× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 দ্বি.বি. আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 11 123456789101112131415161718192021222324252627282930313233341 1 1 : 1 12345678910111213141516171819202122232425262728293031321 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন দ্বি.বি. 11 नोट सहेजें 1“আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।2মই আপোনালোকৰ সন্তানসকলৰ কাৰণে কোৱা নাই, যিসকলে ঈশ্বৰ যিহোৱাৰ শাস্তি, তেওঁৰ মহান কার্য, তেওঁৰ শক্তিশালী হাত আৰু পৰাক্রম প্রর্দশনৰ কথা জনা নাছিল আৰু দেখাও নাছিল;3মিচৰৰ দেশত মিচৰৰ ৰজা ফৰৌণলৈ কৰা তেওঁৰ চিন আৰু কার্যবোৰো তেওঁলোকে দেখা নাছিল।4যিহোৱাই মিচৰীয় সৈন্যদললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া আপোনালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো দেখা নাই।5আপোনালোকে এই ঠাইলৈ আহি নোপোৱালৈকে আপোনালোকৰ কাৰণে তেওঁ মৰুপ্রান্তৰৰ মাজত কি কৰিছিল, তাকো আপোনালোকৰ সন্তানসকলে দেখা নাই।6ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল অর্থাৎ সমগ্র ইস্ৰায়েলীয়া লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল।7কিন্তু যিহোৱাৰ সেই মহৎ মহৎ কার্যবোৰ আপোনালোকেই নিজ চকুৰে দেখিছিল।8এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যর্দন নদী অতিক্রম কৰি যাব, সেই ঠাইলৈ গৈ আপোনালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰে আৰু9যিহোৱাই আপোনালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন আপোনালোক অনেক দিন জীয়াই থাকিব পাৰে।10কিয়নো যি দেশ অধিকাৰ কৰিবলৈ আপোনালোক গৈছে, সেইখন যি দেশৰ পৰা আপোনালোক ওলাই আহিছে সেই মিচৰ দেশৰ নিচিনা নহয়; য’ত আপোনালোকে শস্য সিঁচি, শাকনি বাৰীত যেনেকৈ কৰা হয় তেনেকৈ ভৰিৰে পানী দিয়াৰ কার্য কৰিছিল।11কিন্তু যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈছে, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পানী পায়;12আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়ত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।13গতিকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই আপোনালোকক দিলোঁ তাক আপোনালোকে বিশ্বস্ততাৰে পালন কৰিব।14তেতিয়া যিহোৱাই সঠিক কালত আপোনালোকৰ দেশৰ ওপৰত আগতীয়া আৰু শেষতীয়া বৰষুণ পঠাব। তাতে আপোনালোকে প্রচুৰ শস্য, নতুন আঙ্গুৰৰ ৰস আৰু তেল গোটাব পাৰিব।15আপোনালোকৰ পশুধনবোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; আপোনালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাব।16আপোনালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু আপোনালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিব, তাৰ বাবে আপোনালোক নিজৰ বিষয়ে সাৱধান হ’ব;17তেনে কৰিলে আপোনালোকৰ ওপৰত যিহোৱাৰ ক্রোধ প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই আপোনালোকক দিব, তাৰ পৰা আপোনালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাব।18এতেকে আপোনালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিনস্বৰূপে সেইবোৰ হাতত বান্ধিব আৰু আপোনালোকৰ চকুৰ মাজত প্রতীকৰূপে ভূষিত কৰিব।19আপোনালোকৰ নিজৰ সন্তানসকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিব।20আপোনালোকে ঘৰৰ দুৱাৰৰ চৌকাঠত আৰু নগৰৰ প্রৱেশ দুৱাৰত সেইবোৰ লিপিবদ্ধ কৰি থ’ব।21যিহোৱাই আপোনালোকৰ পূৰ্ব–পুৰুষসকলৰ ওচৰত যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল সেই দেশত আপোনালোক আৰু আপোনালোকৰ সন্তান সকল যিমানকাল এই পৃথিবীৰ ওপৰত আকাশ থাকিব সিমানকাল জীয়াই থাকিব।22কিয়নো এই যি আজ্ঞাবোৰ মই আপোনালোকক আদেশ দিছোঁ, আপোনালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে, তেওঁৰ সকলো পথত চলে, আৰু তেওঁত লাগি থাকে,23তেন্তে যিহোৱাই আপোনালোকৰ আগৰ পৰা এই আটাই জাতিবোৰক দূৰ কৰিব, আৰু আপোনালোকে আপোনালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিব।24আপোনালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই আপোনালোকৰে হ’ব; মৰুভূমিৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে আপোনালোকৰ সীমা হ’ব।25আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব; আপোনালোকে সেই দেশত যলৈকে যাব, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক কোৱা বাক্য অনুসাৰে তেওঁলোকৰ মনত আপোনালোকৰ সমন্ধে এক ভয় আৰু আতঙ্ক ভাৱৰ সৃষ্টি কৰিব।26চোৱা, আজি মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ।27আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব।28কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।29আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশত ঈশ্বৰ যিহোৱাই আপোনালোকক যেতিয়া লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।30সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিমফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়াসকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?31কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে আপোনালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাব। আপোনালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিব।32এই কাৰণে, মই আজি আপোনালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব।”Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন দ্বি.বি. 11 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/deuteronomy/011.mp3 34 11