× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 গননা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 14 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738394041424344451 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন গননা 14 नोट सहेजें 1পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে।2আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল!3যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”4পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।”5তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।6দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে।7ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক ক’লে, “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ।8যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।9কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”10কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তান সকলৰ আগত প্ৰকাশিত হ’ল।11পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিও, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব?12মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।”13মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা।14আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।15এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতি সমূহে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব,16‘যিহোৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে।17এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তান সকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা,18তুমি এই কথা কোৱামতে প্ৰভুৰ মহৎ প্ৰভাৱ দেখা যাওঁক।19বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”20তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্যমতে মই তেওঁলোকক ক্ষমা কৰিলোঁ।21তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়,22তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।23তেওঁলোকৰ পূৰ্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব,24কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব।25অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”26পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে। তেওঁ ক’লে,27“মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।28তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিম29তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।30মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।31কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।32কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব।33আৰু তোমালোকৰ সন্তান সকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব।34তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা।35মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”36পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল,37দেশৰ কুযশ কৰা সেই লোকসকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল।38দেশ চাবলৈ যোৱা সেই লোক সকলৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।39মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে।40পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।”41তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সাম্ফল নহ’ব।42তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা।43কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”44তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল।45তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন গননা 14 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/numbers/014.mp3 36 14