× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ বংশা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 28 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 1234567891011121314151617181920212223242526271 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ বংশা 28 नोट सहेजें 1আহজে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল, বিশ বছৰ; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, সেয়া তেওঁ নকৰিলে৷2তাৰ পৰিৱর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; আনকি তেওঁ বাল দেৱতাৰ প্ৰতিমাবোৰ কেচাঁ লো সাঁচত ঢালি সাজিছিল।3তাৰ ওপৰি যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা দূৰ কৰা জাতি সমূহৰ ঘিণলগা ৰীতিৰ দৰে, তেওঁ হিন্নোমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁৰ নিজৰ সন্তান সকলক জুইত দগ্ধ কৰিছিল।4তেওঁ পবিত্ৰ ঠাইবোৰত, পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।5এই হেতুকে তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁক অৰামৰ ৰজাৰ হাতত শোধাই দিছিল৷ তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁৰ অনেক লোকক বন্দী কৰি দম্মেচকলৈ লৈ গ’ল। আহজক ইস্ৰায়েলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ’ল, যিজনে মহা-সংহাৰেৰে তেওঁক পৰাজয় কৰিলে৷6কিয়নো আহজৰ লোকসকল তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে, সেই বাবে ৰমলিয়াৰ পুত্ৰ পেকহে যিহূদাৰ এক লাখ বিশ হাজাৰ লোকক একে দিনাই বধ কৰিলে; তেওঁলোক সকলোৱেই বীৰপুৰুষ আছিল৷7জিখ্ৰী নামেৰে এজন শক্তিশালী ইফ্ৰিমীয়া বীৰে ৰাজকোঁৱৰ মাচেয়াক, ঘৰগিৰী অজ্ৰীকামক আৰু ৰজাৰ প্ৰধান মন্ত্ৰী ইল্কানাক বধ কৰিলে।8তাতে ইস্ৰায়েলৰ সন্তান সকলে, তেওঁলোকৰ দুই লাখ লোকক তেওঁলোকৰ পত্নী আৰু তেওঁলোকৰ ল’ৰা ছোৱালীসকল বন্দী কৰি লৈ গ’ল৷ তেওঁলোকে অনেক বস্তু লুট কৰিলে, আৰু সেই লুটদ্ৰব্যবোৰ চমৰিয়ালৈ লৈ গ’ল।9কিন্তু ওদেদ নামেৰে যিহোৱাৰ এজন ভাববাদী সেই ঠাইত আছিল৷ তেওঁ চমৰিয়ালৈ অহা সেই সৈন্যসামন্তৰ লগত সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল৷ তেওঁ তেওঁলোকক ক’লে, “কিয়নো তোমালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা যিহূদালৈ ক্ৰুদ্ধ হ’ল, সেই কাৰণে তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে; তাতে তোমালোকে আকাশ ঢুকি পোৱা ক্ৰোধেৰে তেওঁলোকক বধ কৰিলা।10এতিয়া যিহূদাৰ আৰু যিৰূচালেমৰ লোকসকলক তোমালোকৰ বন্দী আৰু বেটী কৰি, বশত ৰাখিবলৈ মন কৰিছাহঁক৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তোমালোকৰ নিজৰো জানো পাপবোৰ নাই?11এই হেতুকে এতিয়া মোৰ কথা শুনা: তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা; কিয়নো যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে।”12তেতিয়া ইফ্ৰয়িমৰ সন্তান সকলৰ মাজৰ নির্দিষ্ট কিছুমান অধ্যক্ষ - যিহোহানৰ পুত্ৰ অজৰিয়া, মচিল্লেমোটৰ পুত্ৰ বেৰেখিয়া, চল্লূমৰ পুত্ৰ যিহিষ্কিয়া আৰু সদলয়ৰ পুত্ৰ অমাচাই যুদ্ধ যাত্ৰাৰ পৰা ঘূৰি অহা লোকসকলৰ বিৰুদ্ধে উঠিল;13তেওঁলোকে তেওঁলোকক ক’লে, “তোমালোকে বন্দী কৰি অনা লোকসকলক এই ঠাইলৈ নানিবা, কিয়নো আমাৰ পাপ আৰু দোষবোৰ বঢ়াবৰ অৰ্থে তোমালোকে যিহোৱাৰ গুৰিত আমাক পুনৰ দোষী কৰিবলৈ মন কৰিছাহঁক; কাৰণ আমাৰ দোষ অধিক আৰু ইস্ৰায়েলৰ ওপৰত প্ৰচণ্ড ক্ৰোধ আছে।”14তেতিয়া অস্ত্ৰধাৰী লোকসকলে বন্দী কৰি অনা সেই লোকসকলক আৰু লুটদ্ৰব্যবোৰ অধ্যক্ষসকলৰ আৰু সকলো সমাজৰ আগত এৰি থৈ গ’ল।15পাছত অধ্যক্ষসকলৰ দ্ৱাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল, সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্যৰ বস্তুবোৰ ল’লে, পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে৷ তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে৷ তেওঁলোকক ভোজন পান কৰালে৷ তেওঁলোকৰ আঘাত পোৱা ঘা-বোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুর্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে৷ পাছত সেই লোকসকলক যিৰীহো নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকে লৈ গ’ল৷ এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়৷ তাৰ পাছত তেওঁলোক চমৰিয়ালৈ ঘূৰি আহিল।16সেই সময়ত ৰজা আহজে সাহায্য অনুৰোধ কৰি অচুৰীয়া ৰজাসকলৰ ওচৰলৈ তেওঁৰ দূত পঠিয়ালে।17কিয়নো ইদোমীয়াসকলে পুনৰ আহি যিহূদাক পৰাজয় কৰি অনেক লোকক বন্দী কৰি লৈ গৈছিল।18পলেষ্টীয়াসকলেও নিম্ন ভূমিৰ আৰু যিহূদাৰ দক্ষিণ অঞ্চলৰ নগৰবোৰ আক্ৰমণ কৰিছিল৷ তেওঁলোকে বৈৎচেমচ, অয়ালোন, গদেৰো, উপনগৰে সৈতে চোকো, উপনগৰে সৈতে তিম্না আৰু উপনগৰে সৈতে গিমজো অধীনত কৰি লৈছিল আৰু সেইবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল।19ইস্ৰায়েলৰ ৰজা আহজৰ কাৰণে যিহোৱাই যিহূদাক নত কৰিলে; কিয়নো তেওঁ যিহূদাত কুআচৰণ আৰু যিহোৱাৰ বিৰুদ্ধে অতিশয় অপৰাধ কৰিছিল।20পাছত অচুৰৰ তিলগৎ-পিলনেচৰ ৰজা তেওঁৰ ওচৰলৈ আহি তেওঁক বলৱান নকৰি তেওঁক কষ্টহে দিলে।21কিয়নো অচুৰৰ ৰজাক মূল্যৱান বস্তুবোৰ দিবলৈ আহজে যিহোৱাৰ গৃহৰ আৰু ৰাজ গৃহৰ পৰা আৰু অধ্যক্ষসকলৰ পৰা ধন সম্পত্তি লৈছিল৷ কিন্তু ইয়াৰ দ্বাৰাই তেওঁৰ একো উপকাৰ নহ’ল৷22ৰজা আহজে তেওঁৰ দুখৰ কালতো যিহোৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল।23কিয়নো তেওঁ নিজকে পৰাজয় কৰা দম্মেচকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল৷ তেওঁ কৈছিল, “অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে; এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম; তেতিয়া তেওঁলোকে মোকো সহায় কৰিব।” কিন্তু সেইবোৰেই তেওঁৰ আৰু গোটেই ইস্ৰায়েলৰ সৰ্ব্বনাশৰ কাৰণ হ’ল।24পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল।25তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷26এতিয়া তেওঁ কৰা সকলো কৰ্ম আৰু তেওঁৰ চৰিত্ৰৰ বৃত্তান্ত প্ৰথমৰে পৰা শেষলৈকে সকলো কথা যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।27আহজ তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত লোকসকলে তেওঁক ইস্ৰায়েলৰ ৰজাসকলৰ মৈদামনীত মৈদাম নিদিলে, কিন্তু যিৰূচালেম নগৰৰ মাজত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ হিষ্কিয়া তেওঁৰ পদত ৰজা হ’ল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ বংশা 28 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2chronicles/028.mp3 36 28