× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰাজা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 7 123456789101112131415161718192021221 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738394041424344454647484950511 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ১ ৰাজা 7 नोट सहेजें 1নিজৰ বাবে ৰাজগৃহ নির্মাণ কৰিবলৈ চলোমনৰ তেৰ বছৰ লাগিছিল।2তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।3সেই গৃহৰ চালখন এৰচ কাঠেৰে সজা হৈছিল; আৰু চালখন ধৰি ৰাখিবলৈ শাৰীকৈ ৰখা পোন্ধৰ টা খুটাৰ ওপৰত পঞ্চল্লিশ টা চৌকাঠ আছিল;4কাষৰ দেৱাল দুটাত তিনিযোৰকৈ খুঁটা আছিল আৰু সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷5খিড়িকিয়ে সৈতে সকলো দুৱাৰ আৰু চৌকাঠবোৰ চাৰিচুকীয়া আৰু তিনিযোৰকৈ সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷6তেওঁ স্তম্ভ থকা পঞ্চাশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এক গৃহ আৰু আগত এখন বাৰাণ্ডাৰ সৈতে চালৰ ভাৰ ধৰি ৰখা কিছুমান স্তম্ভ আছিল।7আৰু যি গৃহত চলোমনে বিচাৰ কৰিব, নিজৰ এনে সিংহাসনৰ গৃহ অৰ্থাৎ এখন বিচাৰালয় সাজিছিল। সেই গৃহৰ এফালৰ পৰা আনফাললৈ গোটেই মজিয়া এৰচ কাঠেৰে ঢকা আছিল।8সেই গৃহৰ পাছফালে থকা আন এখন চোতালত, নিজে বাস কৰাৰ বাবে যি গৃহ আছিল, সেই গৃহটোও একেদৰেই সজা হৈছিল। চলোমনে পত্নীৰূপে লোৱা ফৰৌণৰ জীয়েকৰ কাৰণেও সেই গৃহৰ দৰেই এটা গৃহ সাজিছিল।9এই গৃহবোৰ তেওঁ কৰতেৰে কটা সঠিক জোখৰ বহুমুলীয়া শিলেৰে অলংকৃত কৰি নিৰ্ম্মাণ কৰিছিল৷ এই শিলবোৰ গৃহৰ ভেটিৰ পৰা দেৱাললৈকে আৰু বাহিৰৰ বৰ চোতাল খনতো নানা পৰিমাণ অনুসাৰে ভিতৰে বাহিৰে ব্যৱহাৰ কৰা হৈছিল৷10গৃহৰ ভেটিতো আঠ হাত আৰু দহ হাত জোখৰ বহুমূলীয়া ডাঙৰ ডাঙৰ শিলেৰে সজা হৈছিল৷11তাৰ ওপৰত নানা পৰিমাণ অনুসাৰে সঠিক জোখৰ বহুমূলীয়া কটা-শিল আৰু এৰচ কাঠ আছিল।12ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।13পাছত চলোমন ৰজাই মানুহ পঠিয়াই তূৰৰ পৰা হীৰমক অনালে।14হীৰম নপ্তালী ফৈদৰ এজনী বিধবাৰ পুত্ৰ আছিল; তেওঁৰ পিতৃ তূৰীয়াত পিতলৰ কাম কৰা এজন লোক আছিল৷ তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ চলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল৷15তেওঁ পিতলৰ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে আৰু সেই স্তম্ভ দুটাৰ উচ্চতা আৰু পৰিধি ওঠৰ হাত আৰু বাৰ হাত আছিল৷16তেওঁ সেই দুয়োটা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকিয়া পিতলৰ দুটা ৰাজস্তম্ভ সাজিছিল, আৰু এই ৰাজস্তম্ভ দুটা পাঁচ হাত ওখ আছিল৷17স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।18তাতে হীৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশাৰী ডালিম সজাইছিল৷19বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ অাকাৰ লিলি ফুলৰ দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷20স্তম্ভৰ চূড়াৰ ওপৰত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশ টা নিৰ্মিত ডালিমৰ শাৰী আছিল।21পাছত তেওঁ সেই স্তম্ভ দুটা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিছিল৷ তেওঁ সোঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম যাখীন হ’ল আৰু বাঁওফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম বোৱাজ ৰাখিলে।22এই স্তম্ভ দুটাৰ মূৰ লিলি ফুলৰ আকৃতিত সজোৱা আছিল৷ এই দৰে স্তম্ভৰ সজোৱা কাৰ্য সমাপ্ত হৈছিল।23পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷24সেই পাত্ৰটোৰ কাণৰ তলৰ চাৰিওফালে প্ৰত্যেক হাতৰ জোখৰ ভিতৰত দহোটা দহোটাকৈ কোমোৰাৰ আকৃতি আছিল আৰু পাত্ৰটো ঢলা সময়ত সেই কোমোৰাবোৰৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।25সেই সমুদ্ৰ-পাত্ৰটো বাৰটা ষাঁড়-গৰুৰ ওপৰত ৰখা আছিল৷ সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূবলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ’ল৷ সেই ষাঁড়-গৰুবোৰৰ পাছফাল ভিতৰফালে মুখ কৰি আছিল।26সেই সমুদ্ৰ-পাত্ৰ চাৰি আঙুল ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল৷ সেই পাত্ৰত দুই হাজাৰ মোন পানী ধৰিছিল।27হীৰমে পিতলৰ দহোটা আধাৰ নিৰ্মাণ কৰিলে; প্ৰত্যেক আধাৰ দীঘে চাৰি হাত, বহলে চাৰি হাত আৰু উচ্চতাত তিনি হাত।28সেই আধাৰবোৰ এইদৰে সজা হ’ল৷ সেইবোৰৰ মাজডোখৰ খাল পৰা আছিল আৰু সেই খাল পৰা ঠাই বাৰৰ মাজে মাজে আছিল,29সেই বাৰৰ মাজৰ খাল পৰা ঠাইত সিংহ, গৰু আৰু কৰূবৰ আকৃতিত সজোৱা আছিল৷ সেই সিংহ আৰু ষাঁড়-গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল৷30প্ৰত্যেক আধাৰত চাৰিটাকৈ পিতলৰ চকা আৰু পিতলৰ ধুৰা আছিল; তাৰ চাৰিটা খুৰাৰ তলত প্ৰক্ষালন-পাত্ৰ-ধৰা সুবিধা আছিল আৰু প্ৰত্যেকটোৰ দাঁতিত মালাৰ আকৃতিত সঁচা আছিল।31তাৰ মুখ বৈঠকৰ আকৃতিৰ দৰে ঘূৰণীয়া আৰু ডেৰ হাত জোখৰ আৰু এহাত উচ্চতাৰ এখন কিৰীটিৰ মাজত ৰখা আছিল৷ তাৰ মুখৰ দাঁতিতোত খোদিত নক্সা কৰা আছিল আৰু তাৰ ফলকবোৰ বর্গৰূপে নাছিল কিন্তু ঘূৰণীয়া আছিল৷32চকা চাৰিটা সেই ফলকবোৰৰ তলত আৰু সেই চকাৰ ধুৰা আধাৰৰ লগত আছিল; প্ৰত্যেক চকা ডেৰ হাত ওখ আছিল।33সেই চকাবোৰ ৰথৰ চকাৰ দৰে সজা হৈছিল৷ তাৰ ধুৰা, পুঠি, পাহি আৰু মাদলি সকলো ঢলা আছিল।34প্ৰত্যেক আধাৰৰ চাৰি চুকত চাৰিটা প্ৰক্ষালন-পাত্ৰ-ধৰা ব্যৱস্থা আছিল; সেই প্ৰক্ষালন-পাত্ৰ-ধৰাবোৰ আধাৰৰ লগত সাঁচত গঢ়া হৈছিল।35সেই আধাৰৰ মূৰত আধা হাত দ-কৈ এটা ঘূৰণীয়া সাঁফৰ আছিল আৰু আধাৰৰ ওপৰ-ভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল।36ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰৰ খালি ঠাইবোৰ ঢকাকৈ হীৰমে কৰূব, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঠি দিছিল৷37এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল।38পাছত হীৰমে পিতলৰ দহ টা প্ৰক্ষালন-পাত্ৰ সাজিছিল৷ প্ৰত্যেকটো পাত্ৰত চল্লিশ মোন কৈ পানী ধৰিছিল। প্ৰত্যেক পাত্ৰ চাৰি হাত জোখৰ আছিল৷ প্ৰত্যেকটো পাত্ৰ সেই দহ টা আধাৰৰ ওপৰত ৰখা হৈছিল৷39তেওঁ গৃহৰ দক্ষিণফালে পাঁচোটা আধাৰ আৰু উত্তৰফালে পাঁচোটা আধাৰ ৰাখিছিল৷ তেওঁ গৃহৰ পূৱদিশে দক্ষিণফালে সমুদ্ৰ-পাত্ৰটো স্থাপন কৰিছিল।40হীৰমে সেই প্ৰক্ষালন-পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। এইদৰে হীৰমে ৰজা চলোমনৰ বাবে যিহোৱাৰ গৃহত সম্পূৰ্ণৰূপে নিৰ্মান কৰি উঠা কাৰ্যবোৰ হ’ল:41সেই স্তম্ভ দুটা আৰু তাৰ মূৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা আৰু তাক ঢাকিবলৈ যি দুখন অলংকাৰপূর্ণ জালি কটা কাম কৰা হৈছিল৷42তেওঁ সেই দুযোৰ অলংকাৰপূর্ণ জালৰ কাৰণে সেই চাৰিশ ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ কাৰণে দুশাৰী ডালিম43আৰু দহ টা আধাৰ, আৰু দহ টা আধাৰৰ ওপৰত দহ টা প্ৰক্ষালন পাত্ৰ,44সেই সমুদ্ৰ-পাত্ৰ, আৰু সেই সমুদ্ৰ-পাত্ৰৰ তলৰ বাৰটা ষাঁড়-গৰু,45ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰ - হীৰমে এইবোৰ নিৰ্মান কৰিছিল ৰজা চলোমনৰ বাবে, যিহোৱাৰ গৃহৰ বাবে; তেওঁ এইবোৰ চক্চকিয়া পিতলেৰে নিৰ্মান কৰিছিল।46ৰজাই এইবোৰ যৰ্দ্দনৰ চুক্কোৎ আৰু চৰ্তনৰ মধ্যৱৰ্তী সমতল ভূমিত তৈয়াৰ কৰিবলৈ দিছিল, এইবোৰ আলতীয়া মাটিৰ সাঁচত ঢালি তৈয়াৰ কৰা হৈছিল।47চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।48চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷49অন্তঃস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মান কৰোঁৱাইছিল।50নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।51এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ১ ৰাজা 7 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1kings/007.mp3 22 7