× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰূথ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 10 123456789101112131415161718192021222324252627282930311 1 1 : 1 1234567891011121314151617181920212223242526271 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 10 नोट सहेजें 1তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, যিহোৱাৰ নিজ বংশ ৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?2আজি তুমি যেতিয়া মোৰ ওচৰৰ পৰা যাবা, তেতিয়া বিন্যামীনৰ সীমাত থকা চেলচহত ৰাহেলৰ মৈদামৰ ওচৰত দুজন মানুহ লগ পাবা। তেওঁলোকে তোমাক ক’ব ‘তুমি যি গাধবোৰ বিচাৰি গৈছিলা, সেইবোৰ পোৱা হ’ল। এতিয়া তোমাৰ পিতৃয়ে গাধবোৰলৈ চিন্তা কৰিবলৈ এৰি তোমাৰ কাৰণে চিন্তা কৰি কৈছে, “মোৰ পুত্ৰৰ বিষয়ে কি কৰিম?’’3তাৰ পাছত তুমি তাৰ পৰা আগবাঢ়ি গৈ তাবোৰৰ এলোন গছজোপা পাবা। বৈৎএললৈ ঈশ্বৰৰ ওচৰলৈ যোৱা তিনিজন লোকক তুমি তাত পাবা, তাৰে এজনে তিনিটা ছাগলী পোৱালি, আন জনে তিনিটা পিঠা, আৰু আন জনে এক মোট দ্ৰাক্ষাৰস কঢ়িয়াই অনা দেখিবা।4তেওঁলোকে তোমাক মঙ্গলবাদ কৰিব আৰু তোমাক দুটা পিঠা দিব, তুমি তেওঁলোকৰ হাতৰ পৰা তাক ল’বা।5তাৰ পাছত, তুমি পলেষ্টীয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্ব্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাণী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এদল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ’ব।6তেতিয়া যিহোৱাৰ আত্মাই তোমাত স্থিতি ল’ব; তেতিয়া তুমিও তেওঁলোকৰ লগত ভাববাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ’বা।7এই সকলো চিন তোমালৈ ঘটাৰ পাছত, আমাৰ হাতে কৰিব খোজা সকলো কাম কৰিবা, কাৰণ যিহোৱা তোমাৰ লগত আছে।8মোৰ আগেয়ে তুমি গিলগললৈ নামি যোৱা। তাৰ পাছ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবলৈ মই তোমাৰ ওচৰলৈ যাম। মই যেতিয়ালৈকে তোমাৰ ওচৰলৈ গৈ তুমি কৰিবলগীয়া কাম তোমাক নুবুজাওঁ, তেতিয়ালৈকে তুমি সাত দিন মোৰ বাবে অপেক্ষা কৰিবা।9চৌলে চমূৱেলৰ ওচৰৰ পৰা যাবলৈ ওলাল আৰু যিহোৱাই তেওঁৰ মন পৰিৱৰ্তন কৰিলে।10যেতিয়া তেওঁলোকে পৰ্ব্বত পালেগৈ, এদল ভাববাদীয়ে তেওঁক লগ পালে, তাতে যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল আৰু তেওঁলোকৰ মাজত তেৱোঁ ভাববাণী প্ৰচাৰ কৰিলে।11তেওঁক আগৰ পৰা যিসকলে জানিছিল তেওঁলোকে ভাববাদীসকলৰ সৈতে তেওঁক ভাববাণী প্ৰচাৰ কৰা দেখি, ইজনে-সিজনক ক’লে, “কীচৰ পুত্রৰ কি হ’ল? চৌলো ভাববাদীসকলৰ মাজৰ এজন নেকি?”12তাত থকা এজন মানুহে উত্তৰ দিলে, “তেওঁলোকৰ পিতৃ কোন?” ইয়াৰ কাৰণে এই কথা প্রচলিত হ’ল, “চৌলো ভাববাদীসকলৰ মাজৰ এজন নে?”13ভাববাণী প্ৰচাৰ কৰি শেষ হোৱাৰ পাছত তেওঁ ওখ স্থানলৈ গ’ল।14চৌলৰ দদায়েকে তেওঁক আৰু তেওঁৰ দাসক সুধিলে, “তোমালোক ক’লৈ গৈছিলা?” তেওঁ উত্তৰ দি ক’লে, “গাধবোৰ বিচাৰি গৈছিলোঁ; কিন্তু গাধবোৰ ক’তো বিচাৰি নাপাই আমি চমূৱেলৰ ওচৰলৈ গ’লো।”15চৌলৰ দদায়েকে ক’লে, “অনুগ্ৰহ কৰি কোৱাচোন চমূৱেলে তোমালোকক কি ক’লে?”16চৌলে দদায়েকক ক’লে, “তেওঁ আমাক স্পষ্টকৈ ক’লে যে, “গাধবোৰ বিচাৰি পাবা।” কিন্তু ৰাজ্যৰ বিষয়ে যি কথা চমূৱেলে তেওঁক কৈছিল, সেই কথা তেওঁ দদায়েকক নক’লে।17চমূৱেলে লোকসকলক মতি আনি মিস্পাত যিহোৱাৰ সাক্ষাতে গোট খোৱালে।18ইস্ৰায়েলৰ সন্তান সকলক তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই ইস্ৰায়েলক মিচৰৰ পৰা আনিলোঁ, মিচৰীয়াসকলৰ হাতৰ পৰা আৰু যিবোৰ ৰাজ্যই তোমালোকক উপদ্ৰৱ কৰিছিল তেওঁলোকৰ পৰা মই উদ্ধাৰ কৰিলোঁ।19কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”20তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ সকলো ফৈদক ওচৰলৈ আনিলে আৰু বিন্যামীন ফৈদক মনোনীত কৰিলে।21গোষ্ঠী অনুসাৰে বিন্যামীন ফৈদক ওচৰলৈ আনাৰ পাছত মট্ৰীয়া সকলৰ গোষ্ঠীক মনোনীত কৰা হ’ল আৰু তাৰ মাজত কীচৰ পুত্ৰ চৌলক মনোনীত কৰিলে; কিন্তু তেওঁলোকে যেতিয়া তেওঁক বিচাৰি গ’ল, তেতিয়া তেওঁক বিচাৰি নাপালে।22তেতিয়া লোকসকলে যিহোৱাক বহুতো প্ৰশ্ন সুধিব খুজিলে, “এতিয়াও এই ঠাইলৈ আন এজন মানুহ আহিব লগা আছে নে?” যিহোৱাই উত্তৰ দিলে, “সেই পুৰুষ মালবস্তুৰ মাজত লুকাই আছে।”23তেওঁলোকে লগে লগে দৌৰি গৈ তাৰ পৰা তেওঁক উলিয়াই আনিলে, আৰু তেওঁ লোকসকলৰ মাজত থিয় হোৱাত, আন সকলো লোকতকৈ তেওঁ ওখ আছিল।24তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱি হওঁক!”25তাৰ পাছত চমূৱেলে লোকসকলৰ আগত ৰাজ্যৰ ৰীতি-নীতি ব্যাখ্যা কৰিলে, আৰু এখন পুস্তকত এই সকলো লিখি যিহোৱাৰ সন্মুখত ৰাখিলে। তাৰ পাছত চমূৱেলে লোকসকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিলে।26চৌলেও নিজৰ ঘৰ গিবিয়ালৈ গ’ল; আৰু ঈশ্বৰে যিসকলৰ হৃদয় স্পৰ্শ কৰিলে, এনে কেইজন মান শক্তিমান পুৰুষ তেওঁৰ লগত গ’ল।27কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 10 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1samuel/010.mp3 31 10