× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰাজা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 10 123456789101112131415161718192021221 1 1 : 1 12345678910111213141516171819202122232425262728291 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰাজা 10 नोट सहेजें 1যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।2তেওঁ অধিক লোকৰ সৈতে যিৰূচালেমলৈ আহিল, লগতে তেওঁ উটৰ পিঠিত সুগন্ধি দ্ৰব্য, বহু পৰিমাণৰ সোণ আৰু বহুমূলীয়া পাথৰ বোজা দি কঢ়িয়াই লৈ আহিল। পাছত তেওঁ যেতিয়া আহি চলোমনৰ ওচৰ পালে, তেতিয়া তেওঁৰ মনৰ সকলো কথা চলোমনৰ ওচৰত মুকলিলৈ ক’লে।3তাতে চলোমনে তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে৷ ৰজাই উত্তৰ নিদিয়াকৈ তেওঁৰ এনে কোনো প্ৰশ্ন নাথাকিল৷4চিবাৰ ৰাণীয়ে যেতিয়া চলোমনৰ সকলো জ্ঞান দেখিবলৈ পালে, তেওঁ নিৰ্মান কৰা ৰাজপ্ৰাসাদ দেখিলে,5তেওঁৰ মেজত থকা আহাৰ, তেওঁৰ দাসবোৰে বহা ঠাইবোৰ, আৰু তেওঁলোকৰ কৰ্মবোৰ, তেওঁলোকে পিন্ধা সাজ-পোচাক, আনকি পান-পাত্ৰ কৰোঁতাসকল, আৰু তেওঁ যিহোৱাৰ গৃহলৈ হোম-বলি উৎসৰ্গ কৰিবলৈ যোৱা পদ্ধতি, এইবোৰ দেখি তেওঁ মুগ্ধ হৈ গৈছিল।6তেতিয়া তেওঁ ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিলোঁ, সেয়ে সঁচা।”7মই আহি যেতিয়ালৈকে নিজ চকুৰে দেখা নাছিলোঁ, তেতিয়ালৈকে মই সেই কথাৰ বিষয়ে বিশ্বাস কৰা নাছিলো৷ আপোনাৰ জ্ঞান আৰু ধনৰ বিষয়ে মোক তেতিয়া আধাও কোৱা নাছিল! মই যি কথা শুনিছিলোঁ আপোনাৰ সেই যশস্যা তাতোকৈয়ো অধিক।8আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য।9যি জনে আপোনাক ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য৷ কিয়নো যিহোৱাই ইস্ৰায়েলক সদাকাললৈকে প্ৰেম কৰে, সেই কাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে।”10তেওঁ ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণি দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক যিমান সুগন্ধি দ্ৰব্য দিলে, সিমান অধিক সুগন্ধি দ্ৰব্য ৰজা চলোমনলৈ কেতিয়াও তেনেকৈ দিয়া হোৱা নাছিল।11হীৰমৰ যি জাহাজে ওফীৰৰ পৰা সোণ আনিছিল, সেই জাহাজৰ দ্বাৰাই ওফীৰৰ পৰা বিস্তৰ অলমূগ কাঠ আৰু বহুমূল্য মণিও আনিছিল।12ৰজাই সেই অলমূগ কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে খুঁটা সাজিছিল আৰু গায়কসকলৰ কাৰণে বীণা আৰু নেবল সজাইছিল; তেনেকুৱা অলমূগ কাঠ আজিলৈকে কেতিয়াও অহা নাই আৰু কোনেও দেখা নাই।13ৰজা চলোমনে চিবাৰ ৰাণীক দিবলৈ বাধ্য হোৱা বস্তুৰ বাহিৰে, তেওঁ যি যি বিচাৰিছিল আৰু যিয়ে খুজিছিল সেই অনুসাৰে তেওঁক সকলো দিলে। তাৰ পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ ঘূৰি গ’ল।14সেই সময়ত এবছৰত চলোমনলৈ ছশ ছয়ষষ্ঠী কিক্কৰ সোণ আহিছিল।15ইয়াৰ বাহিৰেও বেপাৰীসকলৰ পৰা আৰু বণিকসকলৰ বাণিজ্যৰ পৰা তেওঁলোকে চলোমনলৈ সোণ আনিছিল৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমনলৈ সোণ আৰু ৰূপ আনিছিল৷16ৰজা চলোমনে সোণ পিটাই দুশটা বৰ ঢাল সজাইছিল৷ প্ৰত্যেকটো ঢালত ছশ চেকল সোণ প্ৰয়োজন হৈছিল৷17তেওঁ সোণ পিটাই আকৌ তিনিশটা ঢাল যুগুত কৰিলে৷ সেই প্ৰত্যেকটো ঢালত তিনি মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিছিল।18তাৰ পাছত ৰজাই হাতী দাঁতৰ এখন ডাঙৰ সিংহাসন সজালে, আৰু সেই সিংহাসনৰ ওপৰত উত্তম সোণৰ পতা মাৰিলে।19সিংহাসন খনত ছখপিয়া খটখটী আছিল আৰু সিংহাসনৰ ওপৰ ভাগৰ পাছ ফালটো ঘূৰণীয়া আছিল৷ বহা ঠাইৰ দুয়োফালে হাত ৰখাৰ বাবে ব্যৱস্থা আছিল আৰু সেই হাত ৰখা ঠাইৰ কাষত দুইফালে দুটা সিংহৰ মুৰ্ত্তি থিয় কৰোঁৱা আছিল।20সেই ছয়খাপৰ সিংহাসন খনৰ প্ৰতিটো খলপৰ দুই মূৰে এটা এটা কৈ বাৰ টা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনে আকৃতিৰ সিংহাসন আন কোনো ৰাজ্যত নাছিল।21ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল।22সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।23এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল।24ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবৰ বাবে গোটেই পৃথিৱীৰ মানুহে তেওঁক সাক্ষাত কৰিব বিচাৰিছিল।25যিসকল লোক তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকে নিজ নিজ উপহাৰ লৈ আহিছিল; তেওঁলোকে সোণ আৰু ৰূপৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ প্ৰত্যেক বছৰে বছৰে লৈ আহিছিল।26চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক একত্রিত কৰিছিল। তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ তেওঁলোকক নানা ৰথ-নগৰত আৰু যিৰূচালেমতো তেওঁ নিজৰ লগত ৰাখিছিল।27ৰজাৰ লগত ৰূপ যিৰূচালেমৰ মাটিত পোৱা শিলবোৰতকৈয়ো অধিক আছিল৷ তেওঁ এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছবোৰতকৈয়ো অধিক কৰিছিল।28চলোমনৰ যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰ মিচৰ পৰা অনা হৈছিল৷ সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনিছিল।29মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ; এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হৈছিল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰাজা 10 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1kings/010.mp3 22 10