× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 বিচাৰ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 19 1234567891011121314151617181920211 1 1 : 1 1234567891011121314151617181920212223242526272829301 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন বিচাৰ 19 नोट सहेजें 1যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল;2পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল।3পাছত তাইৰ গিৰিয়েকে উঠি আহি তাইক বুজাই পুনৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ’ল; তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁৰ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।4সেই যুৱতীৰ বাপেকে অর্থাৎ তেওঁৰ শহুৰেকে তেওঁক তিন দিন ধৰি লগত থাকিবলৈ অনুৰোধ কৰিলে; তেতিয়া তেওঁ তেওঁলোকৰে সৈতে তাত খোৱা-বোৱা কৰি থাকিল।5পাছত চতুৰ্থদিনা তেওঁলোক ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল; তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক’লে, “তুমি অলপ আহাৰ গ্রহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা।”6তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।”7তথাপি সেই মানুহ যাবলৈ উঠিল, কিন্তু শহুৰেকে তেওঁক থাকিবলৈ বৰকৈ ধৰাত, সেই ৰাতিও থাকিল।8পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত, শহুৰেকে তেওঁক ক’লে, “খোৱা-বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থিৰ কৰা।” সেয়ে, তেওঁলোক দুয়োজন বহি ভোজন কৰিলে।9পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।”10কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ’ল আৰু উঠি যাত্ৰা কৰি যিবুচ অৰ্থাৎ যিৰূচালেমৰ ওচৰ আহি পালে; তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল।11তেওঁলোক যিবুচৰ ওচৰ আহি পোৱাত দিন প্ৰায় শেষ হ’ল; তেতিয়া দাসে তেওঁৰ গৰাকীক ক’লে, “নিবেদন কৰোঁ, আহক আমি যিবুচীয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁহক।”12কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তান সকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাও; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।”13তেওঁ দাসক ক’লে, “আহা আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম।”14এইদৰে তেওঁলোক আগবাঢ়ি গ’ল আৰু বিন্যামীনৰ অধিকাৰত থকা গিবিয়াৰ ওচৰ পোৱাত বেলি মাৰ গ’ল।15তেতিয়া তেওঁলোকে বাট এৰি ৰাতি থাকিবৰ কাৰণে গিবিয়ালৈ সোমাই গ’ল; আৰু তেওঁ সোমাই গৈ সেই নগৰৰ চ’কত বহিল; কিয়নো কোনেও নিজৰ ঘৰত ৰাতি থাকিবৰ কাৰণে তেওঁলোকক ঠাই নিদিলে।16সেই সময়ত এজন প্রাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধিয়া পৰত ঘৰলৈ উভতি আহি আছিল, সেইজন লোক ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল; কিন্তু নগৰৰ লোকসকল হ’লে বিন্যামীনীয়া লোক আছিল।17সেই প্রাপ্ত বয়স্ক লোকজনে মুৰ দাঙি চাই নগৰৰ চ’কত সেই পথিকক দেখি সুধিলে, “তুমি ক’লৈ যোৱা? আৰু ক’ৰ পৰা আহিছা?”18তেওঁ লোকজনক ক’লে, “আমি যিহূদাৰ বৈৎলেহেমৰ পৰা আহিছোঁ, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সিফাললৈ যাওঁ; মই সেই ঠাইৰ মানুহ। যিহূদাৰ বৈৎলেহেমলৈ গৈছিলোঁ, এতিয়া মই যিহোৱাৰ গৃহ লৈ যাওঁ কিন্তু কোনেও মোক ঘৰত ঠাই দিয়া নাই।19আমাৰ গাধবোৰৰ কাৰণে ধান-খেৰ আৰু দানা আছে; লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস-দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দ্ৰাক্ষাৰস আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই।”20তেতিয়া সেই প্রাপ্ত বয়স্ক লোকজনে ক’লে, “তোমাৰ শান্তি হওঁক; তোমাৰ প্ৰয়োজনীয় সকলোৰে দ্বায়ীত্ব মই ল’লো। তোমালোকে মোৰ লগত ব’লা; তুমি কোনো কাৰণতেই এই চ’কত ৰাতিটো থাকিব নালাগে।”21পাছত সেই প্ৰাপ্তবয়স্ক লোকজনে তেওঁক নিজৰ ঘৰলৈ নি গাধবোৰক ঘাঁহ দিলে আৰু তেওঁলোকে ভৰি ধুই ভোজন-পান কৰিলে।22এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”23তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক’লে, “হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম নকৰিবা! সেই পুৰুষ মোৰ ঘৰত অতিথিহৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মুৰ্খতাৰ কৰ্ম নকৰিবা।24চোৱা, ইয়াত মোৰ এজনী কুমাৰী জী আৰু তেওঁৰ উপপত্নী আছে; মই সিহঁতক বাহিৰ কৰি আনো, তোমালোকে সিহঁতৰে মন ভ্ৰষ্ট কৰা; সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা; কিন্তু সেই পুৰুষলৈ তোমালোকে মুৰ্খতাৰ কৰ্ম নকৰিবা।”25তথাপি সিহঁতে প্ৰাপ্ত বয়স্ক জনৰ কথা শুনিবলৈ অসন্মত হ’ল; তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে; তাতে সিহঁতে তাইৰ পৰিচয় ল’লে আৰু গোটেই ৰাতি তাইক ধর্ষণ কৰিলে; পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ’ল।26পাছত তিৰোতাজনীয়ে নিজৰ গিৰীয়েকে আলহী হৈ থকা প্ৰাপ্ত বয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰমুখত পৰি থাকিল।27পাছত ৰাতিপুৱা সেই তিৰোতাৰ গৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰ-ডলি বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ উপপত্নী হাত পেলাই পৰি আছে।28তেওঁ তাইক ক’লে, “উঠি, আমি যাওঁ;” কিন্তু তাই একো উত্তৰ নিদিলে; পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ’ল।29যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে।30যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে নিজৰ মাজতে ক’লে, “ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন বিচাৰ 19 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/judges/019.mp3 21 19