× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 দ্বি.বি. আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 28 123456789101112131415161718192021222324252627282930313233341 1 1 : 1 12345678910111213141516171819202122232425262728293031323334353637383940414243444546474849505152535455565758596061626364656667681 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন দ্বি.বি. 28 नोट सहेजें 1আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।2আপোনালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকৰ লগত থাকিব।3আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে আশীৰ্ব্বাদ পাব।4আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্ব্বাদ পাব।5আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো আশীৰ্ব্বাদ পাব।6ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে আশীৰ্ব্বাদ পাব।7যিহোৱাই আপোনালোকৰ বিৰুদ্ধে উঠা শত্ৰুবোৰক আপোনালোকৰ আগত ঘটুৱাব; সিহঁতে তেওঁলোকে এক বাটদি আপোনালোকক আক্রমণ কৰিবলৈ আহি সাত বাটেদি পলাই যাব।8যিহোৱাই আপোনালোকৰ ভঁৰালবোৰত, আৰু যি কার্যত আপোনালোকে হাত দিব, সেই সকলোৰে ওপৰত আশীৰ্ব্বাদ পৰিবলৈ আজ্ঞা দিব; আপোনালোকক যি দেশ দিব, তাত তেওঁ আপোনালোকক আশীৰ্ব্বাদ কৰিব।9আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰে আৰু তেওঁৰ পথত চলে, তেন্তে যিহোৱাই আপোনালোকৰ আগত শপত কৰাৰ দৰে, আপোনালোকক নিজৰ এক পবিত্ৰ প্ৰজা হিচাবে স্থিৰ কৰিব।10তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব।11যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব–পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব।12আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব।13যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব; আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি আপোনালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰে,14আৰু দেৱতাবোৰৰ সেৱাপূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি আপোনালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো সোঁ কি বাওঁফালে নুঘুৰিলে আপোনালোকে সেই আশীর্বাদ পাব।15কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।16আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে শাও পাব।17আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো শাও পাব।18আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব।19ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে শাও পাব।20আপোনালোকে মন্দ কাৰ্য কৰি যিহোৱাক ত্যাগ কৰাৰ কাৰণে আপোনালোকে কৰা সকলো কার্যতে তেওঁ শাও দিব। যেতিয়ালৈকে আপোনালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নাযায়, তেতিয়ালৈকে যিহোৱাই আপোনালোকৰ মাজলৈ শাও, ব্যাকুলতা, আৰু ধমকি পঠাই থাকিব।21আপোনালোকৰ অধিকাৰৰ অৰ্থে যি দেশত সোমাবলৈ গৈছে সেই দেশৰ পৰা যিহোৱাই আপোনালোকক উচ্ছন্ন নকৰেমানে আপোনালোকৰ মাজত মহামাৰী লাগিয়েই থাকিব।22সংক্রামক ৰোগ যেনে ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই আপোনালোকক মাৰিব; আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে আপোনালোকৰ লগ নেৰিব।23আপোনালোকৰ মূৰৰ ওপৰত থকা আকাশখন পিতল যেন টান আৰু তলত থকা পৃথিবীখন লোহা যেন টান হ’ব।24যিহোৱাই আপোনালোকৰ দেশত বৰষুণৰ সলনি ধুলি আৰু বালি বৰষাব; আপোনালোক বিনষ্ট নোহোৱালৈকে, সেইবোৰ আকাশৰ পৰা আপোনালোকৰ ওপৰত পৰি থাকিব।25যিহোৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব; আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক সিচঁৰিত হ’ব।26আপোনালোকৰ মৃত শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিবীৰ জীৱ-জন্তুবোৰৰ আহাৰ হ’ব; সেইবোৰক খেদাবলৈ কোনো নাথাকিব।27যিহোৱাই আপোনালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব।28যিহোৱাই পাগলামি, অন্ধতা আৰু চিন্তাশক্তি নষ্ট কৰি আপোনালোকক অধিক কষ্ট দিব।29অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ আপোনালোকে দিন-দুপৰতে খপিয়াই ফুৰিব; আপোনালোকৰ কোনো কাৰ্যই সফল নহব; আপোনালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ’ব আৰু আপোনালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।30আপোনালোকৰ কোনো ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে তাইৰ লগত শয়ন কৰিব; আপোনালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; আৰু দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাব।31অন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব।32আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব।33আপোনালোকে নজনা এটা জাতিয়ে আপোনালোকৰ ভূমিৰ শস্য আৰু আপোনালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; আপোনালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিব;34তেতিয়া, আপোনালোকে চকুৰে যি দেখিব, তাৰ কাৰণেই আপোনালোক মানসিক বিকাৰগ্রস্ত হ’ব।35যিহোৱাই আপোনালোকৰ আঠু, কৰঙন আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে, সুস্থ কৰিব নোৱাৰা বিহ ফোঁহোৰাৰে আপোনালোকক আক্রান্ত কৰিব।36যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব।37যিহোৱাই আপোনালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব, সেইসকলৰ মাজত আপোনালোক এক ত্রাস, প্রবাদ আৰু বিদ্ৰূপৰ বিষয় হ’ব।38আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব।39আপোনালোকে দ্ৰাক্ষাবাৰী পাতিব আৰু তাৰ যত্নও ল’ব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাব; কিয়নো পোকে তাক খাই পেলাব।40আপোনালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ’ব, কিন্তু আপোনালোকে তেল ঘঁহিবলৈ নাপাব; কিয়নো তাৰ ফল সৰি যাব।41আপোনালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক আপোনালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব।42আপোনালোকৰ ভূমিৰ সকলো গছ-গছনি আৰু ফল জকে জাকে ফৰিঙে আহি ভোগ কৰিব।43আপোনালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে আপোনালোকৰ ওপৰলৈ উঠি যাব, কিন্তু আপোনালোক ক্ৰমে ক্ৰমে তললৈ যাব।44তেওঁলোকে আপোনালোকক ধাৰ দিব, কিন্তু আপোনালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিব; তেওঁলোক মূৰ হ’ব আৰু আপোনালোক নেগুৰ হ’ব।45এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিবলৈ কাণ নিদিয়াৰ কাৰণে এই সকলো ঘটিব। আপোনালোক বিনষ্ট নোহোৱা পর্যন্ত এই সকলোবোৰে আপোনালোকৰ পাছ নেৰিব।46এই শাওবোৰ আপোনালোকৰ আৰু আপোনালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণ স্বৰূপে থাকিব।47কাৰণ, আপোনালোক যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিল, তেতিয়া আপোনালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলে।48এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুৱলি থৈ দিব।49যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অাপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব।50সেইসকল এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব।51আপোনালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে আপোনালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব; শেষ পর্যন্ত আপোনালোক বিনষ্ট নোহোৱালৈকে শস্য, নতুন দ্ৰাক্ষাৰস বা তেল, আপোনালোকৰ পশুবোৰৰ বা মেৰ-ছাগৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব।52তেওঁলোকে আপোনালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত আপোনালোকে ভাৰসা কৰিব, সেয়ে ভাঙি পৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে আপোনালোকক অৱৰোধ কৰি ৰাখিব।53অৱৰোধৰ কালত শত্রুবোৰে আপোনালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান সকলক, নিজৰ ল’ৰা-ছোৱালীবোৰৰ গাৰ মঙহ খাব।54সেই অৱস্থাত আপোনালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেৱোঁ নিজ ভাই, নিজৰ মৰমৰ ভার্যা আৰু তেওঁৰ বাকী থকা নিজৰ ল’ৰা-ছোৱালীবোৰৰ প্রতি এনেৰূপ নিষ্ঠুৰ হৈ উঠিব।55নিজৰ যি সন্তানৰ মাংস তেওঁ খাব, তাৰ অলপো তেওঁ তেওঁলোকক নিদিব। কাৰণ, যেতিয়া আপোনালোকৰ শত্রুৱে নগৰৰ দুৱাৰবোৰৰ ভিতৰত আপোনালোকক অৱৰোধ কৰি ৰাখি কষ্ট দিব, তেতিয়া সেই খিনিৰ বাহিৰে নিজৰ বাবে খাবলৈ আন একোকে নাথাকিব।56আপোনালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব।57সন্তান জন্ম দিয়াৰ পাছতে সেই নৱজাতক, এনেকি নিজৰ দুই ভৰিৰ মাজৰ পৰা ওলোৱা পাচ-শূল আৰু নিজে প্ৰসৱ কৰা নিজ সন্তানসকললৈও তেওঁ নিষ্ঠুৰ হ’ব; আপোনালোকক অৱৰোধ কৰাৰ সময়ত আপোনালোকৰ শত্রুসকলে যেতিয়া আপোনালোকক কষ্ট দিব, তেতিয়া অভাৱত তেওঁ সেইবোৰ মনে মনে খাব।58‘আপোনালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি আপোনালোকে যত্নেৰে সৈতে পালন নকৰে,59তেন্তে যিহোৱাই আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰৰ ওপৰত ভয়ঙ্কৰ মহামাৰী আনিব; সেইবোৰ অনেক দিনলৈকে বর্তি থকা মহা-মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ’ব।60মিচৰ দেশত যি সকলো ৰোগ দেখি আপোনালোকে ভয় কৰিছিল, তেওঁ সেই সকলোবোৰ আপোনালোকৰ ওপৰলৈ আনিব আৰু সেইবোৰে আপোনালোকক নেৰিব।61তাৰ বাহিৰেও, আপোনালোক বিনষ্ট নোহোৱালৈকে যিহোৱাই এনে সকলো ৰোগ আৰু মহামাৰী আপোনালোকৰ ওপৰলৈ আনিব, যি এই ব্যৱস্থা-পুস্তকত লিখা হোৱা নাই।62আপোনালোকৰ জনসংখ্যা আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লেও, আপোনালোক ঈশ্বৰ যিহোৱাৰ প্রতি অবাধ্য হোৱাৰ কাৰণে তেতিয়া কেৱল কেইজনমানহে অৱশিষ্ট জীয়াই থাকিব।63আপোনালোকৰ মঙ্গল ও আপোনালোকক বৃদ্ধি কৰিবলৈ যেনেকৈ যিহোৱাই আনন্দ কৰিছিল, তেনেকৈ আপোনালোকক বিনষ্ট কৰি নাশ কৰিবলৈ যিহোৱাই আপোনালোকত আনন্দ কৰিব। যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশৰ পৰা আপোনালোকক উঘলা যাব।64তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত আপোনালোকক সিচঁৰিত কৰিব; আপোনালোকে সেই ঠাইত আপোনালোকৰ বা আপোনালোকৰ পূর্ব-পুৰুষসকলৰ অজানা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিব।65সেই জাতিবোৰৰ মাজত আপোনালোকে একো সুখ নাপাব আৰু আপোনালোকৰ ভৰি-তলুৱাই জিৰণী নাপাব; কিন্তু যিহোৱাই সেই ঠাইত আপোনালোকৰ বুকু কঁপাব, চকু দুৰ্ব্বল কৰিব আৰু অন্তৰ নিৰাশাৰে ভৰাই দিব;66আপোনালোকৰ আগত আপোনালোকৰ জীৱন সন্দেহৰ সূতাত ছিগো-ছিগোহৈ ওলমি থাকিব আৰু দিনে-ৰাতিয়ে ভয় ভাৱেৰে থাকিব আৰু জীৱনৰ একো আশা নাথাকিব।67আপোনালোকে ৰাতিপুৱা ক’ব, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব!’ আৰু সন্ধিয়া হ’লে ক’ব, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব!’ কাৰণ আপোনালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব।68মিচৰ সম্বন্ধে মই আপোনালোকক কৈছিলোঁ ‘আপোনালোকে পুনৰ মিচৰৰ পথ নেদেখিব।’ কিন্তু যিহোৱাই আপোনালোকক সেই পথেদি মিচৰ দেশলৈ জাহাজেৰে পুনৰায় লৈ আনিব। সেই ঠাইত আপোনালোকে নিজক দাস আৰু দাসী হিচাবে শত্ৰুবোৰৰ ওচৰত বিক্রী কৰিবলৈ বিচাৰিব, কিন্তু কোনেও আপোনালোকক নিকিনিব।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন দ্বি.বি. 28 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/deuteronomy/028.mp3 34 28