× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰূথ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 2 123456789101112131415161718192021222324252627282930311 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435361 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 2 नोट सहेजें 1হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।2যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।3তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।4বীৰসকলৰ ধনু ভঙা হ’ল, উজুটি খোৱা সকলক বলৰূপ টঙালিৰে বন্ধা হ’ল।5তৃপ্ত হোৱাসকলে আহাৰৰ ববে কাম কৰিব লগা হ’ল, ভোকত থকা সকলৰ খাদ্যৰ অভাৱ নহ’ল৷ সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকা জনী নিশকতীয়া হৈ গ’ল৷6যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷7যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷8তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।9তেওঁৰ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।10যিহোৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ’ব, তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বজ্ৰধ্ৱনি কৰিব। যিহোৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেৱেঁই তেওঁৰ ৰজাক শক্তি দিব, আৰু নিজ অভিষিক্ত জনক উচ্চস্থানলৈ নিব।”11তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ’ল৷ কিন্তু তেওঁৰ সন্তান চমূৱেলে এলী পুৰোহিতৰ সাক্ষাতে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ ধৰিলে।12এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল।13এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙহ সিজাওঁতে, পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহে;14আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে।15তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, “পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।”16কিন্তু মানুহজনে যদি তেওঁক কয়, “প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব”, তেতিয়া তেওঁ কয়, “নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।”17সেয়েহে যিহোৱাৰ দৃ্ষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ’ল, কিয়নো সেই ডেকাসকলে যিহোৱাৰ নৈবেদ্য হেয়জ্ঞান কৰিছিল।18সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;19তাৰ ওপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল।20এলীয়ে ইলকানাক আৰু তেওঁৰ ভাৰ্যাকো আশীৰ্ব্বাদ কৰি ক’লে, “যিহোৱাৰ অনুগ্ৰহত পোৱা সন্তানটিক যিহোৱালৈ উৎসৰ্গ কৰাৰ বাবে এই সন্তানৰ সলনি যিহোৱাই তোমাক এই ভাৰ্যাৰ পৰা পুনৰ সন্তান দিয়ক।” তাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গ’ল।21যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল’ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ’ল।22সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে।23তেতিয়া তেওঁ সিহঁতক ক’লে, “তোমালোকে এনে কৰ্ম কিয় কৰিছাহঁক? কিয়নো আটাই মানুহৰ মুখে মুখে মই তোমালোকৰ কুকৰ্মৰ কথা শুনিছোঁ।24হে মোৰ বোপাহঁত, তোমালোকে শুনা তোমালোকে এনে কৰ্ম নকৰিবা; কিয়নো মই যি কথা শুনিছোঁ, সেয়ে ভাল নহয়। তোমালোকে যিহোৱাৰ লোকসকলক আজ্ঞা লঙ্ঘন কৰাইছাহঁক।25কোনো এজন মানুহে যদি মানুহৰ অহিতে দোষ কৰে, তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব; কিন্তু কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁৰ পক্ষে কোনে অনুৰোধ কৰিব?” তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে; কিয়নো যিহোৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে।26কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ’ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ’ল।27তাৰ পাছত ঈশ্বৰৰ এজন ব্যক্তিয়ে এলীৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহোৱাই এই বাৰ্তা দিছে, যি সময়ত তোমাৰ পিতৃ মিচৰত ফৰৌণৰ বংশৰ অধীনত আছিল, সেই সময়ত মই তেওঁলোকক দৰ্শন দিয়া নাছিলোঁ নে?28তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?29সেয়েহে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলৰ সকলো উপহাৰৰ আগ ভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেই বাবে তুমি মোতকৈ, নিজ সন্তান সকলক কিয় অধিক আদৰ কৰিছা?30সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।31চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃবংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধলোক নাথাকিব, এনে সময় আহিছে।32মই যি ঠাইত বাস কৰোঁ, তুমি সেই ঠাইত অমঙ্গল দেখিবা৷ কিন্তু ঈশ্বৰে ইস্ৰায়েলক দিয়া মঙ্গলৰ অৰ্থে তোমাৰ বংশত কেতিয়াও কোনো বৃদ্ধ নহ’ব।33আৰু মই মোৰ যজ্ঞ-বেদীৰ পৰা তোমাৰ বংশৰ কেৱল এজনক দূৰ নকৰিম, সি তোমাৰ চকু দুৰ্ব্বল কৰিবলৈ আৰু তোমাৰ মনত বেজাৰ জন্মাবলৈহে থাকিব আৰু তোমাৰ বংশত জন্ম গ্ৰহণ কৰা সকলো লোকৰ যৌৱন অৱস্থাতে মৃত্যু হ’ব।34ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পীনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ’ব।35আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব।36আৰু তোমাৰ বংশৰ মাজৰ অৱশিষ্ট থকা প্ৰতিজনে আহি এডোখৰ ৰূপ আৰু এটা পিঠাৰ কাৰণে তেওঁৰ আগত প্ৰণিপাত কৰি ক’ব, বিনয় কৰোঁ, মই যেন এডোখৰ পিঠা খাবলৈ পাওঁ, সেই বাবে, অনুগ্ৰহ কৰি কোনো পুৰোহিত পদৰ বাবে মোক নিযুক্তি দিয়ক৷”Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 2 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1samuel/002.mp3 31 2