1. যীচু যে সেই অভিষিক্ত হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।
2. আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।
3. কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷
4. যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
5. যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
6. জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।
7. আৰু সাক্ষ্য দিওঁতা তিনিটা;
8. আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।
9. আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে।
10. যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই।
11. সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।
17. সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপো আছে।
18. আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
19. আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷
20. আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।