× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 গননা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 1 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738394041424344454647484950515253541 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন গননা 1 नोट सहेजें 1পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক ক’লে,2“তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশৰ নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ প্ৰত্যেক জনৰ নাম অনুসাৰে গণনা কৰা।3বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।4প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ ফৈদৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব।5যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ।6চিমিয়োন ফৈদৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল।7যিহূদা ফৈদৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।8ইচাখৰ ফৈদৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।9জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।10যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম ফৈদৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি ফৈদৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল।11বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।12দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।13আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল।14গাদ ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।15নপ্তালী ফৈদৰ পৰা ঐননৰ পুত্ৰ অহীৰা।16এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক।17তেতিয়া মোচি আৰু হাৰোণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল’লে,18আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে।19এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে।20ইস্ৰায়েলৰ প্ৰথমে জন্মা ৰূবেণ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক।21ৰূবেণ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।22চিমিয়োনৰ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু এওঁলোক পূৰ্বপুৰুষৰ বংশৰ আৰু পৰিয়ালৰ নথিৰ পৰা যুদ্ধলৈ যাব পৰা বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া লোক।23চিমিয়োনৰ সেই ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন আছিল।24গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।25গাদৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন আছিল।26যিহূদা গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।27যিহূদা ফৈদৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌসত্তৰ হাজাৰ ছশ জন আছিল।28ইচাখৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।29ইচাখৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌৱন্ন হাজাৰ চাৰিশ আছিল।30জবূলূন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।31জবূলূন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা সাতাৱন হাজাৰ চাৰিশ আছিল।32যোচেফৰ সন্তান ইফ্ৰয়িম গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।33ইফ্ৰয়িম ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ আছিল।34মনচিৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।35মনচি ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বত্ৰিশ হাজাৰ দুশ আছিল।36বিন্যামীন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।37বিন্যামীন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঁয়ত্ৰিশ হাজাৰ চাৰিশ আছিল।38দান গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।39দান ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বাষষ্ঠি হাজাৰ সাত শ আছিল।40আচেৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।41আচেৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন।42নপ্তালী গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।43নপ্তালী ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা তেপন্ন হাজাৰ চাৰিশ আছিল।44মোচি আৰু হাৰোণে এইদৰে আটাই লোককে গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ গোষ্ঠী সমূহক নেতৃত্ব দিয়া, সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে।45এইদৰে যি সকলে যুদ্ধলৈ যাব পাৰে, এনে বিশ বছৰ বা তাতকৈ বয়সীয়া ইস্ৰায়েলৰ সকলো লোকক পৰিয়াল অনুসাৰে গণনা কৰা হ’ল।46গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ আছিল।47কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবীয়াসকলক গণনা কৰা নহ’ল।48কিয়নো যিহোৱাই মোচিক কৈছিল,49‘তুমি লেবী ফৈদক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’50কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।51আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।52ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত, তম্বু তৰিব লাগিব।53কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।”54ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন গননা 1 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/numbers/001.mp3 36 1