एक साल में बाइबल दिसंबर 10হোচ 11:1-111. ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।2. মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।3. তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।4. মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।5. যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।6. তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।7. মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।8. হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।9. মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোক ৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।10. তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।11. মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো।হোচ 12:1-141. ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।2. যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।3. গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল; বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল ।4. তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল ।5. তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।6. এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।7. যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।8. ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’9. কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।10. মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।11. গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।12. যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।13. যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।14. কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।গীত 139:17-2417. হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!18. যদি মই সেইবোৰ গণনা কৰিব বিচাৰো, তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়; মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো।19. হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা, হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা।20. তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়, তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে।21. হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?22. মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰোঁ; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো।23. হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;24. মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।হিতো 29:22-2222. ক্রোধি লোকে বিবাদ সৃষ্টি কৰে, আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে।যিহূদা 1:1-251. যিহূদা, যীচু খ্ৰীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই; পিতৃ ঈশ্বৰত যি সকল প্ৰিয়পাত্ৰ আৰু যি সকল যীচু খ্ৰীষ্টৰ কাৰণে ৰক্ষিত আছে, সেই আমন্ত্ৰিত লোক সকলৰ সমীপলৈ:2. আপোনালোকলৈ দয়া, শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক।3. হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্রাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ।4. কিয়নো কোনো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাল; তেওঁলোক যে দণ্ডৰ পাত্ৰ হ’ব, এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক। তেওঁলোকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক, অৰ্থাৎ যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।5. কিন্তু এই বিষয়ে আপোনালোকে সকলো কথা জানিলেও, আপোনালোকক সোঁৱৰাব খোজো যে, প্ৰভুৱে মিচৰ দেশৰ পৰা তেওঁৰ লোক সকলক উদ্ধাৰ কৰি উলিয়াই অনাৰ সময়ত যি সকলে বিশ্বাস নকৰিলে, তেওঁ সেই লোক সকলক বিনষ্ট কৰিলে।6. আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে।7. এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে।8. তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে।9. কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”10. কিন্তু তেওঁলোকে যিহক নাজানে, তাক নিন্দা কৰে; জ্ঞানহীন পশুবোৰৰ দৰে তেওঁলোকে যিহক স্বাভাৱিকৰূপে জানে, তাতেই নষ্ট হয়।11. তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু বেছৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।12. তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে; তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ;13. তেওঁলোক নিজৰ লাজ স্বৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ; তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা; সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।14. আদমৰ পৰা সপ্তম পুৰুষ যি হনোক, তেৱোঁ তেওঁলোকৰ উদ্দেশ্যে ভাবোক্তি প্ৰচাৰ কৰি কৈছিল, “চোৱা, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰ লোকৰ সৈতে,15. সকলো লোকৰ সোধ-বিচাৰ কৰিবলৈ আৰু ভক্তিহীন সকলে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লঙ্ঘন কৰিলে আৰু ভক্তিহীন পাপী লোকে তেওঁৰ বিৰুদ্ধে যি কঠিন কথা ক’লে, সেই সকলোবোৰ বিষয়ত থকা দোষৰ প্ৰমাণ দিবলৈ আহিল৷”16. তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।17. কিন্তু, হে প্ৰিয় সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পাঁচনি সকলে পূৰ্বতে কোৱা কথা আপোনালোকে সোঁৱৰণ কৰক;18. তেওঁলোকে আপোনালোকক ক’লে, “শেষ-কালত নিজ নিজ ভক্তিহীন অভিলাষৰদৰে চলা বিদ্ৰূপকাৰী সকল উপস্থিত হ’ব”।19. তেওঁলোক দলভেদ কৰোঁতা আৰু ইন্দ্ৰিয়াসক্ত। তেওঁলোক আত্মা-বিহীন।20. কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;21. ঈশ্বৰৰ প্ৰেমক ধৰি ৰাখক আৰু অনন্ত জীৱনৰ অৰ্থে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকক।22. আৰু কোনো লোকক, অৰ্থাৎ সংশয় কৰা সকলক দয়া কৰক;23. কিছুলোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলঙ্কিত বস্ত্ৰ ঘিণ কৰক।24. এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,25. তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্ৰাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions