× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ বংশা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 13 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 123456789101112131415161718192021221 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ বংশা 13 नोट सहेजें 1যাৰবিয়াম ৰজাৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়াই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷2তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম মীখায়া আছিল৷ তেখেত গিবিয়া নিবাসী উৰিয়েলৰ জীয়েক আছিল। সেই সময়ত অবিয়া আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।3অবিয়াই যুদ্ধাৰু বীৰ পুৰুষ থকা সৈন্য সামন্তৰ চাৰি লাখ মনোনীত লোক লগত লৈ যুদ্ধ কৰিবলৈ গ’ল৷ যাৰবিয়ামে আঠ লাখ মনোনীত বলৱান বীৰপুৰুষ লগত লৈ তেওঁৰ বিৰুদ্ধে বেহু পাতিলে।4অবিয়াই ইফ্ৰয়িমৰ পৰ্বতীয়া অঞ্চলত থকা চমাৰয়িম পৰ্বতৰ ওপৰত থিয় হৈ ক’লে, “হে যাৰবিয়াম আৰু গোটেই ইস্ৰায়েল লোক, মোৰ কথা শুনা!5ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই যে ইস্ৰায়েলৰ ৰাজ্যভাৰ চিৰকাললৈকে দায়ূদক আৰু তেওঁৰ সন্তান সকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা?6তথাপি দায়ূদৰ পুত্ৰ চলোমনৰ দাস নবাটৰ পুত্ৰ যাৰবিয়াম তেওঁৰ প্ৰভুৰ বিৰুদ্ধে উঠি বিদ্ৰোহী হ’ল;7আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল।8আৰু এতিয়া তোমালোকে দায়ূদৰ সন্তান সকলৰ হাতত থকা যিহোৱাৰ ৰাজ্যৰ বিৰুদ্ধে নিজকে সবল কৰিব পাৰিম বুলি ভাবিছাহঁক৷ তোমালোক অতিশয় এক বৃহৎ সৈন্যৰ দল আৰু দেৱতা স্বৰূপে তোমালোকৰ বাবে যাৰবিয়ামে সজা সোণৰ দামুৰি কেইটা তোমালোকৰ লগত আছে।9তোমালোকে যিহোৱাৰ পুৰোহিত হাৰোণৰ সন্তান সকলক আৰু লেবীয়াসকলক খেদি দিয়া নাই জানো? অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো? ইয়াতে যিজনে এটা দমৰা আৰু সাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ’ব পাৰে।10কিন্তু আমাৰ বাবে হ’লে যিহোৱাই আমাৰ ঈশ্বৰ আৰু আমি তেওঁক ত্যাগ কৰা নাই৷ আৰু যিহোৱাৰ পৰিচৰ্যা কৰোঁতা পুৰোহিত হাৰোণৰ সন্তান সকল, আৰু নিজ নিজ কামত লাগি থকা লেবীয়াসকল আমাৰ আছে৷11তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধিয়া বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধিয়া বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।12আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷13কিন্তু যাৰবিয়ামে তেওঁলোকক আক্ৰমণ কৰিবৰ অৰ্থে যুগুত হ’ল আৰু গুপুতে এদল সৈন্য তেওঁলোকৰ পাছ ফাললৈ ঘূৰাই পঠালে; তাতে এদল লোক যিহূদাৰ আগফালে আৰু সেই গুপুতে পঠোৱা দলটো তেওঁলোকৰ পাছফালে আছিল।14পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;15তেতিয়া যিহূদাৰ লোকসকলে সিংহনাদ কৰি উঠিল; যিহূদাৰ লোকসকলে এনে সিংহনাদ কৰোঁতে, ঈশ্বৰে অবিয়াৰ আৰু যিহূদাৰ আগত যাৰবিয়ামক আৰু গোটেই ইস্ৰায়েলক প্ৰহাৰ কৰিলে।16তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিহূদাৰ সন্মুখৰ পৰা পলাল অাৰু ঈশ্বৰে তেওঁলোকক যিহূদাৰ হাতত শোধাই দিলে।17অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।18এইদৰে সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলক বশ কৰা হ’ল; যিহূদাৰ সন্তান সকল জয়ী হ’ল, কিয়নো তেওঁলোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁলোকে ভাৰসা ৰাখিছিল।19পাছত অবিয়াই যাৰবিয়ামৰ পাছে পাছে খেদি গৈ, তেওঁৰ খনদিয়েক নগৰ অৰ্থাৎ বৈৎএল আৰু তাৰ উপনগৰ, যচানা আৰু তাৰ উপনগৰ আৰু ইফ্ৰোণ আৰু তাৰ উপনগৰবোৰ অধিকাৰ ল’লে।20অবিয়াৰ দিনত যাৰবিয়াম কেতিয়াও বলৱান হ’ব নোৱাৰিলে৷ পাছত যিহোৱাই তেওঁক প্ৰহাৰ কৰাত, তেওঁৰ মৃত্যু হ’ল।21কিন্তু অবিয়া বলৱান হৈ উঠিল; তেওঁ চৌদ্ধ গৰাকী মহিলা বিয়া কৰালে৷ তেওঁৰ ঔৰসত বাইশজন পুতেক আৰু ষোল্লজনী জীয়েক জন্ম লৈছিল।22অবিয়াৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ কাৰ্য আৰু তেওঁ কোৱা কথা ইদ্দো ভাববাদীৰ টীকা শাস্ত্ৰখনত লিখা আছে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ বংশা 13 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2chronicles/013.mp3 36 13