× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ ৰাজা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 14 123456789101112131415161718192021222324251 1 1 : 1 12345678910111213141516171819202122232425262728291 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ২ ৰাজা 14 नोट सहेजें 1ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে।2তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহোৱাদ্দন। তেওঁ যিৰূচালেম নগৰৰ বাসিন্দা আছিল।3যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল; তথাপিও তেওঁৰ পূর্বপুৰুষ দায়ূদৰ নিচিনা নাছিল; তেওঁ তেওঁৰ পিতৃ যোৱাচৰ দৰে সকলো কৰ্ম কৰিছিল।4কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোমবলি দিছিল আৰু ধূপ জ্বলাই আছিল।5ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি দাসবোৰে ৰজা অর্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল, তেওঁলোকক তেওঁ বধ কৰিলে।6কিন্তু ঘাতকসকলৰ পুত্রসকলক হ’লে তেওঁ বধ কৰা নাছিল; মোচিৰ বিধান পুস্তকত যি লিখা আছিল, তেওঁ সেই দৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহোৱাই এইদৰে কৈছে, “সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ-মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ’ব। কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব।”7অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।8তাৰ পাছত তেওঁ যেহূৰ নাতি, অর্থাৎ যিহোৱাহজৰ পুত্ৰ ইস্রায়েলৰ ৰজা যিহোৱাচলৈ মানুহ পঠাই ক’লে, “আহঁক, আমি যুদ্ধৰ কাৰণে মুখা-মুখি হওঁ।”9কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে।10ইদোমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে। গতিকে জয়ৰ অহংকাৰ কৰক; তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহূদাৰো ধ্বংস মাতি আনিছে?”11কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে, ইস্ৰায়েলৰ ৰজা যিহোৱাচে তেওঁক আক্রমণ কৰিলে; তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল।12ইস্ৰায়েলৰ হাতত যিহূদা সম্পূর্ণৰূপে পৰাস্ত হ’ল আৰু সকলোৱেই নিজৰ নিজৰ ঘৰলৈ পলাই গ’ল।13ইস্ৰায়েলৰ ৰজা যিহোৱাচে বৈৎচেমচত যিহূদাৰ ৰজা অমচিয়াক বন্দী কৰি যিৰূচালেমলৈ লৈ আহিল। অমচিয়া যোৱাচৰ পুত্র আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহোৱাচে যিৰূচালেমলৈ আহি ইফ্ৰয়িমৰ দুৱাৰৰ পৰা কোণৰ দুৱাৰ পর্যন্ত প্ৰায় চাৰিশ হাত দীঘল যিৰূচালেমৰ প্রাচীৰ ভাঙি পেলালে।14যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।15যিহোৱাচে কৰা কাৰ্যৰ অন্যান্য বৃতান্ত, তেওঁৰ পৰাক্ৰমৰ কথা আৰু যিহূদাৰ অমচিয়া ৰজাৰ লগত তেওঁ যুদ্ধ কৰা কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?16পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।17ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ মৃত্যুৰ পাছত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই আৰু পোন্ধৰ বছৰ জীয়াই থাকিল।18অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহূদাৰ “ৰজাসকলৰ ইতিহাস-পুস্তক” খনত লিখা নাই?19তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।20তেওঁলোকে তেওঁৰ শৱটো ঘোঁৰাৰ পিঠিত তুলি যিৰূচালেমলৈ লৈ আনিলে আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল।21পাছত যিহূদাৰ সকলো লোকে অজৰিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ।22ৰজা অমচিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, ৰজা অজৰিয়াই এলৎ নগৰ পুনৰ নির্মাণ কৰিলে আৰু যিহূদাৰ অধীনলৈ আনিলে।23যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।24তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল।25ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।26কিয়নো যিহোৱাই দেখিছিল যে, ইস্ৰায়েলত স্বাধীন বা দাস সকলোৱে কেনেৰূপ কষ্ট ভোগ কৰি আছে; তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।27যিহেতু যিহোৱাই কোৱা নাছিল যে, ইস্ৰায়েলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহোৱাচৰ পুত্ৰ যাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে।28যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?29পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ২ ৰাজা 14 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2kings/014.mp3 25 14