× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 লেবীয়া আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 16 1234567891011121314151617181920212223242526271 1 1 : 1 123456789101112131415161718192021222324252627282930313233341 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন লেবীয়া 16 नोट सहेजें 1হাৰোণৰ যি দুজন পুত্ৰ যিহোৱাৰ ওচৰলৈ গ’ল, তেওঁলোকৰ মৃত্যুৰ পাছত যিহোৱাই মোচিক কৈছিল।2যিহোৱাই মোচিক এই কথা ক’লে, “হাৰোণ নমৰিবৰ বাবে, চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মূখলৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ পবিত্ৰ-স্থানলৈ সকলো সময়ত নোসোমাবৰ বাবে আজ্ঞা কৰা; কিয়নো মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম।3হাৰোণে এইদৰে পবিত্ৰ স্থানত সোমাব লাগিব। তেওঁ পাপাৰ্থক বলিৰ বাবে এটা দমৰা গৰু আৰু হোমৰ অৰ্থে এটা মতা মেৰ লগত ল’ব।4তেওঁ শণ সুতাৰ পবিত্ৰ বস্ত্ৰখন গাত লব, শণৰ জাঙিয়াটো পিন্ধিব, শণৰ টঙালি গছ কঁকালত বান্ধিব আৰু পাগটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্ত্ৰ; তেওঁ পানীত গা ধুই, এইবোৰ পিন্ধিব।5পাছত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ দুটা ছাগলী আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল’ব।6আৰু হাৰোণে পাপাৰ্থক বলিৰ বাবে দমৰা গৰুটো আনি, নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব।7তেতিয়া তেওঁ নিশ্চয়কৈ ছাগলী দুটা ল’ব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ আগত উপস্থিত হ’ব।8তেতিয়া হাৰোণে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব; এটা গুটি যিহোৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ’ব।9তেতিয়া যি ছাগলী যিহোৱাৰ নামত উঠিব, হাৰোণে সেই ছাগলীটো লৈ পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।10কিন্তু যি ছাগলীৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰ্থাৎ ভিতৰলৈ পঠিয়াবৰ কাৰণে, তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সন্মূখত তাক জীয়াই উপস্থিত কৰিব লাগিব।11তেতিয়া হাৰোণে নিজৰ বাবে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব। তেওঁ নিজৰ বাবে লোৱা সেই পাপাৰ্থক বলিৰ বাবে অনা দমৰা গৰুটো কাটিব।12হাৰোনে যিহোৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা-ধৰাত ভৰাই ল’ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব।13আৰু তেওঁ নমৰিবলৈ সাক্ষ্য ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই কাৰণে সেই সুগন্ধি ধূপ যিহোৱাৰ সন্মূখত থকা জুইত দিব।14তেতিয়া তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ, পূবফালে থকা পাপাবৰণত আঙুলিৰে ছঠিয়াব আৰু আঙুলিৰে পাপাবৰণৰ সন্মুখতো সেই তেজৰ কিছু লৈ সাতবাৰ ছটিয়াব।15তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।16এইদৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে, তেওঁলোকৰ আটাই পাপৰ কাৰণেই তেওঁ পবিত্ৰ স্থান প্ৰায়শ্চিত্ত কৰিব; আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে তাকো সেইদৰে কৰিব।17আৰু প্ৰায়শ্চিত্ত কৰিবলৈ পবিত্ৰ স্থানত তেওঁ সোমোৱাৰে পৰা নিজক, নিজ বংশক আৰু ইস্ৰায়েলৰ গোটেই সমাজক প্ৰায়শ্চিত্ত সম্পূৰ্ণকৈ প্ৰায়শ্চিত্ত নকৰালৈকে, কোনো কোনো লোক সেই সাক্ষাৎ কৰা তম্বুত নাথাকিব।18তেওঁ যিহোৱাৰ সন্মূখত থকা বেদীৰ ওচৰলৈ ওলাই গৈ তাক প্ৰায়শ্চিত্ত কৰিব। তেওঁ সেই দমৰাটোৰ অলপ তেজ আৰু ছাগলীটোৰ অলপ তেজ লৈ বেদীৰ চাৰিওফালৰ শিং কেইটাত লগাই দিব।19আৰু তেওঁ নিজ আঙুলিৰে তেজৰ কিছু লৈ তাৰ ওপৰত সাতবাৰ ছটিয়াই তাক শুচি কৰিব আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰৰ অশৌচৰ পৰা শুচি কৰি তাক পবিত্ৰ কৰিব।20এইদৰে পবিত্ৰ স্থান, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰাৰ পাছত, হাৰোণে সেই জীয়া ছাগলীটো আনিব।21পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।22আৰু ছাগলীটোৱে নিজৰ ওপৰত তেওঁলোকৰ সকলো অপৰাধ নিৰ্জ্জন ঠাইলৈ বৈ নিব। আৰু তাত সেই লোকে সেই ছাগলীটো মৰুভূমিত এৰি দিব।23তেতিয়া হাৰোণে সাক্ষাৎ কৰা তম্বুত সোমাব আৰু পবিত্ৰ স্থানত সোমোৱা সময়ত যি শণৰ বস্ত্ৰবোৰ পিন্ধে তাক সোলোকাই সেই ঠাইতে থ’ব।24পাছত তেওঁ কোনো পবিত্ৰ ঠাইত গা ধুই, নিজ বস্ত্ৰ পিন্ধি ওলাব; আৰু নিজৰ হোম-বলি উৎসৰ্গ কৰি নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰিব।25আৰু পাপাৰ্থক বলিটোৰ তেলখিনি বেদীত দগ্ধ কৰিব।26আৰু যিজনে অজাজেলৰ কাৰণে ছাগলীটো এৰি দিব, তেওঁ নিজ বস্ত্ৰ আৰু গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।27আৰু পাপাৰ্থক বলিৰ অর্থে যি দমৰা গৰু আৰু পাপাৰ্থক বলিৰ অৰ্থে যি ছাগলী, যিবোৰৰ তেজ প্ৰায়শ্চিত্ত কৰিবৰ বাবে পবিত্ৰ স্থানৰ ভিতৰলৈ অনা হ’ব আৰু সেইবোৰৰ ছাল, মঙহ আৰু গোবৰ জুইত পুৰি ভস্ম কৰা হ’ব।28আৰু যিজনে সেইবোৰ পুৰিব, তেওঁ নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।29তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই। সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওঁক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়েই হওঁক, তোমালোক সকলোৱেই নিজ নিজ প্ৰাণক দুখ দি লঘোন দিবা আৰু কোনো কৰ্ম নকৰিবা।30কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; আৰু তোমালোক সকলোৱেই পাপৰ পৰা যিহোৱাৰ সাক্ষাতে শুচি হ’বা।31সেয়েই তোমোলোকৰ সম্পূর্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন; তোমালোকে নিজ নিজ প্ৰাণত দুখ দি লঘোন দিবা। এইয়েই তোমালোকৰ মাজত চিৰস্থায়ী বিধি হ’ব।32পিতৃৰ সলনি পুৰোহিত কৰ্ম কৰিবলৈ যিজনক অভিষিক্ত আৰু নিযুক্ত কৰা হ’ব, সেই পুৰোহিতে প্ৰায়শ্চিত্ত কৰিব আৰু শণ সুতাৰ বস্ত্ৰ অৰ্থাৎ পবিত্ৰ বস্ত্ৰবোৰ পিন্ধিব।33আৰু তেওঁ পবিত্ৰ-স্থান প্ৰায়শ্চিত্ত কৰিব, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰিব। আৰু পুৰোহিতসকলৰ আৰু গোটেই সমাজৰ বাবে প্রায়শ্চিত্ত কৰিব।34ইস্ৰায়েলৰ সন্তান সকল, তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়শ্চিত্ত কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ’ব।” তেতিয়া হাৰোণে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই কাৰ্য কৰিলে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন লেবীয়া 16 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/leviticus/016.mp3 27 16