× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰাজা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 19 123456789101112131415161718192021221 1 1 : 1 1234567891011121314151617181920211 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ১ ৰাজা 19 नोट सहेजें 1পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে।2তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”3সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।4কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্রান্তৰ মাজেদি গৈ এজোপা ৰোতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “এয়ে যথেষ্ট, হে যিহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ।”5তাৰ পাছত তেওঁ এজোপা ৰোতম গছৰ তলত বাগৰ দি টোপনি গ’ল। হঠাৎ এজন দূতে তেওঁক চুই ক’লে, “উঠা আৰু ভোজন কৰা।”6তেতিয়া এলিয়াই নিজ মুৰ-শিতানত, তপত শিলত সিজোৱা এটা পিঠা আৰু এটেকেলি পানী দেখিলে। তেতিয়া তেওঁ ভোজন কৰি পুনৰায় বাগৰ দিলে।7পাছত যিহোৱাৰ দূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আহি তেওঁক ষ্পৰ্শ কৰি ক’লে, “উঠা আৰু ভোজন কৰা, কিয়নো এই যাত্ৰাৰ বাবে তোমাক অধিক শক্তিৰ প্রয়োজন।”8তেতিয়া তেওঁ উঠি ভোজন-পান কৰিলে আৰু সেই আহাৰৰ শক্তিৰেই চল্লিশ দিন চল্লিশ ৰাতি যাত্ৰা কৰি যিহোৱাৰ পৰ্ব্বত হোৰেব পালে।9তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”10তেতিয়া এলিয়াই উত্তৰ দিলে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”11যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।12ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।13সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”14এলিয়াই উত্তৰ দি ক’লে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনাৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে আৰু আপোনাৰ ভাববাদীসকলকো তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”15তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি নিজ বাটে উলটি দম্মেচকৰ মৰুপ্ৰান্তলৈ যোৱা আৰু যেতিয়া তুমি তাত উপস্থিত হ’বা, তেতিয়া তুমি অৰামৰ ওপৰত ৰজা হ’বলৈ হজায়েলক অভিষেক কৰিবা;16আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহূক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল-মহোলাত থকা চাফটৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।17সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহূৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।18কিন্তু ইস্ৰায়েলৰ মাজত মই নিজৰ বাবে সাত হাজাৰ লোক অৱশিষ্ট ৰাখিম, কিয়নো তেওঁলোকৰ কোনো এজনেই বালৰ সন্মুখত আঠুকঢ়া নাই, আৰু তেওঁলোকৰ কোনো এজনৰ মুখে তেওঁক চুমা খোৱা নাই।”19তেতিয়া এলিয়াই সেই ঠাই এৰি গ’ল আৰু চাফটৰ পুত্ৰ ইলীচাক লগ পালে; সেই সময়ত তেওঁ হাল বাই আছিল; বাৰ হাল ষাঁড়-গৰু তেওঁৰ আগত আছিল; আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলীচাৰ ওচৰলৈ আগবাঢ়ি গ’ল আৰু নিজৰ গাৰ চাদৰখন তেওঁৰ গাৰ ওপৰত উৰাই দিলে।20তেতিয়া ইলীচাই ষাঁড়বোৰ এৰি, এলিয়াৰ পাছে পাছে লৰি গ’ল; ইলীচাই তেওঁক ক’লে, “বিনয় কৰোঁ মই মোৰ আই-বোপাইক চুমা খাই আহিবলৈ আপুনি মোক অনুমতি দিয়ক; তাৰ পাছত আপোনাৰ পাছে পাছে চলিম।” তেওঁ ইলীচাক ক’লে, “উলটি যোৱা, কিন্তু মই তোমালৈ যি কৰিলোঁ সেই বিষয়ে ভাবিবা?”21তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ১ ৰাজা 19 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1kings/019.mp3 22 19