× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 বিচাৰ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 18 1234567891011121314151617181920211 1 1 : 1 123456789101112131415161718192021222324252627282930311 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন বিচাৰ 18 नोट सहेजें 1সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো স্হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল।2তেতিয়া দানৰ সন্তান সকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল।3তেওঁলোকে মীখাৰ ঘৰৰ ওচৰত থাকোঁতে, সেই লেবীয়া ডেকাৰ উচ্ছাৰণত তেওঁক চিনি পালে আৰু তেওঁৰ ওচৰলৈ গৈ সুধিলে, “এই ঠাইলৈ তোমাক কোনে আনিলে? আৰু ইয়াত তোমাৰ কি কাম?”4তাতে তেওঁ তেওঁলোকক ক’লে, “মীখাই মোলৈ এই দৰে ব্যৱহাৰ কৰিলে; তেওঁ মোক বেতন দিবলৈ স্বীকাৰ কৰাত মই তেওঁৰ পুৰোহিত হ’লো।”5তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাক অনুৰোধ কৰোঁ, যাবলগীয়া পথত আমাৰ মঙ্গল হ’ব নে নহ’ব, সেই বিষয়ে আমি জানিবৰ কাৰণে, তুমি ঈশ্বৰক সোধা।”6তাতে সেই পুৰোহিতে তেওঁলোকক ক’লে, “কুশলে যোৱা, তোমালোকে যাবলগীয়া পথ যিহোৱাৰ সাক্ষাতত আছে।”7তাৰ পাছত সেই পাঁচজন লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল ।8পাছত তেওঁলোকে চৰা আৰু ইষ্টায়োললৈ নিজ ভাইসকলৰ গুৰিলৈ উলটি গ’ল, তাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক সুধিলে “তোমালোকে কি সম্বাদ আনিছা?”9তেতিয়া তেওঁলোকে ক’লে, “ব’লা, আমি সেই লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰোঁ! আমি সেই দেশ দেখিলোঁ; অতি উত্তম দেশ, তোমালোকে কেলেই একো নকৰাকৈ আছা? সেই দেশলৈ যাবৰ বাবে আৰু সেই দেশ অধিকাৰ কৰিবলৈ পলম নকৰিবা।10যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”11তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।12তেওঁলোকে উঠি গৈ যিহূদাৰ কিৰিয়ৎ-যিয়াৰীমত ছাউনি পাতিলে; এই কাৰণে আজিলৈকে সেই ঠাইক মহনে-দান বোলে। সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পাছত আছে।13পাছত তেওঁলোকে তাৰ পৰা ইফ্ৰয়িম পাহাৰীয়া অঞ্চললৈ যাত্রা কৰি গৈ মীখাৰ ঘৰ পালেগৈ।14তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”15তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মীখাৰ সেই লেবী বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মঙ্গলবাদ জনালে।16আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।17তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পধূলি মুখত থিয় হৈ আছিল।18যেতিয়া তেওঁলোকে মীখাৰ ঘৰত সোমাই কটা মুৰ্ত্তিটো, এফোদখন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে, তেতিয়া সেই পুৰোহিতে তেওঁলোকক ক’লে, “তোমালোকে কি কৰিছা?”19তেতিয়া তেওঁলোকে তেওঁক ক’লে, “মনে মনে থাকা! মুখত হাত দি আমাৰ লগত ব’লা, আমাৰ পিতৃ আৰু পুৰোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুৰোহিত হোৱা তোমাৰ ভাল নে, নাইবা ইস্ৰায়েলৰ এক ফৈদ আৰু এক ফৈদৰ পুৰোহিত হোৱা ভাল?”20তেতিয়া পুৰোহিতৰ মন আনন্দত পৰিপূর্ণ হৈ উঠিল আৰু তেওঁ এফোদ এখন, গৃহ-দেৱতাকেইটা আৰু কটা মুৰ্ত্তিটো লৈ সেই লোকসকলৰ মাজলৈ গ’ল।21তাৰ পাছত তেওঁলোকে মুখ ঘূৰাই তাৰ পৰা প্ৰস্থান কৰিলে আৰু ল’ৰা-ছোৱালী, পশু আৰু বহুমূল্য বস্তুবোৰ নিজৰ লগত ল’লে।22যেতিয়া তেওঁলোকে মীখাৰ ঘৰৰ পৰা কিছু আঁতৰ হৈ গ’ল, মীখাৰ ঘৰৰ ওচৰত থকা লোকসকলে গোট খাই দানৰ সন্তান সকলৰ পাছে পাছে গৈ ওচৰ চাপি একলগ হ’ল আৰু দানৰ সন্তান সকলক মাতিবলৈ ধৰিলে।23তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ?24তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”25তেতিয়া দানৰ সন্তান সকলে তাক ক’লে, “আমাৰ মাজত তোৰ মাত শুনা নাযাওক; নহ’লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়াল সহ তোৰ প্ৰাণ নষ্ট হ’ব।”26পাছত দানৰ পৰিয়ালৰ সন্তান সকলে নিজৰ বাটেদি গুচি গ’ল আৰু মীখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল।27এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।28সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল; কিয়নো সেই নগৰ চীদোনৰ পৰা দূৰত আছিল, আৰু কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল আৰু সেই নগৰ বৈৎ-ৰহোবলৈকে বিস্তৃত হোৱা সমথলত আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে।29আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।30পাছত দানৰ সন্তান সকলে নিজৰ বাবে সেই কটা মুৰ্ত্তি স্থাপন কৰিলে; তাতে দেশৰ লোকসকলক দেশান্তৰলৈ নিয়ালৈকে মোচি ৰ নাতিয়েক গেৰ্চোমৰ পুত্ৰ যোনাথন আৰু তাৰ সন্তান সকল দান ফৈদৰ পুৰোহিত হ’ল।31যেতিয়ালৈকে চীলোত ঈশ্বৰৰ গৃহ আছিল, তেতিয়ালৈকে তেওঁলোকে আপোনালোকৰ কাৰণে, মীখাই নিৰ্ম্মাণ কৰা সেই কটা-মুৰ্ত্তি স্থাপন কৰি ৰাখিলে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন বিচাৰ 18 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/judges/018.mp3 21 18