যাত্ৰা 9:1-35 1. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক। 2. কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে, 3. তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰ-ছাগ, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব। 4. কিন্তু যিহোৱাই ইস্ৰায়েলী লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোকসকলৰ নহয় সেইবোৰ মৰিব’।” 5. যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।” 6. পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল। 7. তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে। 8. তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাঁই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাঁই ওপৰ ফাললৈ ছটিয়াই দিবা। 9. তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।” 10. সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল। 11. শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল। 12. তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে। 13. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক। 14. কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।” 15. মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন। 16. অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ। 17. এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই। 18. শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম। 19. সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, সেইবিলাক মৰিব’।” 20. তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে। 21. কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গুৰুত্বৰ ভাবে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে। 22. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।” 23. মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে। 24. এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল। 25. গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে। 26. কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল। 27. তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ। 28. মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।” 29. মোচিয়ে তেওঁক ক’লে, “নগৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব। 30. কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।” 31. সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল। 32. কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য। 33. মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল। 34. ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে। 35. এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।
যাত্ৰা 10:1-29 1. যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ যোৱা। মিচৰ দেশত মোৰ শক্তিৰ চিনবোৰ দেখুৱাবৰ বাবে মই ফৰৌণ আৰু তেওঁৰ দাস সকলৰ মন কঠিন কৰিলোঁ। 2. মই এইদৰে কৰাৰ কাৰণ এয়াও হয় যে, মই মিচৰীয়া লোক সকলক কিদৰে কঠোৰ ব্যৱহাৰ কৰিলোঁ, আৰু তেওঁলোকৰ মাজত মোৰ শক্তিৰ চিন কিদৰে দেখুৱালোঁ এই সকলো কথা তুমি তোমাৰ সন্তান আৰু নাতি-নাতিনীয়েক সকলক যাতে ক’ব পাৰিবা। ইয়াৰ যোগেদি তোমালোকে জানিবা যে, মই যিহোৱা।” 3. তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া। 4. কিন্তু তুমি যদি মোৰ লোক সকলক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে শুনা, কাইলৈ তোমাৰ দেশলৈ মই কাকতী ফৰিং আনিম। 5. সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে, কোনো এজনে মাটিও দেখা নাপাব। শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব 6. আপোনাৰ ঘৰ, আৰু আপোনাৰ দাস সকলৰ ঘৰত, আৰু সকলো মিচৰীয়াৰে সকলৰ ঘৰবোৰ সেই কাকতী ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ’ব যে, আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ-পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই।” তাৰ পাছত মোচি ফৰৌণৰ আগৰ পৰা বাহিৰলৈ ওলাই গ’ল। 7. তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?” 8. তেতিয়া মোচি আৰু হাৰোণক ফৰৌণৰ আগলৈ পুনৰ মাতি অনা হ’ল, ফৰৌণে তেওঁলোকক ক’লে, “যোৱা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; কিন্তু কোনবোৰ লোক যাব?” 9. মোচিয়ে ক’লে, “আমি আমাৰ ডেকা, বুঢ়া, নিজৰ নিজৰ লৰা-ছোৱালী, আৰু মেৰ-ছাগ, ছাগলী, গৰুৰ জাকবোৰকো লগত লৈ যাম। কাৰণ যিহোৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব।” 10. ফৰৌণে তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ লগত থাকক; যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছোঁ, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ। 11. সেয়ে নহব; কেৱল তোমালোকৰ মাজৰ পুৰুষসকল যাওক, আৰু যিহোৱাৰ সেৱা কৰক; কিয়নো এইদৰে কৰাটোৱেই তোমালোকে বিচাৰিছে।” পাছত ফৰৌণৰ আগৰ পৰা মোচি আৰু হাৰোনক পঠিয়াই দিয়া হ’ল। 12. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।” 13. তেতিয়া মোচিয়ে মিচৰ দেশৰ ওপৰলৈ নিজৰ লাখুটি দাঙিলে, আৰু যিহোৱাই সেই দিনা দিনে ৰাতিয়ে সেই দেশৰ ওপৰত পূব ফালৰ পৰা বায়ু বোৱালে। যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া পূব ফালৰ পৰা অহা বতাহে কাকতি ফৰিংবোৰ উৰোৱাই আনিলে। 14. তাতে ফৰিংবোৰ সমগ্র মিচৰ দেশলৈ আহিল, আৰু মিচৰৰ আটাই অঞ্চলত উপদ্রৱ কৰিলে। ইমান বেছি ফৰিং পূৰ্বতে কেতিয়াও হোৱা নাই, আৰু পুনৰ কেতিয়াও নহ’ব। 15. সেই ফৰিংবোৰে সমগ্র দেশ ছানি ধৰিলে, তাতে দেশখন অন্ধকাৰময় হ’ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ-গছনি আৰু শিলাবৃষ্টিৰ পৰা অবশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্র মিচৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল, আৰু পথাৰত এজোপাও গছ-গছনি নাথাকিল। 16. তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ। 17. এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্রাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়।” 18. তেতিয়া মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল; আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। 19. যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে; তাতে সেই বতাহে ফৰিংবোৰ উৰোৱাই নি চূফ সাগৰত পেলাই দিলে। সমগ্র মিচৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল। 20. কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলৰ লোকসকলক যাবলৈ নিদিলে। 21. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সমগ্র মিচৰ দেশ অন্ধকাৰময় হ’বলৈ, তুমি আকাশৰ ফাললৈ হাত মেলা; তাতে সেই আন্ধাৰে সমগ্র দেশ গ্রাস কৰিব।” 22. তেতিয়া মোচিয়ে আকাশৰ ফাললৈ হাত মেলিলে, আৰু সমগ্র মিচৰ দেশ তিনি দিনলৈকে ঘোৰ অন্ধকাৰময় হ’ল। 23. কোনেও ইজনে সিজনক দেখা নাপালে, আৰু তিনি দিনলৈকে কোনেও নিজৰ ঘৰৰ পৰা নোলাল। অৱশ্যে ইস্ৰায়েলী লোকসকল বাস কৰা ঠাইত পোহৰ হৈ আছিল। 24. তেতিয়া ফৰৌণে মোচিক মাতি আনি ক’লে, “তোমালোক যোৱা, যিহোৱাৰ আৰধনা কৰা গৈ। এনেকি তোমালোকৰ পৰিয়াল বৰ্গও লগত যাব পাৰিব, কিন্তু তোমালোকৰ মেৰ-ছাগ, ছাগলী, আৰু গৰুৰ জাকবোৰ ইয়াতেই থাকিব লাগিব।” 25. কিন্তু মোচিয়ে ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব।” 26. আমাৰ লগত আমাৰ পশুবোৰো নিশ্চয় যাব; আমাৰ ঈশ্বৰ যিহোৱাৰ আৰধনা কৰিবলৈ আমাৰ পশুবোৰৰ এটা খুৰাও ইয়াত নাথাকিব। কাৰণ আমি কিহেৰে যিহোৱাৰ আৰাধনা কৰিম, সেই বিষয়ে আমি সেই ঠাই নোপোৱালৈকে নাজানো।” 27. কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ তেওঁলোকক যাবলৈ নিদিলে। 28. তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা। এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব; কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।” 29. তেতিয়া মোচিয়ে ক’লে, “আপুনি নিজেই কৈছে; মই আপোনাৰ মুখ পুনৰ নাচাও।”
গীত 17:8-15 8. চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা; তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা; 9. যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে, সেই দুষ্ট লোকসকলৰ পৰা, যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে, সেই শত্রুবোৰৰ পৰা, তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা। 10. তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে, তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়; 11. তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে; তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে, যাতে মোক মাটিত পেলাব পাৰে। 12. তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা; গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ। 13. হে যিহোৱা, তুমি উঠা, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকক দলিয়াই পেলোৱা; তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। 14. হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক। 15. কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম; মই যেতিয়া সাৰ পাম, তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।
হিতো 5:21-23 21. কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে। 22. এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে। 23. নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।
মথি 20:1-16 1. “স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল। 2. তেওঁ এক এক দীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে। 3. প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে, 4. ‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল। 5. আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে। 6. পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা? 7. সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’ 8. পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’ 9. পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈ পালে। 10. তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক এক দীনাৰহে পালে। 11. সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে, 12. “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।” 13. তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা? 14. তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷ 15. যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে? 16. এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd