एक साल में बाइबल अक्टूबर 13যিৰি 11:1-231. যিৰিমিয়ালৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,2. “তোমালোকে এই নিয়মটিৰ বাক্য শুনা, যিহূদাৰ লোকসকলক ও যিৰূচালেম-নিবাসীসকলক কোৱা।3. তুমি তেওঁলোকক কোৱা, ‘ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: যি কোনোৱে এই নিয়মটিৰ প্রতি কাণ নিদিয়ে, সেই প্রতিজনেই অভিশপ্ত।4. তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”5. মোৰ বাক্য শুনা যাতে আজি-কালি তোমালোকে বাস কৰা গাখীৰ, মৌজোল বোৱা এই দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি শপত কৰিছিলোঁ।’ তেতিয়া মই উত্তৰ দি ক’লো, ‘হয়, যিহোৱা!’6. আৰু যিহোৱাই মোক ক’লে, ‘যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত এই সকলো বাক্য ঘোষণা কৰি কোৱা, “তোমালোকে এই নিয়মটিৰ বাক্যলৈ কাণ দিয়া, আৰু ইয়াক পালন কৰা।”7. কিয়নো ‘মোৰ বাক্যলৈ কাণ দিয়া’ বুলি কৈ, মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিবৰ দিনা মই অতি যত্নেৰে সাক্ষ্য দিছিলোঁ, আৰু আজিলৈকে প্ৰত্যেকে উঠি সাক্ষ্য দি আছোঁ।8. তথাপি তেওঁলোকে পালন নকৰিলে, বা কাণ নাপাতিলে। কিন্তু তেওঁবিলাক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে; এই হেতুকে এই নিয়মটিৰ যিবোৰ বাক্য পালন কৰিবলৈ মই তেওঁলোকক আজ্ঞা দিছিলোঁ, কিন্তু তেওঁলোকে নকৰিলে, সেই আটাইবোৰ অভিশপ্ত বাক্য মই তেওঁলোকৰ ওপৰত ঘটালোঁ’।”9. পাছে যিহোৱাই মোক ক’লে, “যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলরৰ ভিতৰত চক্ৰান্ত পোৱা গৈছে।10. তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”11. এই হেতুকে যিহোৱাই এইদৰে কৈছে: “চোৱা, তেওঁলোকে সাৰিব নোৱাৰা অমঙ্গল মই তেওঁলোকলৈ ঘটাম। তেতিয়া তেওঁলোকে মোৰ আগত কাতৰোক্তি কৰিব, কিন্তু মই তেওঁলোকৰ কথা নুশুনিম।12. তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰূচালেম নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।13. কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।14. এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।15. মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে? আৰু তোমাৰ পৰা পবিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।16. পূৰ্বতে যিহোৱাই তোমাক ‘উত্তম ফলেৰে শোভিত কেঁচাপতীয়া জিতগছ” এই নাম দিলে।’ তেওঁ মহা-কোলাহলৰ শব্দেৰে সৈতে তোমাৰ ওপৰত জুই জ্বলালে, আৰু তাৰ ডালবোৰ ভগ্ন হ’ল।17. কিয়নো বালৰ উদ্দেশ্যে ধূপ জ্বলাই মোক বেজাৰ দিবৰ অৰ্থে যিহূদা আৰু ইস্ৰায়েল বংশই নিজৰ বিৰুদ্ধে যি দুষ্কৰ্ম কৰিছিল, তাৰ কাৰণে তোমাক ৰোপণ কৰা বাহিনীসকলৰ যিহোৱাই তোমাৰ বিৰুদ্ধে অমঙ্গল প্ৰকাশ কৰিলে।18. আৰু যিহোৱাই মোক তাৰ বিষয়ে জ্ঞান দিয়াত মই তাক জানিবলৈ পালোঁ। সেই সময়ত তুমি মোক তেওঁলোকৰ কাৰ্য দেখুৱালা।19. কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ মেৰ-ছাগ পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোঁহক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।20. কিন্তু ধাৰ্মিকতাৰে বিচাৰ কৰোঁতা, অন্তৰ আৰু হৃদয় পৰীক্ষা কৰোঁতা হে বাহিনীসকলৰ যিহোৱা, তেওঁলোকৰ ওপৰত তুমি সাধা প্ৰতিকাৰ মোক দেখিবলৈ দিয়া। কিয়নো মই তোমাৰ আগতেই মোৰ গোচৰ সোধালোঁ।21. এই হেতুকে অনাথোতৰ লোকসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তেওঁলোকে তোমাৰ প্ৰাণ বিচাৰি কয়, যে, যিহোৱাৰ নামেৰে ভববাণী প্ৰচাৰ নকৰিবা, কৰিলে তুমি আমাৰ হাতত মৰা পৰিবা।’22. এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, চোৱা, মই তেওঁলোকক দণ্ড দিম। ডেকাবোৰ তৰোৱালত আঘাতিত হৈ মৰিব। তেওঁলোকৰ পো-জীসকল আকালত মৃত্যু হ’ব।23. আৰু তেওঁলোকৰ কোনো অৱশিষ্ট নাথাকিব। কিয়নো মই অনাথোতৰ লোকসকললৈ অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰিম।”যিৰি 12:1-171. “হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?2. তুমি তেওঁলোকক ৰোপন কৰিলা, এনে কি, তেওঁলোক শিপালে। তেওঁলোক বাঢ়িছে, এনে কি, ফলো ধৰিছে; তুমি তেওঁলোকৰ মুখৰ বাক্যত ওচৰ, কিন্তু তেওঁলোকৰ হৃদয়ৰ পৰা দূৰ।3. কিন্তু হে যিহোৱা, তুমি হ’লে মোক জানি আছা। মোক দেখিও আছা, আৰু তোমালৈ মোৰ মন কেনে, তাক পৰীক্ষাও কৰিছা। বধ কৰিবৰ কাৰণে উলিওৱা মেৰ-ছাগৰ দৰে তেওঁলোকক টানি উলিওৱা, আৰু হত্যা দিনৰ কাৰণে তেওঁলোকক পৃথক কৰি ৰাখা।4. কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।5. তুমি পদাতিকসকলকৰ লগত লৰ মাৰিলে, তেওঁলোকে যদি তোমাক ক্লান্ত কৰে, তেন্তে ঘোঁৰাৰ লগত লৰ মাৰি কেনেকৈ জিকিবা? আৰু যদিও তুমি শান্তিৰ দেশত নিৰাপদে থাকা, তথাপি যৰ্দ্দনৰ শোভাস্বৰূপ অৰণ্যত কি কৰিবা?6. কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।7. মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।8. মোৰ পক্ষে মোৰ আধিপত্য কাঠনিত থকা সিংহৰ দৰে হ’ল; সি মোৰ বিৰুদ্ধে গুজৰিছে, সেই কাৰণে মই তাক ঘিণ কৰিলোঁ।9. মোৰ আধিপত্য মোৰ কাৰণে ফুটুকা-ফুটুকী চৰাইৰ নিচিনা নহয় নে? তাৰ চাৰিওফালে চিকাৰী চৰাই বোৰ নাই নে? তোমালোকে যোৱা, মোৰ আদিপত্য ভোজন কৰিবলৈ বনৰীয়া পশু আটাইবোৰ গোটাই আনাগৈ।10. অনেক মেৰ-ছাগৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।11. তেওঁলোকে তাক উচ্ছন্ন ঠাই কৰিলে, সেয়ে ধ্বংস হৈ মোৰ আগত বিলাপ কৰিছে; সমুদায় দেশ উচ্ছন্ন হ’ল, কাৰণ কোনেও মনোযোগ কৰা নাই।12. অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল; কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।13. তেওঁবিলাকে ঘেঁহু বৈ কাঁইট দালে। তেওঁলোকে দুখ কৰিও একো উপকাৰ নাপালে; তেওঁলোকে যিহোৱা প্ৰচণ্ড ক্ৰোধৰ কাৰণে নিজ নিজ ফলৰ বিষয়ে লজ্জিত হোৱা।14. মই মোৰ প্ৰজা ইস্ৰায়েলক অধিকাৰ কৰোঁৱা অধিপত্যক স্পৰ্শ কৰা মোৰ আটাই দুষ্ট ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে যিহোৱাই এইদৰে কৈছে: চোৱা, মই তেওঁলোকৰ মাটিৰ পৰা তেওঁলোকক উঘালিম, আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা বংশকো উঘালিম।15. কিন্তু উঘলাৰ পাছত, মই পুনৰায় দয়া কৰিম; আৰু প্ৰতিজনক তাৰ আধিপত্যলৈ, আৰু তাৰ মাটিলৈ আনিম।16. এনেকৈ তেওঁলোকে মোৰ প্ৰজাসকলক বালৰ নামেৰে শপত খাবলৈ শিকাইছিল, তেনেকৈ “যিহোৱাৰ জীৱনৰ শপত!” বুলি মোৰ নামেৰে শপত কৰিবলৈ মোৰ প্ৰজাসকলৰ পথ যদি তেওঁলোকে যত্নেৰে শিকে, তেন্তে মোৰ প্ৰজাসকলৰ মাজত তেওঁলোকক স্থাপন কৰা হ’ব।17. যদি তেওঁলোকে নুশুনে, তেন্তে মই সেই জাতিক উঘালি পেলাম। আৰু নিশ্চয়কৈ উঘালি পেলাই তাক নষ্ট কৰিম। এইয়েই যিহোৱাৰ ঘোষণা।”গীত 118:10-1410. সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।11. তেওঁলোকে মোক আগুৰি ধৰিলে, হয়, মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।12. তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে; কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।13. মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, কিন্তু যিহোৱাই মোক সহায় কৰিলে।14. যিহোৱা মোৰ বল আৰু প্রবল শক্তি; তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল।হিতো 27:8-88. নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে।কলচীয়া 4:1-181. হে প্ৰভু সকল, আপোনালোকে নিজ দাস সকলৰ প্ৰতি যি ন্যায় আৰু সাম্য, সেয়া তেওঁলোকক দিয়ক আৰু জানক যে স্বৰ্গত আপোনালোকৰো এজন প্ৰভু আছে৷2. আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব ৷3. আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে খ্ৰীষ্টৰ যি নিগূঢ়-তত্বৰ কাৰণে অামি বন্ধ হৈ আছোঁ; সেই নিগূঢ়-তত্ব ক’বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্যৰ দুৱাৰ মেলি দিয়ে৷4. আৰু প্ৰাৰ্থনা কৰক যাতে, মই যি দৰে কোৱা উচিত, সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ৷5. বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব।6. আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আস্বাদযুক্ত লোণৰদৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন আপোনালোকে জানি লওঁক৷7. তুখিকে আপোনালোকক মোৰ বিষয়ে সকলো কথা জনাব৷ তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সহদাস৷8. মই তেওঁক নির্দিষ্ট কৰি আপোনালোকৰ তালৈ পঠিয়ালোঁ, যাতে আপোনালোকে আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে৷9. আৰু তেওঁৰ লগত ওনীচিমক, যি জন আপোনালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালোঁ; তেওঁলোকে ইয়াৰ সকলো কথা আপোনালোকক জনাব।10. মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক, তেওঁৰ বিষয়ে আপোনালোকে যদি এইদৰে লিখা আদেশ পত্ৰ পায়, তেনেহলে গ্ৰহন কৰিব, “যদি তেওঁ আপোনালোকৰ তালৈ যায়, গ্ৰহন কৰিব৷”11. আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল।12. ইপাফ্ৰাই আপোনালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীচুৰ দাস৷ তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে, যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে৷13. কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে, তেওঁ আপোনালোকৰ আৰু লায়দিকেয়া আৰু হিয়ৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে14. লূক নামৰ প্ৰিয় চিকিৎসক আৰু দীমায়ো আপোনালোকক মঙ্গলবাদ কৰিছে।15. লায়দিকেয়াত থকা ভাই সকলক, নুম্ফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মঙ্গলবাদ দিব।16. আপোনালোকৰ তাত এই পত্ৰ পাঠ কৰা হ’লে, লায়দিকেয়াত থকা মণ্ডলীতো যেন পাঠ কৰা হয়, এনে চেষ্টা কৰিব; আৰু লায়দিকেয়াৰ পৰা যি পত্ৰ পাব, সেই পত্ৰ আপোনালোকেও পাঠ কৰিব।17. আৰ্খিপ্পক এই কথা ক’ব, “আপুনি প্ৰভুত যি পৰিচৰ্যা পদ পালে, সেয়া সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ’ব।”18. মোৰ এই মঙ্গলবাদ, মই পৌলে, নিজ হাতেৰে লিখিলোঁ। আপোনালোকে মোৰ শিকলিৰ বন্ধন সুঁৱৰিব। আপোনালোকৰ লগত অনুগ্ৰহ থাকক। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions