× भाषा यूरोप रूसी बेलारूसी यूक्रेनी पोलिश सर्बियाई बल्गेरियाई स्लोवाकियाई चेक रोमानियाई माल्डोवियाई आज़रबाइजान अर्मेनियाई जॉर्जियाई अल्बानियन Avar बशख़िर टाटर चेचन स्लोवेनियाई क्रोएशियाई एस्तोनियावासी लात्वीयावासी लिथुआनियाई हंगेरी फिनिश नार्वेजियन स्वीडिश आइसलैंडिक यूनानी मेसीडोनियन जर्मन বাভাৰিয়ান डच डेनिश वेल्श गेलिक आयरिश फ्रेंच बस्क कैटलन इतालवी गालेशियाई रोमानी उत्तरी अमेरिका अंग्रेज़ी दक्षिण अमेरिका स्पेनिश पुर्तगाली गुआरानी Quechuan आयमारा मध्य अमरीका जमैका नहुआत्ल Kiche Q'eqchi हाईटियन पूर्वी एशिया चीनी जापानी कोरियाई मंगोलियन उईघुर হমং दक्षिण - पूर्व एशिया मलेशियाई बर्मी हखा चिन नेपाली सिबुआनो तागालोग कम्बोडियन थाई इन्डोनेशियाई वियतनामी जावानीस লাও इबान इयू मियां काचिन लहु दक्षिण एशिया हिंदी Оdia अवधी मिजो कन्नड़ मलयालम मराठी गुजराती तामिल तेलुगू पंजाबी Kurukh असमिया मैथिली बंगाली उर्दू सिंहली डोगरी हरियाणवी मीतेई कोंकणी সন্তালী সিন্ধি कोया थाडो संस्कृत देवनागरी मध्य एशिया किरगिज़ उज़बेक ताजिक तुक्रमेन कजाखस्तान कारकल्पक मध्य पूर्व तुर्की यहूदी अरबी फ़ारसी कुर्द पश्तो कॉप्टिक अफ्रीका अफ्रीकी षोसा ज़ुलु नेबेले सोथो अम्हारिक् Wolaytta नाइजीरियाई Mossi Ika दिन्का कबाइल भेड़ स्वाहिली मोरक्को सोमालियाई सोणा मेडागास्कर ईग्बो लिंगाला Baoulé सिस्वाती सोंगा सेत्स्वाना गाम्बिया योरूबा कंबा किन्यारवाण्डा होउसा Chewa लुओ Makua द्युला ফুলফুল্ড कलेंजिन কিকুইউ কিকৱাংগো কিৰুণ্ডী क्रियो नाइजीरियाई पिजिन অৰোমো तशिलूबा त्शिवेंदा ट्वी उंबुंदु लुगबारा लुगुरु पुलर गुस्सी मासाई तुर्काना मोबा नुएर शिलुक तमाशेक मकोंडे ऑस्ट्रेलिया महाद्वीप न्यूजीलैंड पापुआ न्यू गिनी पुरानी भाषाएँ इब्रानी लैटिन एस्पेरांतो 1 1 1 असमिया असमिया1 1 1 যাত্ৰা আদিযাত্ৰালেবীয়াগননাদ্বি.বি.যিহোবিচাৰৰূথ১ ৰূথ২ চমূ১ ৰাজা২ ৰাজা১ বংশা২ বংশাইজ্ৰানহিইষ্টইয়োগীতহিতোউপপৰমযিচযিৰিবিলাযিহিদানিহোচযোৱেআমোওবদিযোনামীখনহূহবচফহ্গ্গজখমলা--- --- ---মথিমাৰ্কলূকযোহনপাঁচনিৰোমীয়া১ কৰি২ কৰিগালাতীয়াইফিচীয়াফিলিপীয়াকলচীয়া১ থিচলনীকীয়া২ থিচলনীকীয়া১ তীমথিয়২ তীমথিয়তীতফিলীমনইব্ৰীযাকোব১ পিতৰ২ পিতৰ১ যোহন২ যোহন৩ যোহনযিহূদাপ্ৰকাশিত বাক্য1 1 1 7 123456789101112131415161718192021222324252627282930313233343536373839401 1 1 : 1 123456789101112131415161718192021222324251 1 1 ইণ্ডিয়ান ৰিভাইচ ভাৰচন যাত্ৰা 7 नोट सहेजें 1তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব।2মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায়েৰ হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব।3কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।4তথাপিও ফৰৌণে তোমালোকৰ কথা নুশুনিব। সেয়ে মই মিচৰৰ ওপৰত আঘাত কৰিম, আৰু মোৰ ইস্ৰায়েলী লোকসকল, যুদ্ধাৰু দল, ইস্রায়েলৰ বংশধৰ সকলক দণ্ডৰ পৰাক্রমী কাৰ্য কৰি মিচৰ দেশৰ পৰা উলিয়াই আনিম।5মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”6মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে।7তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল।8যিহোৱাই মোচি আৰু হাৰোণক ক’লে,9“যেতিয়া ফৰৌণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।”10তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল।11তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে।12তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে।13তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।14যিহোৱাই মোচিক ক’লে, “ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ লোকসকলক এৰি দিবলৈ অমান্তি হৈছে।15ৰাতিপুৱা যেতিয়া ফৰৌণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা।16তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ঈশ্বৰৰ আৰধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।”17যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।18তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।”19তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”20তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল।21নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল।22কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।23তাৰ পাছত ফৰৌণে সেই আচৰিত কাৰ্যলৈ মনযোগ নিদি, নিজৰ ঘৰলৈ উভটি গ’ল।24সকলো মিচৰীয়া লোকে খোৱা পানীৰ বাবে নদীৰ চাৰিওফালে গাত খানিলে; কিন্তু সেই পানীও নদীৰ পানী দৰে হোৱা বাবে তেওঁলোকে খাব নোৱাৰিলে।25যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল।Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions ইণ্ডিয়ান ৰিভাইচ ভাৰচন যাত্ৰা 7 00:00:00 00:00:00 0.5x 2.0x https://beblia.bible:81/BibleAudio/assamese/exodus/007.mp3 40 7