১ ৰূথ 22:1-23 1. তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল। 2. প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল। 3. দায়ূদে তাৰ পৰা মোৱাবৰ মিস্পালৈ গ’ল। তেওঁ মোৱাবৰ ৰজাক ক’লে, “বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব, তাক জ্ঞাত নহওঁমানে, মোৰ পিতৃ-মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক।” 4. তেওঁ তেওঁলোকক মোৱাবৰ ৰজাৰ লগত ৰাখিলে, আৰু যেতিয়ালৈকে দায়ুদ তেওঁৰ দুৰ্গত থাকিল, তেতিয়ালৈকে তেওঁলোক ৰজাৰ লগত থাকিল। 5. পাছে গাদ ভাববাদীয়ে দায়ূদক ক’লে, “তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহূদা দেশলৈ যোৱা।” সেয়ে দায়ূদে সেই ঠাই ত্যাগ কৰি হেৰৎ অৰণ্যলৈ গ’ল। 6. চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল। 7. তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে? 8. তাৰ পৰিবৰ্তে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছাহঁক, যেতিয়া মোৰ পুত্ৰৰ সৈতে যিচয়ৰ পুত্ৰই চুক্তি কৰিছিল তেতিয়া কোনেও মোৰ আগত এই কথা প্ৰকাশ কৰা নাছিল। মোৰ পুত্ৰক মোৰ দাস দায়ূদে মোৰ বিৰুদ্ধে উদগোৱাৰ কথা জানি আৰু আজিৰ দৰে খাপ দি লুকাই থকা কথা জানিও তোমালোক কোনেও মোৰ কাৰণে দুখিত হোৱা নাই।” 9. তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।” 10. অহীমেলকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে যাতে তেওঁক সহায় কৰে, আৰু তেওঁ তেওঁক যোগান ধৰিলে, আৰু পলেষ্টীয়া গলিয়াথৰ তৰোৱালো তেওঁক দিলে। 11. তাৰ পাছত ৰজাই মানুহ পঠাই অহীটুবৰ পুত্ৰ অহীমেলক পুৰোহিতক আৰু তেওঁৰ পিতৃ-বংশক, অৰ্থাৎ নোবত থকা পুৰোহিতসকলক মতি পঠালে। তেওঁলোক সকলোৱেই ৰজাৰ ওচৰলৈ আহিল, 12. চৌলে ক’লে, “অহীটুবৰ পুত্ৰ শুনা।” তেওঁ উত্তৰ দিলে, “প্ৰভু, মই ইয়াতে আছোঁ।” 13. চৌলে তেওঁক ক’লে, “তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা, আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰার্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে, আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল। 14. তাৰ পাছত অহীমেলকে ৰজাক উত্তৰ দি ক’লে, “আপোনাৰ দাসবোৰৰ মাজত দায়ূদৰ দৰে বিশ্বাসী কোন? যিজন ৰজাৰ জোঁৱাই, আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক।” 15. আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।” 16. ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।” 17. ৰজাই তেওঁৰ চাৰিও ফালে থকা ৰখীয়া সকলক ক’লে, “তহঁতে ঘূৰি গৈ যিহোৱাৰ পুৰোহিত সকলক বধ কৰ। কাৰণ তেওঁলোকো দায়ূদৰ সহায়কাৰী, আৰু তেওঁ পলোৱাৰ কথা তেওঁলোকে জানিও মোক নজনালে।” কিন্তু যিহোৱাৰ পুৰোহিতসকলক আক্ৰমণ কৰিবৰ অৰ্থে ৰজাৰ দাসবোৰ সন্মত নহ’ল। 18. তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে। 19. তেওঁ তৰোৱালৰ ধাৰেৰে পুৰোহিতসকলৰ নোব নগৰ আঘাত কৰি, পুৰুষ, তিৰোতা, ল’ৰা, আৰু পিয়াহ খোৱা কেঁচুৱা, আৰু গৰু, গাধ, মেৰ-ছাগ আদি সকলোকে তৰোৱালৰ ধাৰেৰে সংহাৰ কৰিলে। 20. সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল। 21. চৌলে যিহোৱাৰ পুৰোহিতসকলক বধ কৰা কথা অবিয়াথৰে দায়ূদক ক’লে, 22. তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো। 23. তুমি মোৰ লগত থাকা, ভয় নকৰিবা; কিয়নো যি জনে মোৰ প্ৰাণ ৰক্ষা কৰিলে সেই জনে তোমাৰো কৰিব। কাৰণ মোৰ লগত তুমি নিৰ্ভয়ে থাকিবা।
১ ৰূথ 23:1-29 1. তেওঁলোকে দায়ূদক ক’লে, “পলেষ্টীয়াসকলে কয়ীলাৰ বিৰুদ্ধে যুদ্ধ কৰি মৰণা মৰা শস্য লুট কৰিছে।” 2. সেয়ে দায়ূদে যিহোৱাৰ আগত সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু সুধিলে, “মই পলেষ্টীয়াসকলক আঘাত কৰিবলৈ যাম নে?” তাতে যিহোৱাই ক’লে, “যোৱা পলেষ্টীয়াসকলক আক্ৰমণ কৰি কয়ীলাক উদ্ধাৰ কৰা।” 3. কিন্তু দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চোৱা, আমি যিহূদাত ভয়েৰে আছোঁ। যদি পলেষ্টীয়া সৈন্যসকলৰ বিৰুদ্ধে কয়ীলালৈ যাওঁ, তেনেহলে ইয়াতকৈ কিমান অধিক ভয়ৰ কথা হ’ব?” 4. তেতিয়া দায়ূদে পুনৰ সহায়ৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক উত্তৰ দিলে, “তুমি উঠি কয়ীলালৈ নামি যোৱা। কাৰণ মই পলেষ্টীয়াসকলৰ ওপৰত তোমাক জয়যুক্ত কৰিম।” 5. তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে কয়ীলালৈ গৈ পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰিলে। তেওঁলোকৰ পশুবোৰ লৈ গ’ল, আৰু আক্ৰমণ কৰি তেওঁলোকৰ মাজত সংহাৰ কৰিলে। এইদৰে দায়ূদে কয়ীলা নিবাসীসকলক উদ্ধাৰ কৰিলে। 6. অহীমেলকৰ পুত্ৰ অবিয়াথৰ যেতিয়া কয়ীলালৈ পলাই দায়ূদৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাতত এখন এফোদ লৈ আহিছিল। 7. চৌলে দায়ুদ কয়ীলালৈ যোৱাৰ বাতৰি পাই ক’লে, “যিহোৱাই মোৰ হাতত তেওঁক সমৰ্পণ কৰিছে। তেওঁ আৱদ্ধ হৈ গ’ল কাৰণ নগৰত দুৱাৰবোৰ বন্ধ কৰা হ’ল।” 8. দায়ুদ আৰু তেওঁৰ লোকসকলক অৱৰোধ কৰিবলৈ চৌলে যুদ্ধৰ বাবে কয়ীলালৈ নামি যাবলৈ সকলো সৈন্য সামন্তক মাতিলে। 9. দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।” 10. তাৰ পাছত দায়ূদে ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, চৌলে কয়ীলালৈ আহি মোৰ কাৰণে এই নগৰখন ধংস কৰিবলৈ চেষ্টা কৰিছে, মই এইকথা শুনিলোঁ।” 11. কয়ীলাৰ লোকসকলে তেওঁৰ হাতত মোক সমৰ্পণ কৰিব নে? তোমাৰ দাসে শুনাৰ দৰে চৌল সঁচাকৈ নামি আহিব নে? হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ দাসক কওক।” যিহোৱাই ক’লে, “তেওঁ নামি আহিব।” 12. তাতে দায়ূদে সুধিলে, “কয়ীলাৰ লোকসকলে মোক আৰু মোৰ লোকসকলক চৌলৰ হাতত শোধাই দিব নে?” যিহোৱাই ক’লে, “তেওঁলোকে তোমাক শোধাই দিব।” 13. তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগৰ প্ৰায় ছশ লোক উঠি কয়ীলাৰ পৰা বাহিৰ ওলাই, এঠাইৰ পৰা আন ঠাইলৈ গ’ল। চৌলক কোৱা হ’ল, যে দায়ুদ কয়ীলাৰ পৰা সাৰি গ’ল, সেয়ে চৌলে তেওঁক অনুসৰণ কৰিবলৈ বাদ দিলে। 14. দায়ূদে মৰুপ্ৰান্তৰ দুৰ্গম ঠাই, পৰ্ব্বতীয়া অঞ্চলৰ জীফ মৰুপ্ৰান্তত বাস কৰিলে; তাতে চৌলে সদায় তেওঁক বিচাৰিলে, কাৰণ চৌল সদায় তেওঁৰ অপেক্ষাত আছিল, কিন্তু ঈশ্বৰে তেওঁৰ হাতত তেওঁক সমৰ্পণ নকৰিলে। 15. দায়ুদ জীফ মৰুপ্ৰান্তৰ অৰণ্যত থকা সময়ত, তেওঁ দেখিলে যে, চৌলে তেওঁৰ প্ৰাণনাশৰ চেষ্ঠাৰে ওলাই আহিছে। 16. চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে। 17. তেওঁ দায়ূদক ক’লে, “ভয় নকৰিব। কাৰণ মোৰ পিতৃ চৌলৰ হাতে আপোনাক ধৰিবলৈ নাপাব; আপুনি ইস্ৰায়েলৰ ৰজা হ’ব, আৰু মই আপোনাৰ পিছতহে হ’ম। মোৰ পিতৃ চৌলেও ইয়াক জানে।” 18. তাৰ পাছত তেওঁলোকে দুয়ো জনে যিহোৱাৰ সন্মুখত এটি নিয়ম বান্ধিলে; দায়ুদ অৰণ্যতে থাকিলে আৰু যোনাথন ঘৰলৈ গ’ল। 19. তাৰ পাছত জীফীয়া লোকসকলে গিবিয়াৰ চৌলৰ ওচৰলৈ আহি ক’লে, “দায়ুদ আমাৰ ওচৰত যিচীনোনৰ দক্ষিণফালে থকা হখীলা পৰ্ব্বতৰ অৰণ্যৰ দুৰ্গম ঠাইত জানো লুকাই থকা নাই? 20. সেয়ে, হে মহাৰাজ, নামি আহক; আপোনাৰ সকলো মনৰ বাঞ্ছা অনুসাৰে নামি আহক। মহাৰাজৰ হাতত তাক সমৰ্পণ কৰি দিয়াৰ দায়িত্ব আমাৰ।” 21. চৌলে ক’লে, “তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা। কাৰণ তোমালোকে মোলৈ অনুগ্ৰহ কৰিলা। 22. যোৱা, আৰু সঠিককৈ বিচাৰ কৰা; আৰু সেই ঠাইত তাক কোনে দেখিলে, তাক চাই তাৰ বুজ-বিচাৰ লোৱা, কিয়নো মানুহে মোক কয়, সি বৰ চতুৰালীৰে ফুৰে। 23. সেয়ে চোৱা, আটাই গোপন ঠাইৰ মাজৰ কোন ঠাইত সি নিজকে লুকুৱাইছে, তাৰ বুজ লৈ মোৰ আগলৈ সঠিক বাতৰি লৈ আহিবা, আৰু তাৰ পাছত মই তোমালোকৰ লগত যাম, সি যদি দেশত থাকে, তেনেহলে মই যিহূদাৰ সকলো সহস্ৰৰ মাজত তাক বিচাৰি উলিয়াম।” 24. তাতে তেওঁলোক উঠি চৌলৰ আগতে জীফলৈ গ’ল। তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে যে যিচীমোনৰ দক্ষিণ ফালে অৰাবাত থকা মায়োন অৰণ্যত আছিল। 25. চৌল আৰু তেওঁৰ লোকসকলে তেওঁক বিচাৰিবলৈ গৈছে সেই কথা দায়ূদক কোৱা হ’ল, তাতে তেওঁ শিলাময় পৰ্বতেদি নামি আহি মায়োন অৰণ্যত থাকিবলৈ ল’লে। যেতিয়া চৌলে এই কথা শুনিলে, তেতিয়া মায়োন অৰণ্যলৈ দায়ূদৰ পাছে পাছে খেদি গ’ল। 26. চৌল পৰ্বতৰ একাষে গ’ল, দায়ুদ আৰু তেওঁৰ লোকসকলে পৰ্বতৰ আন কাষে গ’ল। দায়ূদে চৌলৰ ভয়ত তাৰ পৰা আন ঠাইলৈ যাবলৈ লৰালৰি কৰোঁতে, তেওঁক আৰু তেওঁৰ লোকসকলক ধৰিবলৈ চৌলে নিজৰ লোকসকলৰ লগত তেওঁক বেৰি ধৰিব খোঁজোতে, 27. এজন বাৰ্তাবাহক চৌলৰ ওচৰলৈ আহি ক’লে, “আপুনি বেগাই আহক; কিয়নো পলেষ্টীয়াসকলে দেশ আক্ৰমণ কৰিছে।” 28. তেতিয়া চৌলে দায়ূদৰ পাছত খেদি যোৱাৰ পৰা ঘূৰি পলেষ্টীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে। এই কাৰণে সেই ঠাইৰ নাম চেলা-হম্মহলকোথ হ’ল। 29. পাছত দায়ূদে তাৰ পৰা ওলাই গৈ অয়িন-গদীৰ নানা দুৰ্গম ঠাইত বাস কৰিলে।
গীত 59:6-17 6. তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে; নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে। 7. চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?” 8. কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা। 9. ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ। 10. মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী; মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব। 11. মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা। হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা। 12. তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক। 13. তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোব ৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। [চেলা] 14. তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; নগৰত চাৰিওফালে ভ্ৰমণ কৰক। 15. তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব; যদি তৃপ্ত নহয়, তেনেহলে বিৰক্তিত উজাগৰে থাকিব। 16. কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম; এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম; কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান। 17. হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম; কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।
হিতো 16:1-2 1. মনৰ কল্পনা মানুহৰ; কিন্তু জিভাৰ উত্তৰ যিহোৱাৰ পৰা আহে। 2. মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে।
যোহন 1:1-28 1. আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। 2. এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল। 3. তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল। 4. জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ। 5. সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে। 6. ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল। 7. তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে। 8. যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল। 9. সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল। 10. তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে। 11. যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে। 12. কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে। 13. তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে। 14. সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ। 15. যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।” 16. আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ। 17. কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল। 18. ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। 19. যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?” 20. যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, “মই খ্ৰীষ্ট নহয়।” 21. তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।” 22. তেতিয়া তেওঁলোকে তেওঁক ক’লে, “তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?” 23. তেওঁ ক’লে, “যিচয়া ভাববাদীয়ে যি দৰে কৈছিল, ‘ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা’।” 24. যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে, 25. “আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?” 26. যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছোঁ, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়। 27. তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।” 28. যৰ্দ্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd