× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 যিহো আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 6 1234567891011121314151617181920212223241 1 1 : 1 1234567891011121314151617181920212223242526271 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন যিহো 6 नोट सहेजें 1সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল।2পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।3তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা।4আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।5আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।”6তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”7পাছত তেওঁ লোকসকলক ক’লে, “তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল যিহোৱাৰ চন্দুকৰ আগে আগে যোৱা।”8এইদৰে যিহোচূৱাই লোকসকলক কোৱাৰ দৰে, মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল।9ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ’ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ’ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ’ল।10তাৰ পাছত যিহোচূৱাই লোকসকলক আজ্ঞা দি ক’লে, “মই তোমালোকক মহাধ্বনি কৰিবলৈ আজ্ঞা দিয়া দিনটো নহালৈকে, তোমালোকে ধ্বনি নকৰিবা আৰু নিজ নিজ মাত নুশুনাবা, তোমালোকৰ মুখৰ পৰা কোনো কথা নোলাওক; মই যিদিনা আজ্ঞা দিম, সেই দিনাহে তোমালোকে মহাধ্বনি কৰিবা।”11এইদৰে তেওঁ নগৰৰ চাৰিওফালে যিহোৱাৰ নিয়ম-চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে ছাউনিলৈ আহি ৰাতি ছাউনিতে থাকিল।12তাৰ পাছদিনা যিহোচূৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক দাঙি ল’লে৷13মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ’ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ’ল।14তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল৷ এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে।15পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে।16সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে।17কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল।18তোমালোকে সেই ব্যৱহাৰৰ বাবে যিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা।19সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”20তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে৷ শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে৷ তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে।21তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে।22তেতিয়া গুপুতে দেশৰ বুজ-বিচাৰ লোৱা মানুহ দুজনক যিহোচূৱাই ক’লে, “তোমালোকে সেই বেশ্যাৰ ঘৰত সোমাই তিৰোতা জনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাইৰ সকলোকে উলিয়াই আনাগৈ।”23তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত হ’ল।24আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।25কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল।26সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”27এইদৰে যিহোৱা যিহোচূৱাৰ লগত আছিল আৰু তেওঁৰ যশস্যা গোটেই কনান দেশত বিয়পি গ’ল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন যিহো 6 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/joshua/006.mp3 24 6