× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 যিহো আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 13 1234567891011121314151617181920212223241 1 1 : 1 1234567891011121314151617181920212223242526272829303132331 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন যিহো 13 नोट सहेजें 1যেতিয়া যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল, তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ থ’লো, কিন্তু এতিয়াও অনেক দেশ অধিকাৰ কৰিবলৈ বাকী আছে।2এই দেশবোৰ এতিয়াও অৱশিষ্ট: পলেষ্টীয়াৰ সকলো অঞ্চল আৰু গচুৰীয়াসকলৰ অঞ্চলবোৰ,3মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷4দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;5গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷6ইয়াৰ উপৰিও লিবানোনৰ পৰা মিষ্ৰফোৎ-ময়িমলৈকে পৰ্ব্বতীয়া অঞ্চলৰ নিবাসী সকলৰ লগতে আটাই চীদোনীয়াসকল৷ মই তেওঁলোকক ইস্ৰায়েলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম; মই তোমাক আজ্ঞা দিয়াৰ দৰে, ইস্ৰায়েল উত্তৰাধিকাৰী হ’বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা৷7উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”8বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,9অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;10হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;11গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান;12বাচানৰ ৰজা ওগৰ সকলো ৰাজ্য, যি জনে অষ্টাৰোতত আৰু ইদ্ৰেয়ীত শাসন কৰিছিল ৰফায়ীয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল; কিয়নো মোচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল।13কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।14কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচি ক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।15মোচিয়ে বংশানুক্ৰমে ৰূবেণৰ জন-গোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে।16তেওঁলোকৰ সীমা অৰ্ণোন উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি৷17ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,18যহচ, কদেমোৎ আৰু মেফাৎ,19কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷20ৰূবেণে বৈৎ-পিয়োৰ, পিচগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈৎ-যিচীমোৎ;21মালভূমিত থকা আন সকলো নগৰ, হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ সেই ৰজা চীহোনৰ সমুদায় ৰাজ্য, যি জনক মোচিয়ে চীহোনত থকা তলতীয়া মিদিয়নীয়া নেতাসকল- ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল৷22ইস্ৰায়েলৰ সন্তান সকলে যিসকলক বধ কৰিছিল, সেইবোৰৰ মাজত তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে, এই জন লোকে মঙ্গল চোৱা কার্যৰ নিয়ম মানি চলিছিল৷23যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷24মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:25তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,26হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷27মোচিয়ে উপত্যকাত তেওঁলোকক বৈৎ-হাৰম, বৈৎ-নিম্ৰা, চুক্কোৎ, চাফোন, হিচবোনৰ ৰজা চীহোনৰ অৱশিষ্ট ৰাজ্য, যৰ্দ্দনৰ পূব দিশে কিন্নেৰৎ সাগৰৰ কাষলৈকে যৰ্দ্দন আৰু তাৰ অঞ্চল দান কৰিলে৷28এইটোৱেই হৈছে গাদৰ জন-গোষ্ঠীক বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ, এইবোৰ নগৰ তেওঁলোকৰ গাৱেঁৰে সৈতে আছিল।29মোচিয়ে মনচিৰ আধা জন-গোষ্ঠীক উত্তৰাধিকাৰী হ’বলৈ দিলে৷ মনচিৰ সন্তান সকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে।30তেওঁলোকৰ সীমা মহনয়িমৰ পৰা সকলো বাচান, বাচানৰ ৰজা ওগৰ গোটেই ৰাজ্য আৰু বাচানত থকা যায়ীৰৰ সকলো নগৰ অৰ্থাৎ ষাঠিখন নগৰ;31গিলিয়দৰ আধা দেশ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ী নগৰ ৷ এই সকলোবোৰ মনচিৰ পুত্ৰ মাখীৰৰ আধা বংশৰ পৰিয়ালৰ প্ৰত্যেককে দিবলৈ নির্ধাৰিত কৰা হ’ল।32এইবোৰেই যিৰীহোৰ পূবফালে থকা যৰ্দ্দনৰ সিপাৰৰ মোৱাবৰ সমথলত মোচিয়ে লোকসকলক ভগাই দিয়া উত্তৰাধিকাৰ৷33কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন যিহো 13 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/joshua/013.mp3 24 13