× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ চমূ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 22 1234567891011121314151617181920212223241 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738394041424344454647484950511 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ চমূ 22 नोट सहेजें 1যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷2তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।3মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।4প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।5কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।6চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল।7সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।8তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।9তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল।10তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।11তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল।12আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷13তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল।14যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।15তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে।16যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।17তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷18তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল।19মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।20তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।21যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।22কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷23কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷24তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।25এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে।26যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷27তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা।28তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।29কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷30কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ।31ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।32কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?33ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়।34তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়।35তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷36তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।37তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল।38মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ।39মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।40কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা।41তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ।42তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে।43তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।44তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা।45বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে।46বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল।47যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্রশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক;48যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,49আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা।50এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।51ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।”Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ চমূ 22 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2samuel/022.mp3 24 22