× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 গননা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 35 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 123456789101112131415161718192021222324252627282930313233341 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 গননা 35 नोट सहेजें 1পাছত যিহোৱাই মোৱাবৰ সমথলত যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোচিক ক’লে,2“তুমি ইস্ৰায়েলৰ সন্তান সকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ, বাস কৰিবৰ কাৰণে লেবীয়াসকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণী ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া।3তেতিয়া, তেওঁলোকে নিবাস কৰিবৰ কাৰণে সেই সকলো নগৰ হ’ব আৰু সেই নগৰৰ চৰণী ঠাই তেওঁলোকৰ গৰু, মেৰ, মেৰ-ছাগ আদি পশু চৰাবৰ বাবে হ’ব।4আৰু তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, তাৰ চৰণী ঠাই নগৰৰ চাৰিওফালে গড়ৰ বাহিৰে এক হাজাৰ হাতলৈকে হ’ব।5আৰু তোমালোকে নগৰৰ বাহিৰে, পূৱদিশে দুই হাজাৰ হাত আৰু দক্ষিণ দিশে দুই হাজাৰ হাত, পশ্চিম দিশে দুই হাজাৰ হাত আৰু উত্তৰ দিশে দুই হাজাৰ হাত জুখি দিবা; তাৰ মাজ ঠাইত নগৰ থাকিব; এয়ে তেওঁলোকৰ নগৰৰ চৰণী ঠাই হ’ব।6তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, সেইবোৰ নগৰৰ মাজত, মানুহ বধী পলাবৰ কাৰণে ছখন আশ্ৰয় নগৰ হ’ব লাগিব; আৰু তাৰ বাহিৰেও বিয়াল্লিশখন নগৰ তোমালোকে তেওঁলোকক দিবা।7তোমালোকে সৰ্ব্বমুঠ আঠচল্লিশখন নগৰ আৰু তাৰ চৰণী ঠায়ে সৈতে দিবা।8আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ পৰা যি যি নগৰ দিবা, সেইবোৰ নগৰৰ বিষয়ে হ’লে, তোমালোকে অধিকাৰ কৰা অধিক, কমৰ পৰা কম ল’বা; এইদৰে প্ৰত্যেক ফৈদে নিজে পোৱা নিজ আধিপত্য অনুসাৰে, নিজ নিজ নগৰবোৰৰ পৰা কেইখনমান নগৰ লেবীয়াসকলক দিবা।”9পাছত যিহোৱাই মোচিক ক’লে,10“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰ হৈ কনান দেশত সোমাবা,11তেতিয়া অজ্ঞানত কোনো লোকৰ প্ৰাণ হানি কৰা কোনো নৰ-বধী পলাই যাবলৈ, তোমালোকে তোমালোকৰ কাৰণে কেইখনমান নগৰ আশ্ৰয়-নগৰ নিৰূপণ কৰিবা।12আৰু মানুহ বধীটো বিচাৰৰ অৰ্থে সমাজৰ আগলৈ নৌ আহোঁতেই যেন নমৰে, এই কাৰণে সেই নগৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা তোমালোক ৰক্ষা পোৱা আশ্ৰয়স্থান হ’ব।13আৰু যি যি নগৰ তোমালোকে দিবা, সেইবোৰৰ মাজৰ তোমালোকৰ ছখন আশ্ৰয়-নগৰ হ’ব।14তোমালোকে তাৰ মাজৰ তিনিখন নগৰ যৰ্দ্দনৰ পূৱ পাৰত আৰু আন তিনিখন কনান দেশত দিবা। সেইবোৰ আশ্ৰয়-নগৰ হ’ব।15যিকোনোৱে অজ্ঞানত মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকললৈ, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই ছখন নগৰ আশ্ৰয়স্থান হ’ব।16কিন্তু যদি সি লোহাৰ অস্ত্ৰেৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; তেনে মানুহবধীৰ অবশ্যে প্ৰাণদণ্ড হ’ব।17নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।18নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।19ৰক্তপাতৰ প্ৰতিকাৰসাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব।20আৰু যদি সি হিংসা কৰি তাক আঘাত কৰে, বা খাপ দি থাকি তাৰ ওপৰলৈ কিবা বস্তু দলি মাৰে আৰু সি যদি তাতে মৰে,21নাইবা শত্ৰুভাব কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে, যিজনে তাক মাৰে, অৱশ্যে তাৰ প্ৰাণদণ্ড হ’ব; সি মানুহ বধী; ৰক্তপাতৰ প্ৰতিকাৰসাধকে তেনে মানুহ বধীক লগ পালেই তাক বধ কৰিব পাৰিব।22কিন্তু যদি শত্ৰুভাব নকৰাকৈ অকস্মাতে তাক আঘাত কৰে, বা খাপ দি নথকাকৈ তাৰ গালৈ কিবা দলি মাৰে,23বা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে শিল তাৰ ওপৰত তাক নেদেখাকৈ পেলায় আৰু তাতে সি মৰে, তথাপি সি তাৰ শত্ৰু বা অনিষ্টকাৰী নহ’ব।24তেতিয়া সমাজে সেই প্ৰহাৰকৰ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ মাজত এই শাসন অনুসাৰে বিচাৰ কৰিব।25আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহ বধীক উদ্ধাৰ কৰিব; আৰু সি যি ঠাইলৈ পলাইছিল, নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰায় পঠাই দিব; আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয়মানলৈকে সি সেই নগৰতে থাকিব।26কিন্তু এই মানুহ বধী যদি কোনো সময়ত পলাই যোৱা আশ্ৰয় নগৰৰ সীমাৰ বাহিৰ হয়,27আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকে আশ্ৰয় নগৰৰ সীমাৰ বাহিৰে তাক পাই যদি বধ কৰে, তেন্তে সি ৰক্তপাতৰ দোষী নহ’ব।28কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।29আৰু তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে নিবাস কৰা সকলো ঠাইতে এয়ে তোমালোকৰ বিচাৰৰ বিধি হ’ব।30যি মানুহে কোনো লোকক বধ কৰে, সেই মানুহ বধীক সাক্ষীৰ মুখেই বধ কৰা হ’ব; কিন্তু এজন সাক্ষীৰ কথা কোনো লোকৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ বাবে গ্ৰাহ্য নহ’ব।31আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।32আৰু যি মানুহ আশ্ৰয় নগৰলৈ পলাই গ’ল, সেই মানুহ পুৰোহিত নৌ মৰোঁতেই দেশত বাস কৰিবলৈ উলটি আহিবৰ বাবে প্ৰায়শ্চিত্ত নল’বা।33এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে।34এই হেতুকে, তোমালোকে নিবাস কৰা যি দেশৰ মাজত মই বাস কৰোঁ, সেই দেশ তোমালোকে অশুচি নকৰিবা; কিয়নো মই যিহোৱাই ইস্ৰায়েলৰ মাজত বাস কৰোঁ’।”Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 গননা 35 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/numbers/035.mp3 36 35