× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 ১ ৰূথ আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 28 123456789101112131415161718192021222324252627282930311 1 1 : 1 123456789101112131415161718192021222324251 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 28 नोट सहेजें 1সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।”2তেতিয়া দায়ূদে আখীচক ক’লে, “ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে, সেয়া আপুনি জানিব পাৰিব।” তেতিয়া আখীচে দায়ূদক ক’লে, “বাৰু, জীয়াই থকালৈকে মইও তোমাক মোৰ ৰখীয়া পাতিম।”3চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।4পলেষ্টীয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত ছাউনি পাতিলে; আৰু চৌলেও আটাই ইস্ৰায়েলী লোকক গোট খুৱালে আৰু গিলবোৱাত ছাউনি পাতিলে।5চৌলে যেতিয়া পলেষ্টীয়াসকলৰ সৈন্য-সামন্ত দেখিলে, তেতিয়া তেওঁ ভয় কৰিলে, আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিবলৈ ধৰিলে।6তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।7তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক’লে, “তোমালোকে মোৰ অৰ্থে কোনো প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা; তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম।” পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওক, অয়িন-দোৰত এজনী প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা আছে।”8তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্ম-বেশ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়েই সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক’ম, তেওঁক তুলি আনা।”9তেতিয়া সেই মহিলাই তেওঁক ক’লে, “চাওক, চৌলে কি কৰিলে, সেই বিষয়ে আপুনি জানে। তেখেতে প্ৰেতাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান্দ পাতিছে?10তাতে চৌলে যিহোৱাৰ নামেৰে তাইৰ আগত শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব।”11তেতিয়া সেই মহিলাই তেওঁক সুধিলে, “মই আপোনাৰ ওচৰলৈ কাক তুলি আনিম?” তেতিয়া তেওঁ ক’লে, “চমূৱেলক তুলি আনা।”12তেতিয়া সেই মহিলাই চমূৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক’লে, “আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়েই চৌল।”13তেতিয়া ৰজাই তাইক ক’লে, “ভয় নকৰিবা; তুমি কি দেখি আছা?” তাতে সেই মহিলাই চৌলক ক’লে, “এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছোঁ।”14চৌলে তাইক সুধিলে, “তেওঁ দেখাত কেনেকুৱা?” তাই ক’লে, “এজন বৃদ্ধ লোক উঠি আহিছে; তেওঁ দীঘল চোলাৰে ঢকা আছে।” তেতিয়া চৌলে তেওঁক চমূৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।15পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।”16তেতিয়া চমূৱেলে চৌলক ক’লে, “এই বিষয়ে তুমি মোক কিয় সুধিছা? কিয়নো যিহোৱাই তোমাক ত্যাগ কৰিলে আৰু তোমাৰ শত্ৰু হ’ল।17যিহোৱাই যেনেদৰে মোৰ যোগেদি কৈছিল, তেওঁ তেনেকৈ কৰিলে; আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ দায়ূদক দিলে।18কিয়নো তুমি যিহোৱাৰ বাক্য পালন কৰা নাই, আৰু অমালেকলৈ তেওঁৰ প্ৰচণ্ড ক্রোধ সিদ্ধ কৰা নাই; এই কাৰণে যিহোৱাই আজি তোমালৈ এই কৰ্ম কৰিলে।19যিহোৱাই তোমাক আৰু ইস্ৰায়েলকো পলেষ্টীয়াসকলৰ হাতত শোধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হ’বা; যিহোৱাই ইস্ৰায়েলৰ সৈন্য-সামন্ত সকলকো ফিলিষ্টীয়া সকলৰ হাতত সমৰ্পণ কৰিব।”20তেতিয়া চৌলে চমূৱেলৰ বাক্য শুনি ভয় পালে আৰু মাটিত দীঘল হৈ পৰিল। আনহাতে গোটেই দিন গোটেই ৰাতি অনাহাৰে থকা বাবে তেওঁৰ গাত একো শক্তি নাছিল।21পাছত সেই মহিলাই চৌলৰ ওচৰলৈ আহিল আৰু তেওঁক অতিশয় ব্যাকুল হোৱা দেখিলে, তাতে তাই তেওঁক ক’লে, “চাওক, আপোনাৰ দাসীয়ে আপোনাৰ বাক্য মানিলে আৰু নিজৰ হাতত আপোন প্ৰাণ লৈ আপুনি মোক কোৱাৰ দৰে কৰিলোঁ।22এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক; তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব।”23কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।24সেই মহিলাৰ ঘৰত এটা দামুৰি আছিল। তাতে তাই সেই দামুৰিটো সোনকালে লৈ আহিল আৰু তাক মাৰিলে। পাছত আটা লৈ খচি খমীৰ নিদিয়া পিঠা তাও দি তৈয়াৰ কৰিলে।25তাৰ পাছত চৌল আৰু তেওঁৰ দাস সকলৰ আগত সেইবোৰ আনি দিলে, আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ’ল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন ১ ৰূথ 28 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/1samuel/028.mp3 31 28