× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 বিলা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 4 123451 1 1 : 1 123456789101112131415161718192021221 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 বিলা 4 नोट सहेजें 1সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।2উত্তম সোণৰ তুল্য চিয়োনৰ বহুমূল্য পুত্ৰসকল কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ’ল!3শিয়ালবোৰেও নিজ নিজ পোৱালিবোৰক পিয়াহ দি প্ৰতিপালনকাৰিণী হয়, কিন্তু মোৰ নিজৰ লোকসকলৰ জীয়ৰীসকলে হ’লে অৰণ্যত থকা উট পক্ষীৰ নিচিনা নিষ্ঠুৰ হ’ল।4পিয়াহ খোৱা কেঁচুৱাৰ জিভা পিয়াহত তালুত লাগিল; শিশুসকলে পিঠা খুজিছে, কিন্তু কোনেও তেওঁলোকক দিয়া নাই।5সুখাদ্য খোৱাসকলে আলিত অনাথ হৈ পৰি আছে; ৰঙা বিছনাত শুই ডাঙৰ-দীঘল হোৱা সকলে গোবৰৰ দ’ম সাবটিছে।6মোৰ জাতিস্বৰূপা জীয়ৰী সকলৰ অপৰাধ, সেই চদোমৰ পাপতকৈয়ো অধিক, যি চদোম মুহুৰ্ত্ততে বিনষ্ট হৈছিল, যদিও কোনো হাতে তাইক ক্ষতিগ্ৰস্ত কৰা নাছিল।7তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল। তেওঁলোকৰ গা পদ্মৰাগ মণিতকৈয়ো ৰঙা আছিল; তেওঁলোকৰ উজ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল।8এতিয়া তেওঁলোকৰ মুখ এঙাৰতকৈ ক’লা হ’ল, আৰু তেওঁলোকক আলিবাটত চিনি পোৱা নাযায়। তেওঁলোকৰ ছাল হাড়ত লাগিল। ই শুকাই কাঠ যেন হ’ল।9ভোকত মৰা লোকতকৈ তৰোৱালৰ দ্বাৰাই হত হোৱা লোক ধন্য, কিয়নো তেওঁলোক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোকৰূপ তৰোৱালেৰে খোচা যেন হৈ ক্ষীণাই গৈছে।10স্নেহৱতী মহিলাসকলে নিজ হাতেৰে নিজ নিজ সন্তান সিজালে; মোৰ জাতিস্বৰূপা জীয়াৰীৰ সংহাৰৰ কালত সিহঁত তেওঁলোকৰ খোৱা বস্তু যেন হৈছে।11যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত জুই জ্বলালে, সেয়ে তাৰ ভিত্তিমূলবোৰ গ্ৰাস কৰিলে।12ইয়াক পৃথিৱীৰ ৰজাসকলে নাইবা আটাই জগত নিবাসীয়ে বিশ্বাস নকৰিব যে, শত্ৰু আৰু বৈৰী যিৰূচালেমৰ দুৱাৰত সোমাব পাৰে।13সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল তাৰ যি ভাববাদীসকলে আৰু তাৰ যি পুৰোহিতসকলে তাৰ ভিতৰত ধাৰ্মিকসকলৰ ৰক্তপাত কৰিছিল।14সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল, যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।15লোকসকলে সিহঁতক ৰিঙিয়াই কৈছিল, “গুচ, হে অশুচি, গুচ, গুচ, নুচুবি!” সিহঁতে পলাই ভ্ৰমণ কৰোঁতে, লোকসকলে জাতিবোৰৰ মাজত কৈছিল, “সিহঁত এই ঠাইত পুনৰ বিদেশী হৈ নাথাকিব!”16যিহোৱাৰ ক্ৰোধে সিহঁতক ছিন্ন-ভিন্ন কৰিলে; তেওঁ সিহঁতলৈ পুনৰ দৃষ্টি নকৰিব। লোক সকলে সেই পুৰোহিতসকলক সন্মান নকৰিলে, সেই বৃদ্ধসকলক দয়া নকৰিলে।17আমি সহায়ৰ বাবে বৃথা আশা কৰোঁতে, আমাৰ চকু দুর্বল হৈ গ’ল, ৰক্ষা কৰিব নোৱাৰা এক জাতিৰ বাবে আমি আমাৰ প্ৰহৰী-ঘৰত চাই আছিলোঁ।18শত্ৰুবোৰে আমাৰ খোজলৈ এনেকৈ খাপ দি আছিল যে, আমাৰ চকবোৰত আমি ফুৰিব নোৱাৰিলোঁ। আমাৰ অন্তিম ওচৰ, আমাৰ দিন ওৰ পৰিল; কিয়নো আমাৰ অন্তিম উপস্থিত।19আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ পক্ষীতকৈও বেগী আছিল। সিহঁতে পৰ্ব্বতত আমাক ধৰোঁধৰোঁকৈ খেদিলে, সিহঁতে মৰুপ্রান্তত আমাৰ বাবে খাপ দিলে।20আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”21হে উচ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা, কাৰণ পান-পাত্ৰটি পাৰ হৈ তোমাৰ ওচৰলৈকো যাব। তাতে তুমি মতলীয়া হৈ নিজকে বিবস্ত্ৰ কৰিবা।22হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 বিলা 4 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/lamentations/004.mp3 5 4