× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 আমো আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 5 1234567891 1 1 : 1 1234567891011121314151617181920212223242526271 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন আমো 5 नोट सहेजें 1হে ইস্ৰায়েল-বংশ; মই তোমালোকৰ যি বিষয় লৈ বিলাপ কৰিছোঁ, সেই বিষয়ে তোমালোকে শুনা।2“কুমাৰী ইস্ৰায়েল পতিত হ’ল, তেওঁ পুনৰ নুঠিব; তেওঁক নিজৰ দেশৰ মাটিত পৰিত্যক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই।”3কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “ইস্রায়েলৰ যি নগৰৰ পৰা এক হাজাৰ সৈন্য ওলাই যায়, তাৰে এশজন জীয়াই থাকিব আৰু যি নগৰৰ পৰা এশজন লোক ওলাই যায়, তাৰ মাত্র দহ জন ইস্ৰায়েল-বংশলৈ অৱশিষ্ট থাকিব।”4যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, “তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;5কিন্তু বৈৎএলক বিচাৰি নাযাব; গিলগলত নোসোমাবা, আৰু বেৰ-চেবালৈ নাযাবা; কিয়নো গিলগল অৱশ্যেই বন্দী হ’ব, আৰু বৈৎ-এলৰ সর্বনাশ হ’ব।6তোমালোকে যিহোৱাক বিচাৰা, তাতে জীয়াই থাকিবা; নহলে তেওঁ যোচেফৰ বংশৰ মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্রাস কৰিব আৰু তাক নুমাবলৈ বৈৎএলত কোনো নাথাকিব।7তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধার্মিকতাক ভূমিস্যাৎ কৰিছা।8যি জনাই কৃত্তিকা আৰু মৃগশীৰ্ষ কালপুৰুষ নামৰ নক্ষত্র মণ্ডলীক নির্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিবৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যি জনাই সাগৰৰ জল সমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যিহোৱা!9তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংস নামি আঁহে।10নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।11তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।12কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।13সেই বাবে এই, এই সময়ত বিজ্ঞ লোক মনে মনে থাকে; কিয়নো ই এক দু:সময়।14তোমালোকে যাতে জীয়াই থাকিব পাৰা, সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত থাকিব।15যি মন্দ, তাক ঘিণ কৰা আৰু যি ভাল, তাক ভালপোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্রতি বাহিনীগণৰ ঈশ্বৰ যিহোৱাই দয়া কৰিব।16সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু যিহোৱাই এই কথা কৈছে, “নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হায়! হায়! কৰিব; তেওঁলোকে খেতিয়কক শোক কৰিবলৈ, আৰু শোক কৰাসকলক বিলাপ কৰিবলৈ মাতিব।17সকলো দ্ৰাক্ষাবাৰীতে বিলাপ হ’ব, কিয়নো মই তোমালোকৰ মাজেদি যাম।” যিহোৱাই এই কথা কৈছে।18তোমালোক যিসকলে প্ৰভুৰ বিচাৰৰ দিন চাবলৈ আকাংক্ষা কৰা, সেই লোকসকলক ধিক। তোমালোকে কিয় যিহোৱাৰ সোধবিচাৰৰ দিনলৈ আকাংক্ষা কৰা? সেই দিন অন্ধকাৰ, পোহৰ নহয়।19যেনেদৰে কোনো মানুহ সিংহৰ মুখৰ পৰা পলাই গৈ এটা ভালুকৰ সন্মুখত পৰে, নাইবা নিজৰ ঘৰত সোমাই দেৱালত হাত দিওঁতে তেওঁক সাপে খুটে, তেনেদৰেই হ’ব সেইদিন।20যিহোৱাৰ দিন জানো পোহৰ নহৈ অন্ধকাৰ নহ’ব? সেয়ে জানো উজ্জ্বলতা নথকা ঘোৰ অন্ধকাৰৰ দিন নহ’ব?21মই তোমালোকৰ পর্ববোৰ ঘিণ কৰোঁ, অগ্রাহ্য কৰোঁ; মই তোমালোকৰ ধৰ্ম-সভাবোৰত আনন্দ নকৰোঁ।22তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম; এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মঙ্গলার্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম।23তোমালোকৰ গানৰ কোলাহল মোৰ পৰা দূৰ কৰা; মই তোমালোকৰ বীণাৰ শব্দ শুনিব নোখোজোঁ;24কিন্তু ন্যায়বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাওঁক।25হে ইস্ৰায়েল-বংশ, মৰুপ্রান্তৰত চল্লিশ বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা?26বৰং তোমালোকে নিজে নির্মাণ কৰা তোমালোকৰ ৰজা-দেৱতা চিক্কুত আৰু তৰা দেৱতা কিয়ুনৰ মূৰ্ত্তিক বৈ লৈ গৈছিলা।27সেয়ে, মই তোমালোকক দম্মেচকৰ সিফালে বন্দী হিচাবে লৈ যাম।” মই বাহিনীগণৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যি জনৰ নাম বাহিনীগণৰ ঈশ্বৰ।”Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন আমো 5 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/amos/005.mp3 9 5