× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰূথ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 26 123456789101112131415161718192021222324252627282930311 1 1 : 1 123456789101112131415161718192021222324251 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 26 नोट सहेजें 1পাছত জীফীয়াসকলে গিবিয়াত থকা চৌলৰ ওচৰলৈ গ’ল আৰু ক’লে, “দায়ুদ জানো মৰুপ্ৰান্তৰ সন্মুখত থকা হখীলা পাহাৰত লুকাই থকা নাই?”2তেতিয়া চৌল উঠিল আৰু জীফৰ মৰুপ্ৰান্তলৈ নামি গ’ল। তাতে তেওঁ ইস্ৰায়েলৰ তিনি হাজাৰ মনোনীত লোকক লগত ল’লে আৰু জীফৰ মৰুপ্ৰান্তলৈ দায়ূদক বিচাৰি গ’ল।3চৌলে হখীলা পাহাৰত ছাউনি পাতিলে, সেয়া মৰুপ্ৰান্তৰ পথৰ দাতিত আছিল। কিন্তু দায়ুদ মৰুপ্ৰান্তত আছিল, তেওঁ দেখিলে যে চৌলে তেওঁক বিচাৰি মৰুপ্ৰান্তলৈ আহিছে।4তেতিয়া তালৈ দায়ুদে চোৰাং-চোৱা পঠিয়ালে আৰু চৌল যে নিশ্চয়ে আহিছে, সেই বিষয়ে জানিব বিচাৰিলে।5পাছত দায়ুদ উঠিল আৰু চৌলে ছাউনি পতা ঠাইলৈ গ’ল। তেওঁ চৌল আৰু তেওঁৰ সেনাপতি নেৰৰ পুত্ৰ অবনেৰৰ শোৱা ঠাই চালে; তেতিয়া চৌল ছাউনিৰ ভিতৰত শুই আছিল আৰু লোকসকল ছাউনিৰ চাৰিওফালে শুই আছিল।6তাতে দায়ূদে হিত্তীয়া অহীমেলক আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়ক ক’লে, “চৌলৰ ছাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব?” অবীচয়ে ক’লে, “আপোনাৰ লগত মই যাম।”7সেয়ে দায়ুদ আৰু অবীচয়ে সেই ৰাতি সেনাসকলৰ ওচৰলৈ গৈ দেখিলে যে, চৌল ছাউনিৰ ভিতৰত শুই আছে আৰু তেওঁৰ মূৰ-শিতানৰ ওচৰত তেওঁৰ যাঠী মাটিত খোঁচ মাৰি থোৱা আছে। অবনেৰ আৰু তেওঁৰ সেনাসকলে তেওঁৰ চাৰিওফালে শুই আছিল।8তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ধিতীয়বাৰ আঘাত নকৰোঁ।”9দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?”10দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব।11মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”12এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।13পাছত দায়ুদ আনফালে গ’ল আৰু পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল।14তেতিয়া দায়ূদে লোকসকলক আৰু নেৰৰ পুত্ৰ অবনেৰক মাতি ৰিঙিয়াই ক’লে, হে অবনেৰ, তুমি জানো উত্তৰ নিদিয়া? তাতে অবনেৰে উত্তৰ দি ক’লে, “ৰজালৈ চিঞৰি কোৱা তুমি কোন?”15পাছত দায়ুদে অবনেৰক কলে, “তুমি জানো বীৰ নোহোৱা? ইস্ৰায়েলৰ মাজত তোমাৰ নিচিনা কোন আছে? তেনেহলে তুমি নিজ প্ৰভু ৰজাক কিয় ক্ষমা নকৰিবা? কিয়নো চোৱা, তোমাৰ প্ৰভু ৰজাক ধ্বংস কৰিবলৈ লোকসকলৰ মাজত কোনোবা এজন সোমাইছিল।16তুমি ভাল কৰ্ম কৰা নাই। যিহোৱাৰ জীৱনৰ শপত, তোমালোক প্ৰাণণ্ডৰ যোগ্য; কিয়নো তোমালোকে যিহোৱাৰ অভিষিক্ত তোমালোকৰ প্ৰভুক ৰক্ষা কৰা নাই। আৰু তুমি এতিয়া চোৱা, ৰজাৰ মূৰ-শিতানৰ ওচৰত থকা বৰছা আৰু জলপাত্ৰ ক’ত আছে?17তেতিয়া চৌলে দায়ুদৰ মাত বুজি পাই ক’লে, “হে মোৰ বোপা দায়ুদ, এয়ে তোমাৰ মাত নে?” তাতে দায়ুদে ক’লে, “হয় প্ৰভু মহাৰাজ, মোৰ মাত।”18তেওঁ পুনৰ ক’লে, “মোৰ প্ৰভুৱে আপোনাৰ দাসৰ পাছে পাছে কিন্তু খেদি আহিছে? মই নো কি কৰিলোঁ? আৰু মোৰ হাতত বা কি অনিষ্ট আছে?19এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।20এই হেতুকে এতিয়া যিহোৱাৰ অসাক্ষাতে মোৰ তেজ ভুমিত নপৰক; কিয়নো পৰ্ব্বতত কইৰা চৰাইৰ পাছত খেদি ফুৰা চিকাৰীৰ নিচিনাকৈ, ইস্ৰায়েলৰ ৰজাই এটি কুকুৰচিটিকাক বিচাৰি ওলাই আহিছে।”21তাতে চৌলে ক’লে, “মই পাপ কৰিলোঁ। হে মোৰ বোপা দায়ুদ, তুমি উভটি আহাঁ; মই তোমাক পুনৰ হিংসা নকৰোঁ; কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ’ল; চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ।”22পাছত দায়ূদে উত্তৰ দিলে, “হে মহাৰাজ, যাঠিডাল চাওক; আৰু ডেকাসকলৰ কোনো এজনে আহি ইয়াক লৈ যাওক।23যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো।24এই হেতুকে চাওক, আজি যেনেকৈ মোৰ সাক্ষাতে আপোনাৰ প্ৰাণ মহামূল্যৱান হ’ল, তেনেকৈ যিহোৱাৰ সাক্ষাতে মোৰ প্ৰাণো মহামূল্যৱান হওক, আৰু তেওঁ সকলো সঙ্কটৰ পৰা মোক উদ্ধাৰ কৰক।”25পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” পাছত দায়ূদে নিজ বাটেদি গুচি গ’ল, আৰু চৌলো তেওঁৰ ঠাইলৈ উভটি গ’ল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 26 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1samuel/026.mp3 31 26