× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ ৰাজা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 22 123456789101112131415161718192021222324251 1 1 : 1 12345678910111213141516171819201 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ ৰাজা 22 नोट सहेजें 1আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।2যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।3যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত, তেওঁ মচুল্লমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক চাফনক এই কথা কৈ যিহোৱাৰ গৃহলৈ পঠাই দিলে,4“আপুনি প্রধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ যাওঁক আৰু তেওঁক কওঁক যে লোকসকলৰ পৰা পোৱা যিহোৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ-ৰক্ষকসকলে জমা কৰে, তাৰ যেন হিচাপ কৰে।5সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।6কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”7কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।8প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।9তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”10লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।11ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।12ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,13“আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”14এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।15তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ যে,16“যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।17কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”18কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’19তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।20‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ ৰাজা 22 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2kings/022.mp3 25 22