× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 যিৰি আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 49 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051521 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738391 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 যিৰি 49 नोट सहेजें 1অম্মোনৰ সন্তানসকলৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমৰ মূর্তিৰ পূজা কৰাসকলে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?2এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানসকলৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব।3হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।4মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোঁতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্তপ্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা?5বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম; তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ’ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ’ব।6কিন্তু, যিহোৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানসকলৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।7ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?8হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।9তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে? ৰাতি চোৰ আহিলে, সিহঁতে প্ৰয়োজন মতে চুৰ কৰি ক্ষান্ত নহ’ব নে?10কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে।11তোমাৰ পিতৃহীন সন্তানসকলক এৰা, ময়েই সিহঁতক জীয়াই ৰাখিম; আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক।12কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।13কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব।14মই যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল, “তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা”।15কিয়নো, চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু, আৰু মানুহৰ মাজত নীহ কৰিলোঁ।16হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।17ইদোম বিস্ময়ৰ বিষয় হ’ব; তাৰ ওচৰেদি অহা-যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব।18যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।19চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?20এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।21সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে; সিহঁতৰ চিঞৰৰ শব্দ চূফ সাগৰলৈকে শুনা গৈছে।22চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব।23দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।24দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে।25প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল?26এতেকে, বাহিনীসকলৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।27আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।28বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা।29শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস।30যিহোৱাই কৈছে, হে হাচোৰনিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে, আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে।31যিহোৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি ডাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা।32সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।33হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।34যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।35বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম।36আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলোৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উড়ুৱাই দিম; দূৰীকৃত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ’ব।37আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম।38যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম।39কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 যিৰি 49 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/jeremiah/049.mp3 52 49