× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 যাত্ৰা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 30 123456789101112131415161718192021222324252627282930313233343536373839401 1 1 : 1 12345678910111213141516171819202122232425262728293031323334353637381 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন যাত্ৰা 30 नोट सहेजें 1তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা।2সেয়ে এহাত দীঘল, এহাত বহল হ’ব; আৰু সেই বেদীৰ চাৰিওদিশ সমান হ’ব। ওখই দুহাত; তাৰ শিংবোৰ একে ডোখৰ কাঠেৰে হ’ব লাগিব।3তুমি বেদীটোৰ ওপৰত, চাৰিও ফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা।4তুমি সোণৰ দুটা আঙঠি গঢ়াই, কিনাৰৰ তলত দুই কাষৰ দুই চুকৰ ওপৰত লগাবা। বেদীটো বৈ নিবলৈ আঙঠি দুটা কানমাৰি সুমুউৱাৰ ঠাই হ’ব।5সেই কানমাৰি চিটীম কাঠেৰে সাজিবা, আৰু তাত সোণৰ পতা মাৰিবা।6তুমি ধূপবেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ পৰ্দাৰ আগফালে ৰাখিব লাগিব। সেই পৰ্দা সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণৰ ওচৰত থাকিব। সেই ঠাইতে মই তোমালোকৰ সৈতে সাক্ষাৎ কৰিম।7হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব।8গধূলিও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব।9তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ, বা হোম বলি, বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা, আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা।10বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব।11যিহোৱাই মোচিক কলে,12“তুমি যেতিয়া ইস্ৰায়েলৰ জনসংখ্যা গণনা কৰিবা, তেতিয়া তেওঁলোকৰ প্ৰতিজনে যিহোৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ’ব।13প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ।14বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্রতিজনে গণনা কৰা সময়ত, যিহোৱালৈ উপহাৰ দিব লাগিব।15তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সেই উপহাৰ দিয়াৰ সময়ত, ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব, আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব।16তুমি ইস্ৰায়েলী লোকসকলৰ পৰা সেই প্ৰায়শ্চিত্তৰ ধন ল’ব লাগিব, আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়শ্চিত্তৰ বাবে সেয়ে ইস্ৰায়েলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে যিহোৱাৰ আগত থাকিব।”17যিহোৱাই মোচিক কলে,18“প্রক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ গঢ়াবা, আৰু তাত পিতলৰ খুৰা লগাবা। তুমি সেই প্রক্ষালন পাত্র সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা; আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা।19হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তাত থকা পানী লৈ নিজৰ হাত ভৰি ধুব।20তেওঁলোকে যেতিয়া সাক্ষাৎ কৰা তম্বুত সোমাব, বা যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ দগ্ধ কৰিবলৈ বেদীৰ ওচৰলৈ যাব, তেতিয়া তেওঁলোকৰ যেন মৃত্যু নহয়, সেই কাৰণে তেওঁলোকে নিজৰ হাত ভৰি ধুব।21তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।”22যিহোৱাই মোচিক ক’লে,23“তুমি নিজৰ বাবে বিশেষ বিশেষ সুগন্ধি দ্ৰব্য, অৰ্থাৎ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে, পাঁচশ চেকল গন্ধৰস, আৰু দুশ পঞ্চাশ চেকল সুগন্ধি ডালচেনি, দুশ পঞ্চাশ চেকল সুগন্ধি বচ,24পাঁচ শ চেকল তেজপাত, আৰু এক হিন জিতগছৰ তেল ল’বা।25সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল, অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীয়ে তৈয়াৰ কৰা অনুসাৰে সুগন্ধি তেল যুগুত কৰিবা। সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।26তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক,27মেজ আৰু তাৰ সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপ বেদী,28হোমবেদি আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা।”29সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব।30মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা।31তুমি ইস্ৰায়েলী লোকসকলক কবা, “তোমালোকৰ পুৰুষানুক্ৰমে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।32মানুহৰ গাত সেই তেল ব্যৱহাৰ কৰা নহ’ব। সেই তেলৰ সূত্র অনুসাৰে, সেই তেলৰ দৰে আন কোনো তেল প্রস্তুত কৰা নহ’ব; কাৰণ সেয়ে মোৰ বাবে পবিত্ৰ কৰি সংৰক্ষিত কৰা তেল।33যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”34যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।35সেইবোৰৰ দ্বাৰাই সুগন্ধি-দ্ৰব্য ব্যৱসায়ীৰ সূত্র অনুসাৰে লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰা।36সেই ধূপ গুড়ি কৰি মিহি কৰিবা, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা। সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ’ব।37তুমি যি সুগন্ধি ধূপ প্রস্তুত কৰিবা, সেই সূত্র অনুসাৰে তোমালোকৰ বাবে ধূপ প্রস্তুত নকৰিবা। সেয়ে তোমাৰ মানত যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।38যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন যাত্ৰা 30 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/exodus/030.mp3 40 30