× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 গননা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 31 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435363738394041424344454647484950515253541 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 গননা 31 नोट सहेजें 1পাছত যিহোৱাই মোচিক ক’লে,2“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে মিদিয়নীয়াসকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ’ব।”3তেতিয়া মোচিয়ে লোকসকলক ক’লে, “যিহোৱাৰ কাৰণে মিদিয়নৰ প্ৰতিকাৰ সাধিবলৈ, মিদিয়নৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজৰ কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা।4তোমালোকে ইস্ৰায়েলৰ প্রত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকক যুদ্ধলৈ পঠিয়াবা।”5তেতিয়া ইস্ৰায়েলৰ প্রত্যেক গোষ্ঠী অনুসাৰে এক এক হাজাৰ লোকক যুদ্ধৰ বাবে যুগুত কৰা হ’ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা বাৰ হাজাৰ জন লোকক উলিওৱা হ’ল।6তাৰ পাছত মোচিয়ে, প্ৰত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰ স্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে কালি সেই পীনহচৰ হাতত আছিল।7মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিদিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে।8আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।9ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেৰ-ছাগৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।10তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।11তেওঁলোকে লুট-দ্রব্য আৰু বনদীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে।12তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।13তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল।14তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ ওপৰত মোচিৰ খং উঠিল।15মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মহিলাসকলক জীয়াই ৰাখিছা নেকি?16চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল।17এতিয়া এই হেতুকে, তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল’ৰাবোৰক বধ কৰা, আৰু পুৰুষৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা।18কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা।19তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা।20আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেৰ-ছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”21পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে:22কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম,23আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।24আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধুবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”25যিহোৱাই পুনৰায় মোচিক ক’লে,26“তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষসকল, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা;27আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;28আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ, গৰু, গাধ, আৰু মেৰ-ছাগ বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰস্ৱৰুপে লোৱা;29তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ, যিহোৱাৰ উত্তোলনীয় উপহাৰস্বৰূপে পুৰোহিত ইলিয়াজৰক দিয়া।30আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেৰ-ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।”31তেতিয়া মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য কৰিলে।32ৰণুৱাসকলে লুটি অনা সম্পত্তিৰ বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা এইদৰে: ছয় লাখ পঁয়সত্তৰ হাজাৰ মেৰ-ছাগ33বাসত্তৰ হাজাৰ ষাঁড়-গৰু,34এষষ্ঠী হাজাৰ গাধ,35আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্ব্বমুঠ বত্ৰিশ হাজাৰ আছিল।36যুদ্ধলৈ যোৱা সৈন্যসকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচ শ মেৰ-ছাগ;37সেই মেৰ-ছাগবোৰৰ পৰা লোৱা যিহোৱাৰ কৰ ছশ পঁয়সত্তৰটা।38ষাঁড়-গৰু ছয়ত্ৰিশ হাজাৰ; সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ বাসত্তৰটা।39গাধবোৰৰ সংখ্যা ত্ৰিশ হাজাৰ পাঁচশ আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ এষষ্ঠীটা।40মানুহৰ সংখ্যা ষোল্ল হাজাৰ গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা যিহোৱাৰ কৰ বত্ৰিশটা।41তাৰ পাছত মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, সেই কৰ তেওঁ যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিলে।42আৰু যুদ্ধলৈ যোৱা লোকসকলৰ ভাগৰ পৰা যি আধা ভাগ মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে ৰাখিলে-43মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচশ মেৰ-ছাগ,44ছয়ত্ৰিশ হাজাৰ ষাঁড়-গৰু,45ত্ৰিশ হাজাৰ পাঁচশটা গাধ46আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা ষোল্ল হাজাৰ মহিলা আছিল।47ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।48তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল।49তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।50এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰুপে আনিলোঁ।”51তেতিয়া মোচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ, অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলঙ্কাৰবোৰ ল’লে।52সহস্ৰপতি আৰু শতপতিসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ ষোল্ল হাজাৰ সাতশ পঞ্চাশ চেকল আছিল;53কিয়নো সৈন্যসকলৰ প্ৰতিজনে নিজৰ কাৰণে লুটদ্ৰব্য আনিছিল।54পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তান সকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 গননা 31 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/numbers/031.mp3 36 31