× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 যিৰি আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 46 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051521 1 1 : 1 123456789101112131415161718192021222324252627281 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 যিৰি 46 नोट सहेजें 1জাতি সমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।2মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবূখদনেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ নখোৰ সৈন্য-সামন্তৰ বিষয়:3তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা।4হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা, বৰচা জকমকোওৱা, কৱচ পিন্ধা।5মই কিয় এনেকুৱা দেখিছোঁ? তেওঁলোক ব্যাকুল হৈছে, পাছ হুঁহকি গৈছে; তেওঁলোকৰ বীৰসকল বিহ্বল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচায়; যিহোৱাই কৈছে, চাৰিওফালে ত্ৰাস।6বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে; উত্তৰফালে ফৰাৎ নদীৰ পাৰত তেওঁলোকে উজুটি খাই পৰিছে।7যাৰ জল সমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌ জন কোন?8মিচৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে, আৰু তাৰ জল সমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে। আৰু সি কৈছে, ‘মই বাঢ়ি পৃথিৱী তল নিয়াম, নগৰ আৰু তাৰ নিবাসীসকলক নষ্ট কৰিম।’9হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা: বীৰসকল ঢালধাৰী কুচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লুদীয়া লোকসকল বাহিৰ ওলাওঁক।10কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু যিহোৱাৰ এক যজ্ঞ হৈছে।11হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই।12জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে, কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ’ল।13বাবিলৰ ৰজা নবূখদনেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য:14“তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু তহ্পন্হেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।”15তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে।16তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল; আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।”17তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।”18বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,” “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কৰ্মিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।”19হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা; কিয়নো নোফ উচ্ছন্ন ঠাই হ’ব, দগ্ধ আৰু নিবাসীশূণ্য হ’ব।20মিচৰ অতি সুন্দৰী চেঁউৰী গৰু; কিন্তু উত্তৰ দিশৰ পৰা এটা ডাঁহ আহিল, পালেহি।21তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে। একেবাৰে পলাইছে, থিয়কেই নিদিলে; কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত।22পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব; কিয়নো শত্ৰুৱে সসৈন্যে যাত্ৰা কৰি, কাঠকটীয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব।23যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব; কিয়নো তেওঁলোক অর্থাৎ শত্রুসকল ফৰিঙৰ জাকতকৈয়ো অধিক আৰু অসংখ্য।24মিচৰ জীয়াৰী লজ্জিত হ’ব; তাইক উত্তৰ-দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ’ব।”25ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।26আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব।27“কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।28যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 যিৰি 46 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/jeremiah/046.mp3 52 46