× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 গননা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 26 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 12345678910111213141516171819202122232425262728293031323334353637383940414243444546474849505152535455565758596061626364651 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 গননা 26 नोट सहेजें 1এই মহামাৰীৰ পাছত যিহোৱাই মোচি আৰু হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক’লে,2“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”3তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে,4“মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”5ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী,6হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী।7এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।8আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল।9কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।10সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোঁতাসকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টন্তস্বৰূপ হ’ল।11কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।12নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান: নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী, যামীনৰ পৰা যামীনীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,13জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, চৌলৰ পৰা চৌলীয়া গোষ্ঠী।14চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।15নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান: চফোনৰ পৰা চফোনীয়া গোষ্ঠী, হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী, চূনীৰ পৰা চূনীয়া গোষ্ঠী,16অজনী পৰা অজনীয়া গোষ্ঠী, এৰীৰ পৰা এৰীয়া গোষ্ঠী,17অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।18গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।19যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।20নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান: চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।21পেৰচৰ সন্তান এইসকল: হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, হামূলৰ পৰা হামূলীয়া গোষ্ঠী।22যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।23নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান: তোলাৰ পৰা তোলাইয়া গোষ্ঠী, পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,24যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী, চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী।25ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।26নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান: চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী, এলোনৰ পৰা এলোনীয়া গোষ্ঠী, যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী।27জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।28নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।29মনচিৰ সন্তান এইসকল: মাখীৰৰ পৰা মাখীৰীয়া গোষ্ঠী, সেই গিলিয়দৰ পৰা গিলিয়দীয়া গোষ্ঠী।30গিলিয়দৰ সন্তান এইসকল: ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী, হেলকৰ পৰা হেলকীয়া গোষ্ঠী31অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী, চেখমৰ পৰা চেখমীয়া গোষ্ঠী,32চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী, আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী।33সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল।34এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।35নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰয়িমৰ সন্তান: চুথেলহৰ পৰা চুথেলহীয়া গোষ্ঠী, বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী, তহনৰ পৰা তহনীয়া গোষ্ঠী,36আৰু চুথেলহৰ সন্তান সকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী।37ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।38নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল: বেলাৰ পৰা বেলাইয়া গোষ্ঠী, অচবেলৰ পৰা অচবেলীয়া গোষ্ঠী, অহীৰামৰ পৰা অহীৰামীয়া গোষ্ঠী,39চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী, হূফমৰ পৰা হূফমীয়া গোষ্ঠী।40আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী।41নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।42নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী।43চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।44নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোকসকল: যিম্নাৰ পৰা যিম্নীয়া গোষ্ঠী, যিচবিৰ পৰা যিচবিয়া গোষ্ঠী, বৰীয়াৰ পৰা বৰীয়াইয়া গোষ্ঠী।45বৰীয়াৰ সন্তান এই লোকসকল: হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী, মল্কীয়েলৰ পৰা মল্কীয়েলীয়া গোষ্ঠী।46আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল।47আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তান সকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।48নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল: যহচিয়েলৰ পৰা যহচিয়েলীয়া গোষ্ঠী, গূণীৰ পৰা গূণীয়া গোষ্ঠী,49যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী, চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী।50নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।51ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।52পাছত যিহোৱাই মোচিক ক’লে,53“নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ’ব।54অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।55কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।56লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”57নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল: গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী, কহাতৰ পৰা কহাতীয়া গোষ্ঠী, মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।58লেবীয়া গোষ্ঠী এই লোকসকল: লিবনীয়া গোষ্ঠী, হিব্ৰোণীয়া গোষ্ঠী মহলীয়া গোষ্ঠী, মুচীয়া গোষ্ঠী আৰু কোৰহীয়া গোষ্ঠী।59অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবীসকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।60হাৰোণলৈ নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ জন্মিল।61কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ’ল।62তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোক গণিত নহ’ল।63এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে।64কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল।65কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 গননা 26 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/numbers/026.mp3 36 26