× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ বংশা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 30 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 1234567891011121314151617181920212223242526271 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ বংশা 30 नोट सहेजें 1পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে।2কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল।3প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।4এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।5এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।6পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।7তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।8তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।9কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷”10পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবূলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে।11তথাপি আচেৰৰ, মনচিৰ আৰু জবূলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল।12তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।13পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।14আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।15পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে৷ পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।16তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।17কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।18কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবূলূনৰ পৰা অহা এই বৃহৎ সমাবেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক19যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”20সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।21এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।22আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।23পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।24কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ভতৰা, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাঁড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।25আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।26এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।27পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ২ বংশা 30 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2chronicles/030.mp3 36 30