× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰূথ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 18 123456789101112131415161718192021222324252627282930311 1 1 : 1 1234567891011121314151617181920212223242526272829301 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 18 नोट सहेजें 1দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।2চৌলে সেইদিনা তেওঁক নিজৰ কামৰ বাবে ল’লে, আৰু তেওঁক নিজ পিতৃৰ ঘৰলৈ ঘূৰি যাব নিদিলে।3তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।4যোনাথনে নিজৰ পিন্ধি থকা ৰাজবস্ত্ৰ সোলোকাই দায়ূদক দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ, যেনে তৰোৱাল, ধনু আৰু টঙালিও দিলে।5চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।6পলেষ্টীয়াসকলক পৰাজিত কৰি যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া ইস্ৰায়েলৰ সকলো নগৰৰ মহিলাসকলে চৌলক ল’গ ধৰিবলৈ খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি-বাগি ওলাই আহিল।7মহিলাসকলে এটাৰ পাছত আনটো গান আনন্দ কৰি গাবলৈ ধৰিলে, “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।”8তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”9সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।10তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।11চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।12চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।13সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।14আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।15চৌলে যেতিয়া দেখিলে যে দায়ূদৰ উন্নতি হৈছে, তেতিয়া তেওঁ ত্ৰাসযুক্ত হ’ল।16কিন্তু সকলো ইস্ৰায়েল আৰু যিহূদাই দায়ূদক ভাল পালে, কাৰণ তেওঁ তেওঁলোকৰ আগলৈ ওলাই আহিল।17চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”18দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”19কিন্তু চৌলৰ ছোৱালী মেৰবক বিয়া দিয়াৰ সময়ত তাইক মহোলাতীয়া অদ্ৰীয়েলেৰে সৈতে বিয়া দিয়া হ’ল।20তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।21চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”22আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”23সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”24পাছত চৌলৰ দাস সকলে দায়ূদে কোৱা কথাখিনি তেওঁক ক’লে।25তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।26যেতিয়া তেওঁৰ দাসবোৰে দায়ূদক এই কথা ক’লে, তেতিয়া দায়ুদ ৰজাৰ জোঁৱাই হ’বলৈ আনন্দিত হ’ল।27সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।28চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।29পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।30তাৰ পাছত পলেষ্টীয়াসকলৰ ৰাজকুমাৰসকল যুদ্ধৰ বাবে ওলাই আহিল। কিন্তু যিমানেই তেওঁলোক ওলাই আহিল, সিমানেই দায়ূদে চৌলৰ দাসবোৰতকৈও অধিকক জয় কৰিলে। সেয়ে তেওঁৰ নাম অতিশয় সন্মানীয় বুলি গণ্য হ’বলৈ ধৰিলে।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 18 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1samuel/018.mp3 31 18