× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 গননা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 6 1234567891011121314151617181920212223242526272829303132333435361 1 1 : 1 1234567891011121314151617181920212223242526271 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন গননা 6 नोट सहेजें 1যিহোৱাই মোচিক ক’লে,2“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব,3তেতিয়া তেওঁ দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা নিজকে আতৰত ৰাখিব লাগিব। তেওঁ দ্ৰাক্ষাৰসৰ চিৰ্কা বা সুৰাৰ চিৰ্কা পান নকৰিব আৰু দ্ৰাক্ষাফলৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, বা কেঁচা কি শুকান দ্ৰাক্ষাফলো নাখাব।4তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত, গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষাফলৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব।5আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব।6তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব।7তেওঁৰ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত, তেওঁ তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁৰ মূৰৰ দীঘল চুলি দেখি, তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব।8তেওঁ পৃথকে হৈ থকা সকলো কালত, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব।9আৰু যদি কোনো এজন মানুহৰ অকস্মাৎ তেওঁৰ ওচৰত মৃত্যু হয়, তেতিয়া তেওঁ তেওঁৰ নিজ পৃথকে থকাৰ চিন অশুচি কৰে। তেতিয়া তেওঁ শুচি হোৱা দিনা, নিজৰ মূৰ ক্ষুৰাব। সেয়া সপ্তম দিনাই তেওঁ নিজ মূৰৰ চুলি ক্ষুৰাব লাগিব।10অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব।11তেতিয়া পুৰোহিতে তাৰে এটা পাপাৰ্থক বলিস্বৰূপে, আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা শৱৰ ওচৰত থকাৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; আৰু সেই দিনাই তেওঁ নিজকে পুনৰ পবিত্ৰ কৰিব।12তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁ দোষাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া মেৰ-ছাগ পোৱালি আনিব। কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্বতে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ’ব।13নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হলে, তেওঁ পালন কৰিব লগা বিধি এনে- তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ অনা হ’ব।14তেওঁ নিজে অনা উপহাৰ যিহোৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো দাগ নথকা এটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এটা নিঘূণ মতা মেৰ-ছাগ দান কৰিব লাগিব;15আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব।16তাতে পুৰোহিতে এই সকলো বস্তু যিহোৱাৰ আগলৈ আনিব। তেতিয়া তেওঁৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব।17খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব।18পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁৰ মূৰৰ দীঘল চুলি ক্ষুৰাই, সেই মূৰৰ চুলি লৈ, মঙ্গলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব।19আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব।20আৰু পুৰোহিতে সেই সকলোকে দোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব; দোলনীয় আমঠু আৰু উত্তোলনীয় পাছ-পিৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ’ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব।21নাচৰীয়া ব্ৰত ধৰোঁতা মানুহৰ আৰু পৃথকে থকাৰ কাৰণে যিহোৱাক দিব লগা তাৰ উপহাৰৰ এয়ে বিধি। ইয়াৰ বাহিৰে তেওঁ নিজৰ শক্তি অনুসাৰে দিবলৈ আগ কৰে, তাকো দিব পাৰে; তেওঁ যি ব্ৰত ধৰে, সেই ব্ৰত অনুসাৰে তেওঁ নিজে পৃথকে থকা বিধি পালন কৰিব লাগে’।”22পাছত যিহোৱাই পুনৰায় মোচিক ক’লে, “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা,23‘তোমালোকে ইস্ৰায়েলৰ সন্তানসকলক এইদৰে আশীৰ্ব্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক’বা:24যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।25যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হওঁক।26যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক।’27এইদৰে তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত মোৰ নাম স্থাপন কৰিব। তেতিয়া মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম।”Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন গননা 6 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/numbers/006.mp3 36 6