× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ ৰাজা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 11 123456789101112131415161718192021222324251 1 1 : 1 1234567891011121314151617181920211 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ ৰাজা 11 नोट सहेजें 1যিহূদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্রৰ মৃত্যু হ’ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানকে বধ কৰিলে।2কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে।3যোৱাচক লৈ যিহোচেবা যিহোৱাৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত যিহূদা দেশত অথলিয়াই শাসন কৰিছিল।4সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।5তাৰ পাছত তেওঁ তেওঁলোকক নির্দেশ দি ক’লে, “আপোনালোকে এই কাম কৰিব লাগিব: আপোনালোকৰ যিসকলে বিশ্রামবাৰে কাম কৰিবলৈ যাব, তেওঁলোকৰ তিনি ভাগৰ এভাগে ৰাজগৃহ পহৰা দিব।6এক ভাগ ছুৰ দুৱাৰত থাকিব আৰু এক ভাগ ৰক্ষক-সেনাগৃহৰ পাছফালৰ দুৱাৰত থাকিব।”7আপোনালোকৰ অন্য দুটা দল, যিসকলে বিশ্রামবাৰে ছুটি পাব, তেওঁলোক সকলোৱে যিহোৱাৰ গৃহত ৰজা যোৱাচক পহৰা দিব।8আপোনালোক প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰজাক চাৰিওফালে ঘেৰি ৰাখিব। আপোনালোকৰ শাৰীৰ মাজত যেয়ে সোমাই আহিব তেওঁকে বধ কৰা হওঁক; ৰজা বাহিৰ বা ভিতৰ য’লৈকে যাওঁক, আপোনালোক তেওঁৰ সঙ্গে সঙ্গে থাকিব।9সেইদৰেই পুৰোহিত যিহোয়াদাই যিদৰে নির্দেশ দিলে, শত-সেনাপতিসকলে সেই সকলোকে কৰিলে। তেওঁলোক প্ৰতিজনে নিজৰ নিজৰ লোকসকলক অর্থাৎ যিসকলে বিশ্ৰাম বাৰে কাম কৰিবলৈ আহিছিল আৰু যিসকলে কামৰ পৰা ছুটি কৰিছিল, সেই সকলোকে লৈ যিহোয়াদা পুৰোহিতৰ ওচৰলৈ আহিল।10পুৰোহিত যিহোয়াদাই তেতিয়া ৰজা দায়ুদৰ যি সকলো যাঠি আৰু ঢাল যিহোৱাৰ গৃহত আছিল, সেইবোৰ লৈ শত-সেনাপতিসকলক দিলে।11ৰক্ষক-সেনাবোৰৰ প্রত্যেকেই ৰজাৰ চাৰিওফালে হাতত নিজৰ অস্ত্র লৈ মন্দিৰৰ সোঁ ফালৰ পৰা বাওঁ ফাললৈকে যজ্ঞবেদীৰ কাষে কাষে থিয় হৈ থাকিল।12তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱি হওঁক।”13ৰক্ষক-সেনা আৰু লোকসকলৰ কোলাহল শুনি মহাৰাণী অথলিয়া যিহোৱাৰ গৃহলৈ লোক সকলৰ কাষলৈ আহিল।14তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”15পুৰোহিত যিহোয়াদাই তেতিয়া যিসকলৰ ওপৰত সেনাদলৰ ভাৰ আছিল, সেই শত-সেনাপতিসকলক নির্দেশ দিলে, “তেওঁক শাৰীবোৰৰ মাজলৈ বাহিৰলৈ লৈ আনা। তেওঁৰ সমর্থক যিকোনো লোক তেওঁৰ পাছে পাছে বাহিৰলৈ আহিব, তেওঁক তৰোৱালেৰে বধ কৰিব।” কিয়নো পুৰোহিতে কৈছিল, “তেওঁক যেন যিহোৱাৰ গৃহৰ ভিতৰত বধ কৰা নহয়।”16সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱা ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ’ল।17তাৰ পাছত যিহোয়াদাই যিহোৱা, ৰজা যোৱাচ আৰু প্রজাসকলৰ মাজত এক চুক্তি কৰিলে। এই চুক্তিত কোৱা হ’ল যে, ৰজা আৰু প্রজা উভয়েই যিহোৱাৰ লোক হৈ চলিব। তেওঁ ৰজা আৰু প্রজা পৰস্পৰৰ মাজতো এক চুক্তি কৰিলে।18তাৰ পাছত দেশৰ সকলো লোকে একেলগে বাল দেৱতাৰ মন্দিৰলৈ গৈ তাক ভাঙি পেলালে; সেই ঠাইৰ বেদী আৰু মূৰ্ত্তিবোৰ ভাঙি খণ্ড-বিখণ্ড কৰিলে। তেওঁলোকে বাল দেৱতাৰ পুৰোহিত মত্তনকো বেদীবোৰৰ সন্মুখত বধ কৰিলে। পাছত পুৰোহিত যিহোয়াদাই যিহোৱাৰ গৃহত ৰক্ষক-সেনাসকলৰ নিযুক্ত কৰিলে।19তাৰ পাছত যিহোয়াদাই শত-সেনাপতি, দেহৰক্ষী, ৰক্ষক-সেনাসকল আৰু দেশৰ সকলো লোকক লগত লৈ যিহোৱাৰ গৃহৰ পৰা ৰজা যোৱচক উলিয়াই আনিলে। তেওঁলোকে ৰক্ষক-সেনাসকলৰ দুৱাৰৰ বাটেদি ৰাজগৃহলৈ আহিল সোমাই আহিল। এইদৰে যোৱাচ ৰাজ সিংহাসনত বহিল।20দেশৰ সকলো প্রজাই আনন্দ কৰিবলৈ ধৰিলে আৰু নগৰখনত শান্তি ঘূৰি আহিল। অথলিয়াক ৰাজগৃহত তৰোৱালেৰে বধ কৰাৰ কাৰণে দেশৰ সকলো মানুহে আনন্দ কৰিলে।21যোৱাচে যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ ৰাজা 11 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2kings/011.mp3 25 11