× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 দ্বি.বি. আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 1 123456789101112131415161718192021222324252627282930313233341 1 1 : 1 123456789101112131415161718192021222324252627282930313233343536373839404142434445461 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন দ্বি.বি. 1 नोट सहेजें 1মোচিয়ে যৰ্দ্দন নদীৰ সিপাৰে মৰুভূমি অঞ্চলত সকলো ইস্ৰায়েলীয়াসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল। এফালে পাৰণ মৰুভূমি আৰু আনফালে তোফল,লাবন, হচেৰোত আৰু দী-জাহব নগৰবোৰৰ মাজত যর্দন নদীৰ উপত্যকাৰ সমথল ভূমিত তেওঁ এই বার্তা দিছিল।2হোৰেব পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে।3ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।4যিহোৱাই ইমোৰীয়াসকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত মোচিয়ে এই কথা ক’লে।5বিধানৰ এই সকলোবোৰ কথা মোচিয়ে যৰ্দ্দনৰ সিপাৰে মোৱাব দেশত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে।6তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।7এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ নামৰ মহানদী পর্যন্ত যোৱা।8শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”9সেই সময়ত মই আপোনালোকক কৈছিলোঁ, “মোৰ পক্ষে আপোনালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়।10আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।11আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।12কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?13আপোনালোকে আপোনালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লওঁক; মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”14আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”15সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।16আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব; সেই বিবাদ ইস্রায়েলীয়া ভাইসকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক।17বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”18আপোনালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া আপোনালোকক আজ্ঞা দিছিলোঁ।19ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়াসকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। আপোনালোকে যি ডাঙৰ আৰু বিপদসংকুল মৰুভূমি দেখিছিল, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।20তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “আপোনালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালে। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।21চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”22তেতিয়া আপোনালোক সকলোৱে আহি মোক কৈছিলে, “কেইজনমান লোকক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।”23আপোনালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই আপোনালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ।24তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল।25তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।”26কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল।27আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।28এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”29তেতিয়া মই আপোনালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব।30আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।31পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”32তথাপিও ইমানতো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলে।33যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল।34আপোনালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিল,35“যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষসকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোকসকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব।36কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি খোজ কাঢ়ি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ উত্তৰপুৰুষসকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণভাৱে চলিলে।”37আপোনালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।38কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেওঁৱেই ইস্ৰায়েলীয়াসকলক নেতৃত্ব দি আগবঢ়াই নিব।39তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।40কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।”41যিহোৱাৰ এই কথা শুনি আপোনালোকে মোক কৈছিল, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি আপোনালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিল।42তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”43মই আপোনালোকক সেই কথা জনাইছিলোঁ, কিন্তু আপোনালোকে তাক নুশুনিলে। আপোনালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলে; কিন্তু আপোনালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিল।44সেই পৰ্ব্বতত বাসকৰা ইমোৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল।45তেতিয়া আপোনালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিল, কিন্তু যিহোৱাই আপোনালোকৰ ক্রন্দন নুশুনিলে; তেওঁ আপোনালোকৰ ক্রন্দনলৈ কাণ নিদিলে।46এইদৰে আপোনালোক কাদেচত অনেক দিন ধৰি আছিল আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন দ্বি.বি. 1 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/deuteronomy/001.mp3 34 1