× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 যিহি আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 37 1234567891011121314151617181920212223242526272829303132333435363738394041424344454647481 1 1 : 1 123456789101112131415161718192021222324252627281 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 যিহি 37 नोट सहेजें 1পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল।2তেওঁ সেইবোৰৰ ওচৰে ওচৰে এইদৰে চাৰিওফালে মোক ফুৰালে। আৰু চোৱা! সেই উপত্যকাটিত অনেক অনেক হাড় আছিল। আৰু চোৱা! সেইবোৰ অতি শুকান।3তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান,এই হাড়বোৰ জীৱ পাৰেনে?” তেতিয়া মই ক’লোঁ, “হে প্ৰভু যিহোৱা, আপুনিহে জানে!”4তেতিয়া তেওঁ মোক ক’লে, “তুমি এই হাড়বোৰৰ আগত ভাববাণী প্ৰচাৰ কৰা, আৰু এইবোৰক কোৱা, ‘হে শুকান হাড়বিলাক! যিহোৱাৰ বাক্য শুনা।5প্ৰভু যিহোৱাই এই হাড়বোৰক এই কথা কৈছে: “চোৱা! মই তোমালোকৰ ভিতৰত নিশ্বাস সুমুৱাম; তাতে তোমালোক জীৱা।6আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”7পাছত মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল, মৰ মৰ শব্দ হ’ল। আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল।8আৰু মই চাই দেখিলোঁ, সেইবোৰত সিৰ হ’ল, মাংস উৎপন্ন হ’ল, আৰু সেইবোৰক ছালে ঢাকিলে! কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণ-বায়ু নাছিল।9তেতিয়া তেওঁ মোক ক’লে, “বায়ুৰ আগত ভাববাণী প্ৰচাৰ কৰা! হে মনুষ্য সন্তান ভাববাণী প্ৰচাৰ কৰি বায়ুক কোৱা ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে বায়ু চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোওৱা’।”10তেতিয়া তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে! আৰু তেতিয়া অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।11আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’12এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে মোৰ প্ৰজাসকল, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম! আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম!13তেতিয়া হে মোৰ প্ৰজাসকল, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, ইয়াকে তোমালোকে জানিবা।14আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম, তেতিয়া তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহুৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ’।” তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।15তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,16“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি নিজৰ কাৰণে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তান সকল।’ আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ।’17আৰু সেই দুডাল তোমাৰ হাতত এডাল হ’বৰ কাৰণে এডালৰ লগত আন ডাল লগ লগাই তোমাৰ কাৰণে এডাল কৰা।18‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানসকলে যেতিয়া তোমাক সুধিব,19তেতিয়া তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবোৰক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁলোক মোৰ হাতত এডাল হ’ব!’20তেতিয়া তুমি লিখা কাঠ দুডাল তেওঁলোকৰ আগত তোমাৰ হাতত থাকিব।21আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তান সকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।22পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁলোকৰ আটাইৰে ৰজা হ’ব; তেওঁলোক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।23আৰু তেওঁলোকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণলগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁলোকে পাপ কৰা তেওঁলোকৰ আটাই বাসস্থানৰ পৰা মই তেওঁলোকক ৰক্ষা কৰিম, আৰু তেওঁলোকক শুচি কৰিম; তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।24আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।25আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁলোকে বাস কৰিব; তেওঁলোকে তেওঁলোকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁলোকৰ অধিপতি হ’ব।26ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম।27মোৰ আবাসো তেওঁলোকৰ লগত থাকিব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব!28আৰু যেতিয়া মোৰ ধৰ্মধাম তেওঁলোকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবোৰে জানিব’!”Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 যিহি 37 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/ezekiel/037.mp3 48 37