× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी Bosnian Kabardian उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং Tibetian दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई सुंडानी वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु Aceh Balinese Bugis Pampanga Sasak Shan Waray Madurese दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी Adilabad Gondi Ahirani बलूची Bundeli Chhattisgarhi Garhwali Kangri Kumaoni Mewari Munda Sadri Seraiki Shekhawati Sylheti Bagri Bhilali Bodo Braj Tulu मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द Mazanderani पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे Bemba Fon Hadiyya Ibibio Kimbundu Kimiiru Lango Liberian Kreyol Lomwe Mende Morisyen Ndau Nyankole Sena Sidamo Soga Songe Sukuma Tarifit Teso Tiv Zande Dagbani Edo Kituba ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 আদি আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 37 12345678910111213141516171819202122232425262728293031323334353637383940414243444546474849501 1 1 : 1 1234567891011121314151617181920212223242526272829303132333435361 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 আদি 37 नोट सहेजें 1যাকোব কনান দেশত বাস কৰিবলৈ ধৰিলে। তেওঁৰ পিতৃয়েও কনান দেশত বাস কৰিছিল।2যাকোবৰ বংশৰ বৃত্তান্ত এইধৰণৰ। যোচেফ যেতিয়া সোঁতৰ বছৰ বয়সৰ এজন যুবক, তেতিয়া তেওঁ ককায়েকসকলৰ সৈতে পশুৰ জাকবোৰ চৰাইছিল। তেওঁ মাহী মাক বিলহা আৰু জিল্পাৰ পুতেকসকলৰ লগত আছিল আৰু বাপেকৰ আগত তেওঁলোকৰ বেয়া কার্যবোৰৰ বিষয়ে সংবাদ দিছিল।3বৃদ্ধ বয়সত হোৱা পুত্র দেখি ইস্ৰায়েলে যোচেফক আন সকলো পুতেকতকৈ তেওঁক অধিক স্নেহ কৰিছিল। তেওঁ তেওঁক এটা ধুনীয়া দীঘল চোলা তৈয়াৰ কৰি দিছিল।4ককায়েকসকলে যেতিয়া বুজিলে যে পিতৃয়ে তেওঁলোকতকৈ যোচেফক অধিক স্নেহ কৰে, তেতিয়া তেওঁলোকে যোচেফক ঘৃণা কৰিবলৈ ধৰিলে আৰু সেয়ে, তেওঁলোকে তেওঁক মৰমেৰে কথা কবলৈও নিবিচাৰিলে।5এদিন যোচেফে এটা সপোন দেখিলে আৰু তেওঁ সেই সপোনৰ বিষয়ে ককায়েকসকলক কোৱাত তেওঁলোকে তেওঁক অধিক বেছিকৈ ঘৃণা কৰিবলৈ ধৰিলে।6যোচেফে তেওঁলোকক ক’লে, “শুনা, মই এটা সপোন দেখিলোঁ।7মই দেখিলোঁ যে আমি পথাৰত কাটি থোৱা শস্যৰ মুঠি বান্ধিছিলোঁ; তাতে মোৰ মুঠিটো পোন হৈ উঠি থিয় হ’ল; তাৰ পাছত তোমালোকৰ মুঠিবোৰে মোৰ মুঠিৰ চাৰিওফালে থিয় হৈ প্ৰণিপাত কৰিলে।”8তাতে তেওঁৰ ককায়েকসকলে তেওঁক ক’লে, “তেনেহ’লে তই সচাঁকৈয়ে আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত সঁচাই তই অধিকাৰ চলাবি নেকি?” এইদৰে তেওঁৰ সপোন, আৰু তেওঁৰ কথাৰ কাৰণে ককায়েকসকলে আৰু অধিককৈ তেওঁক ঘিণ কৰিলে।9পাছত যোচেফে আন এটা সপোন দেখিলে আৰু তেওঁৰ ককায়েকসকলক তাক ক’লে। তেওঁ ক’লে, “শুনা, মই আন এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে সূৰ্য, চন্দ্ৰ আৰু এঘাৰটা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে।”10তেওঁ এই সপোনৰ কথা ককায়েকসকলক কোৱাৰ দৰে বাপেককো কোৱাত বাপেকে তেওঁক ধমকি দি ক’লে, “তই এইটো কি সপোন দেখিলি? তোৰ মাৰ, মই আৰু ককায়েৰহঁতে তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিম নে?”11তাতে তেওঁৰ ককায়েকসকলে তেওঁক হিংসা কৰিলে; কিন্তু বাপেকে হ’লে সেই কথা মনত ৰাখিলে।12পাছত যোচেফৰ ককায়েকসকলে তেওঁলোকৰ বাপেকৰ পশুৰ জাকবোৰ চৰাবলৈ চিখিমলৈ গৈছিল।13ইস্ৰায়েলে যোচেফক ক’লে, “তোমাৰ ককায়েৰাসকলে চিখিমত পশুৰ জাকবোৰ জানো চৰাই থকা নাই? আহাঁ, মই তোমাক সিহঁতৰ ওচৰলৈ পঠাম।” তাতে যোচেফে তেওঁক ক’লে “ঠিক আছে, মই যাবলৈ প্রস্তুত আছোঁ।”14তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।15কোনো এজন মানুহে যোচেফক পথাৰৰ মাজত ঘূৰি ফুৰা দেখি সুধিলে, “তুমি কি বিচাৰি ফুৰিছা?”16যোচেফে ক’লে, “মই মোৰ ককাইহঁতক বিচাৰি আছোঁ; দয়া কৰি আপুনি মোক কবনে তেওঁলোকে ক’ত পশুৰ জাকক চৰাই আছে?”17মানুহজনে ক’লে, “এই ঠাই এৰি তেওঁলোক গুছি গ’ল; মই তেওঁলোকে এইবুলি কোৱা শুনিছিলো, ‘ব’লা, আমি দোথানলৈ যাওঁ’।” তাতে যোচেফে তেওঁৰ ককায়েকসকলৰ পাছত গৈ দোথানত তেওঁলোকক বিচাৰি পালে।18যোচেফক ককায়েকসকলে দূৰৰ পৰাই দেখা পালে আৰু তেওঁলোকৰ ওচৰলৈ আহি পোৱাৰ আগেয়েই, তেওঁক বধ কৰাৰ ষড়যন্ত্র কৰিলে।19তেওঁলোকে ইজনে সিজনক ক’লে, “সৌটো চা, সপোন দেখাটো আহিছে।20ব’লা এতিয়াই আমি তাক বধ কৰি, কোনো এটা গাতত পেলাই দিওঁ আৰু পাছত আমি ক’ম, কোনো হিংস্র জন্তুৱে তাক খালে। তেতিয়া তাৰ সপোনবোৰ কি হয়, আমি চাম।”21কিন্তু ৰূবেণে সেই কথা শুনি তেওঁলোকৰ হাতৰ পৰা তেওঁক ৰক্ষা কৰি ক’লে, “নহয়, আমি তাৰ প্রাণ নলওঁ।”22ৰূবেণে তেওঁলোকক ক’লে, “ৰক্তপাত নকৰোঁ। তেওঁৰ শৰীৰত হাত নুতুলাকৈয়ে বৰং তেওঁক এই মৰুপ্রান্তৰৰ এটা গাতত পেলাই দিয়া”- পাছত যোচেফক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি যেন পিতৃৰ ওচৰলৈ আনি ঘূৰাই দিব এই মনেৰে তেওঁ এই কথা ক’লে।23যোচেফ তেওঁৰ ককায়েকসকলৰ ওচৰ পালত তেওঁলোকে তেওঁৰ গাৰ পৰা পিন্ধি থকা দীঘল চোলাটো জোৰেৰে সোলোকাই ল’লে।24তাৰ পাছত তেওঁলোকে তেওঁক ধৰি গাতৰ ভিতৰত পেলাই দিলে; সেই গাতটো পানী নথকা এটা শুকান গাত আছিল।25তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।26তেতিয়া যিহূদাই তেওঁৰ ককায়েকসকলক ক’লে, “আমি ভাইক বধ কৰি তাৰ তেজ লুকুৱাই ৰাখিলে আমাৰ কি লাভ হ’ব?27কাৰণ সি আমাৰ নিজৰে ভাই আৰু আমাৰ মঙহো। সেয়ে তাৰ শৰীৰত হাত নিদি বৰং আহাঁ, আমি তাক এই ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰোঁ।” ককায়েকসকল তেওঁৰ এই কথাত মান্তি হ’ল।28সেই মিদিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত, তেওঁলোকে যোচেফক গাতৰ পৰা টানি ওপৰলৈ উঠালে আৰু বিশ চেকল ৰূপৰ বিনিময়ত যোচেফক ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিচৰ দেশলৈ লৈ গ’ল।29পাছত ৰূবেণে গাতৰ ওচৰলৈ গৈ যোচেফক গাতত নেদেখি দুখতে নিজৰ কাপোৰ ফালিলে।30তেওঁ ভায়েকসকলৰ ওচৰলৈ গৈ ক’লে, “যোচেফ ক’লৈ গ’ল - তাতটো নাই; এতিয়া মই কলৈ যাম?”31তেতিয়া তেওঁলোকে এটা ছাগলী মাৰি তাৰ তেজত যোচেফৰ সেই চোলাটো জুবুৰিয়ালে।32পাছত তেওঁলোকে চোলাটো বাপেকৰ ওচৰলৈ আনি ক’লে, “এইটো আমি পালোঁ; চাওকচোন, এইটো আপোনাৰ পুত্রৰ চোলা হয় নে নহয়।”33যাকোবে চোলাটো চিনি পায় ক’লে, “এইটো মোৰ পুত্ৰৰেই চোলা হয়; কোনো হিংস্র জন্তুৱে তাক খালে; নিশ্চয়ে জন্তুটোৱে যোচেফক ডোখৰ ডোখৰ কৰি ফালি পেলালে।”34তেতিয়া যাকোবে নিজৰ কাপোৰ ফালি কঁকালত চট পিন্ধি বহুদিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে।35তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে।36আনফালে, সেই মিদিয়নীয়াসকলে যোচেফক মিচৰ দেশলৈ লৈ গৈ পোটিফৰৰ ওচৰত বিক্রি কৰিলে। পোটিফৰ আছিল ফৰৌণ ৰজাৰ এজন বিষয়া, ৰক্ষকৰ প্রধান সেনাপতি।Assamese Bible 2019 Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd ইণ্ডিয়ান ৰিভাইচ ভাৰচন 2019 আদি 37 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/genesis/037.mp3 50 37