× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ২ বংশা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 7 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 123456789101112131415161718192021221 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ২ বংশা 7 नोट सहेजें 1যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল।2তেতিয়া পুৰোহিতসকলে যিহোৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে; কিয়নো যিহোৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল।3অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”4তাৰ পাছত ৰজা আৰু সকলো প্ৰজাই যিহোৱাৰ আগত বলিদান কৰিলে।5ৰজা চলোমন বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে।6পুৰোহিতসকলে নিজ নিজ সেৱা কৰা ঠাইত থিয় হৈ আছিল; আৰু যিহোৱাৰ ধন্যবাদ কৰি দায়ুদ ৰজাই যিহোৱাৰ গীত গাবৰ কাৰণে যি বাদ্য-যন্ত্ৰ নিৰ্ম্মাণ কৰিছিল, সেই বাদ্যযন্ত্ৰ লেবীয়াসকলে হাতত লৈ থিয় হ’ল আৰু বাদ্য বজাই দায়ূদৰ ৰচিত গীত গাই ক’লে, বোলে, “কিয়নো যিহোৱাৰ দয়া চিৰকাললৈকে থাকে৷” পুৰোহিতসকলেও তেওঁলোকৰ আগত তূৰী বজালে; আৰু গোটেই ইস্ৰায়েল থিয় হ’ল।7চলোমনে যিহোৱাৰ গৃহৰ সম্মুখত থকা চোতালৰ মাজ-মজিয়াটো পবিত্ৰ কৰিছিল৷ সেই ঠাইতেই তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল, কাৰণ তেওঁ সজা পিতলৰ যজ্ঞবেদীয়ে সেই হোমবলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিব নোৱাৰিছিল।8এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগত গোটেই ইস্ৰায়েলে হমাতৰ প্ৰৱেশ স্থানৰ পৰা মিচৰ জুৰিলৈকে সেই উৎসৱ মহা-সমাজে সাত দিন ধৰি পালন কৰিলে।9পাছত অষ্টম দিনা তেওঁলোকে ধৰ্মসভা পাতিলে; কিয়নো তেওঁলোকে সাত দিন যজ্ঞবেদী প্ৰতিষ্ঠা কৰিছিল আৰু সাত দিন উৎসৱ কৰিছিল।10চলোমনে সপ্তম মাহৰ তেইশ দিনৰ দিনা নিজ নিজ তম্বুলৈ লোকসকলক আনন্দিত আৰু সন্তুষ্ট মনেৰে বিদায় দিলে; কিয়নো যিহোৱাই দায়ুদ, চলোমন আৰু তেওঁৰ প্ৰজা ইস্ৰায়েললৈ মঙ্গল কৰিলে৷11এইদৰে চলোমনে যিহোৱাৰ গৃহ আৰু ৰাজগৃহ সাজি সমাপ্ত কৰিলে৷ যিহোৱাৰ গৃহত ও নিজৰ গৃহত যি যি কৰ্ম কৰিবলৈ চলোমনে স্থিৰ কৰিছিল, তেওঁ সেই সকলোকেই সিদ্ধ কৰিলে।12পাছত যিহোৱাই ৰাতি চলোমনক দৰ্শন দি ক’লে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মোৰ যজ্ঞগৃহ বুলি এই ঠাই মনোনীত কৰিলোঁ।13মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ,14তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।15আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ’ব।16কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ; আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।17আৰু তুমিও যদি তোমাৰ পিতৃ দায়ূদৰ দৰে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা আৰু মোৰ বিধি ও শাসন প্ৰণালীবোৰ পালন কৰা,18তেনেহলে মই তোমাৰ ৰাজ সিংহাসন স্থাপন কৰিম, যিদৰে তোমাৰ পিতৃ দায়ূদে সৈতে নিয়ম স্থাপন কৰোঁতে কৈছিলোঁ যে, বোলে, ‘তোমালোকৰ বংশধৰৰ সন্তান সকলে ইস্ৰায়েলৰ ওপৰত শাসন কৰোঁতে তেওঁলোক কেতিয়াও বিফল নহ’ব৷’19কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ, মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেবতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা,20তেনেহ’লে, মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম; আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা এই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম।21আৰু এই যি গৃহ ইমান ওখ হৈছে, ইয়াৰ ওচৰেদি যোৱা প্ৰতিজন লোকে আচৰিত হৈ সুধিব যে, ‘এই দেশলৈ আৰু এই গৃহলৈ যিহোৱাই কিয় এইদৰে কাৰ্য কৰিলে?’22তেতিয়া আন আন লোকসকলে উত্তৰ দি ক’ব, ‘এওঁলোকৰ পূৰ্বপুৰুষসকলে মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক এওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেবতাবোৰত আসক্ত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱাপূজাও কৰিলে৷ এই কাৰণে যিহোৱাই এওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’৷”Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 ২ বংশা 7 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/2chronicles/007.mp3 36 7