× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 বিলা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 3 123451 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738394041424344454647484950515253545556575859606162636465661 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 বিলা 3 नोट सहेजें 1যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই।2তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে।3নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়।4তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে।5তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।6বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে।7মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে।8যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।9তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা।10মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে।11তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে।12তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে।13তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে।14মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ।15তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে।16খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে।17তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ।18গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!”19মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ।20মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে।21কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে।22আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!23তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!24মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।25যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।26যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।27যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়।28তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক।29সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে।30সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক,31যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব!32যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব।33কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে।34পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা,35সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা,36আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে?37প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়?38সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?39জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?40আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।41স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক।42“আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা।43তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা।44তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে।45তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা।46আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে।47সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।”48মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে।49মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে;50যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে।51মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে।52শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে।53তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল ।54মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!”55হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ।56যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।57তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!”58হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা।59হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা।60তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা।61হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা।62তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা।63তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়।64হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া।65তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক।66তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 বিলা 3 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/lamentations/003.mp3 5 3