলৈ গ’ল৷ তামাৰে আটাগুড়ি লৈ খচি, তেওঁৰ আগতে পিঠা বনালে।9তাই তাৰ সৈতে লৈ গৈ, সেই পিঠা তেওঁক দিলে কিন্তু তেওঁ খাবলৈ অমান্তি হ’ল৷ তেতিয়া অম্নোনে ক’লে, “মোৰ ওচৰৰ পৰা সকলো লোকক বাহিৰলৈ যাবলৈ দিয়া৷” তাতে সকলোৱে তেওঁৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল।10তেতিয়া অম্মোনে তামাৰক ক’লে, “মই তোমাৰ হাতে ভোজন কৰিবৰ কাৰণে খোৱা বস্তুবোৰ মোৰ কোঁঠালিলৈ আনা৷” তেতিয়া তামাৰে নিজ হাতে বনোৱা সেই পিঠা লৈ ভিতৰ কোঁঠালিলৈ তেওঁৰ ককাই অম্নোনৰ ওচৰলৈ গ’ল।11যেতিয়া তাই পিঠা লৈ তেওঁৰ ওচৰলৈ আনিলে, তেতিয়া অম্নোনে তাইক ধৰি ক’লে, “হে মোৰ ভনী, আহা মোৰ লগত শয়ন কৰা।”12তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা!13মই কলৈ গৈ মোৰ মুখ ঢাকিম? আৰু তুমিও ইস্ৰায়েলৰ মাজত এজন লজ্জাহীন মুৰ্খৰ নিচিনা হ’বা। এই হেতুকে এতিয়া মই বিনয় কৰোঁ, তুমি ৰজাৰ আগত জনোৱা কিয়নো তেওঁ মোক তোমালৈ বিয়া দিবলৈ অসন্মত নহ’ব।”14কিন্তু অম্নোনে তাইৰ কথা শুনিবলৈ অসন্মত হ’ল আৰু নিজে তাইতকৈ বলী হোৱা হেতুকে, তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে।15তাৰ পাছত অম্নোনে তাইক অতিশয় ঘিণ কৰিব ধৰিলে৷ তেওঁ যি পৰিমানে তাইলৈ কামাসক্ত আছিল তাতকৈ অধিক পৰিমাণে তাইক ঘিণ কৰিব ধৰিলে। এই হেতুকে অম্নোনে তাইক ক’লে, “উঠি গুচি যোৱা।”16তাতে তাই তেওঁক ক’লে, “এনে নকৰিবা! কিয়নো তুমি মোলৈ কৰা প্ৰথম দোষতকৈ, মোক বাহিৰ কৰি উলিয়াই খেদাতোহে বেচিকৈ বেয়া!” কিন্তু অম্নোনে তাইৰ কথা নুশুনিলে৷17তাৰ সলনি তেওঁ নিজৰ দাসক মাতি ক’লে, “এইক মোৰ ওচৰৰ পৰা উলিয়াই নে আৰু তাইৰ পাছত দুৱাৰৰ ডাং লগাই দে।”18তেতিয়া তেওঁৰ দাসে তাইক বাহিৰ কৰি দি তাইৰ পাছত দুৱাৰৰ ডাং লগাই দিলে। সেই কণ্যাৰ গাত দীঘল অলংকাৰপূর্ণ চোলা আছিল, কিয়নো বিয়া নিদিয়া ৰাজকুমাৰীসকলে সেইৰূপ চোলা পিন্ধে।19তেতিয়া তামাৰে নিজৰ মুৰত ছাঁই ল’লে, আৰু নিজৰ গাত থকা সেই দীঘল অলংকাৰপূর্ণ চোলা ফালি মুৰত হাত দি চিঞৰি কান্দি কান্দি গুচি আহিল।20তাৰ পাছত তাইৰ ককায়েক অবচালোমে তাইক সুধিলে, “তোমাৰ ককাই অম্নোন তোমাৰ লগত আছিল নেকি? কিন্তু এতিয়া হে মোৰ ভনী, মনে মনে থাকা, সি তোমাৰ ককাই; এই কথাত বৰকৈ দুখ নকৰিবা।” তেতিয়াৰে পৰা তামাৰ বিষাদ মনেৰে নিজ ককাই অবচালোমৰ ঘৰত থাকিল।21পাছে দায়ুদ ৰজাই এই সকলো কথা শুনি অতিশয় ক্ৰুদ্ধ হ’ল।22আৰু অবচালোমে অম্নোনক ভাল বেয়া একোকে নক’লে; কিয়নো তেওঁৰ ভনীয়েক তামাৰক অম্নোনে বলাৎকাৰ কৰাৰ কাৰণে অবচালোমে তাক ঘিণ কৰিলে।23সম্পূর্ণ দুবছৰৰ পাছত ইফ্ৰয়িমৰ ওচৰত থকা বালহাচোৰত অবচালোমৰ লোকসকলে মেৰৰ নোম কটা কাম কৰি আছিল৷ তাতে অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক নিমন্ত্ৰণ কৰিলে।24অবচালোমে ৰজাৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আপোনাৰ এই দাসৰ লগত মেৰৰ নোম কটা লোকসকল আছে৷ এই কাৰণে মই বিনয় কৰোঁ, মহাৰাজ আৰু মহাৰাজৰ দাসবোৰ আপোনাৰ এই দাসৰ লগত আহক।”25তাতে ৰজাই অবচালোমক ক’লে, “সেয়ে নহয় বোপা, আমি সকলোৱে নাযাওঁ; গ’লে তোমাৰ অধিক ভাৰহে হ’ব।” তথাপি তেওঁ বৰকৈ ধৰিলে; কিন্তু ৰজাই যাবলৈ মান্তি নহ’ল যদিও তেওঁক আশীৰ্ব্বাদ কৰিলে।26তেতিয়া অবচালোমে ক’লে, “যদি সেয়ে নহয়, তেন্তে মোৰ ভাই অম্নোনক আমাৰ লগত যাবলৈ অনুমতি দিয়ক।” তেতিয়া ৰজাই তেওঁক ক’লে, “অম্নোন তোমাৰ লগত কিয় যাব লাগে?”27অবচালোমে বৰকৈ ধৰাত ৰজাই অম্নোনক আৰু সকলো ৰাজকোঁৱৰক তেওঁৰ লগত যাবলৈ অনুমতি দিলে।28অবচালোমে তেওঁৰ দাসবোৰক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”29তেতিয়া অবচালোমৰ দাসবোৰে তেওঁৰ আজ্ঞাৰ দৰে অম্নোনলৈ কৰিলে। তেতিয়া আন আটাই ৰাজকোঁৱৰসকল উঠি, প্ৰতিজনে নিজ নিজ খছৰৰ পিঠিত উঠি পলাল।30তেওঁলোক বাটত থাকোঁতেই দায়ূদলৈ এই বাতৰি আহিল, বোলে, “অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক বধ কৰিলে, তেওঁলোকৰ এজনো অৱশিষ্ট নাই।”31তেতিয়া ৰজাই উঠি নিজৰ কাপোৰ ফালি মাটিত দীঘল হৈ পৰিল; আৰু তেওঁৰ দাসবোৰেও নিজ নিজ কাপোৰ ফালি ৰজাৰ ওচৰত থিয় হৈ ৰ’ল।32তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ সেই যোনাদবে মাত লগাই ক’লে, “সকলো ৰাজকোঁৱৰ যে হত হ’ল, মোৰ প্ৰভুৱে এনে নাভাবক, কিয়নো কেৱল অম্নোনৰহে মৃত্যু হৈছে। কাৰণ অবচালোমৰ ভনী তামাৰক বলাৎকাৰ কৰা দিনৰে পৰা অবচালোমে ইয়াক থিৰ কৰিছিল।33এতেকে সকলো ৰাজকোঁৱৰ মৰাৰ কথা মোৰ প্ৰভু ৰজাই যেন নিজ মনত ঠাই নিদিয়ে কিয়নো কেৱল অম্নোনহে মৰিছে।”34কিন্তু ইয়াৰ ভিতৰতে অবচালোম পলাল। পাছত ডেকা পৰিয়াই চকু তুলি চাই পৰ্বতৰ কাষৰ পৰা নিজৰ পাছফালে থকা বাটেদি অনেক লোকক অহা দেখিলে।35তাতে যোনাদবে ৰজাক ক’লে, “সৌৱা চাওঁক, ৰাজকোঁৱৰসকল আহিছে; আপোনাৰ দাসৰ কথাৰ দৰে সেয়েই ঘটিল।”36এই কথা কোৱা মাত্ৰকে ৰাজকোঁৱৰসকল আহি পাই, চিঞৰি কান্দিবলৈ ধৰিলে৷ তাতে ৰজা আৰু তেওঁৰ আটাই দাসবোৰেও বৰকৈ কান্দিবলৈ ধৰিলে।37কিন্তু অবচালোম পলাই গচুৰৰ ৰজা অম্মীহোৰৰ পুত্ৰ তল্ময়ৰ ওচৰলৈ গ’ল। দায়ূদে প্ৰতিদিনে নিজৰ পুত্ৰৰ কাৰণে শোক কৰিলে।38এইদৰে অবচালোম পলাই গচুৰলৈ গৈ, তাত তিনি বছৰ থাকিল।39পাছত দায়ুদ ৰজাই অবচালোমৰ ওচৰলৈ যাবলৈ হাবিয়াহ কৰিলে কিয়নো তেওঁ অম্নোনৰ মৃত্যু হোৱাত সেই বিষয়ে শান্ত্বনাপ্ৰাপ্ত হৈছিল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ চমূ 13 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2samuel/013.mp3 24 13