যিহি 5:1-17 1. “আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা। 2. নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম। 3. কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা। 4. তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব। 5. প্ৰভু যিহোৱাই এই কথা কৈছে: “এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে। 6. কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল। 7. এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা। 8. এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম। 9. যিহক মই কেতিয়াও কৰা নাই আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম। 10. এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম! 11. এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম। 12. তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম। 13. এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ। 14. ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম। 15. তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ। 16. “মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম। 17. মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”
যিহি 6:1-14 1. যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু তেওঁ ক’লে, 2. “হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। 3. আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম। 4. তাতে তোমালোকৰ যজ্ঞবেদীবোৰ ধ্বংস কৰা হ’ব আৰু তোমালোকৰ সূৰ্যমূর্তিবোৰ ভঙা হ’ব আৰু মই তোমালোকৰ হত লোকসকলক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম। 5. আৰু মই ইস্ৰায়েলৰ সন্তান সকলৰ শৱ তেওঁলোকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচঁৰিত কৰিম। 6. তোমালোকৰ যজ্ঞবেদীবোৰ উচ্ছন্ন আৰু ধ্বংস হ’বৰ কাৰণে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ কাৰণে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব। 7. আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা। 8. তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম। 9. আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব। 10. আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই। 11. প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাবে “হায় হায়” কৰা! কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ’ব। 12. দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম। 13. য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা! 14. আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
গীত 119:169-176 169. হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা। 170. মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা। 171. মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক; কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা। 172. মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ। 173. তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ। 174. হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ; তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয় 175. মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক। 176. হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।
হিতো 28:14-14 14. যিজনে সদায় গভীৰ ভক্তিৰে জীৱন যাপন কৰে, সেই জন সুখী হয়; কিন্তু যিকোনোৱে নিজৰ হৃদয় কঠিন কৰে, সেই জন সমস্যাত পৰে।
ইব্ৰী 3:1-19 1. এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত। 2. ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বসী আছিল। 3. কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে, ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে 4. কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ। 5. মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল 6. কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ। 7. এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, 8. তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা- যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা। 9. তাত তোমালোকৰ ওপৰ-পুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল, 10. গতিকে, মই এই জাতিত বিৰক্ত হ’লো, মই ক’লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে; 11. তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।”’ 12. ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়। 13. যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক। 14. আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী; 15. এই বিষয়ে ইয়াকে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।” 16. কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল? তেওঁলোক সেই সকল লোকেই নহয় নে, যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল? 17. ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰতেই বা ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল? 18. ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, “এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?” যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে? 19. ইয়াতে আমি দেখো যে, অবিশ্বাসৰ কাৰণেই তেওঁলোক সোমাব নোৱাৰিলে।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd