যিৰি 17:1-27 1. যিহূদাৰ পাপ লোহাৰ লিখনী আৰু হীৰাৰ কাঁইটেৰে লিখা হৈছে। তাক তেওঁলোকৰ হৃদয়ৰূপ ফলিত আৰু তোমালোকৰ যজ্ঞ-বেদিৰ শিঙাত কটা হৈছে। 2. সেই সময়ত যিহূদাৰ সন্তান সকলে কেঁচাপতীয়া গছবোৰৰ গুৰিত তেওঁলোকৰ নিজ নিজ যজ্ঞ-বেদি, আৰু নিজ নিজ আচেৰা মূৰ্ত্তিক ওখ পৰ্ব্বতবোৰৰ ওপৰত সোঁৱৰণ কৰে। 3. দেশৰ মাজত থকা তেওঁলোকৰ লোকসকলে ওখ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকৰ যজ্ঞ-বেদিবোৰ সোঁৱৰণ কৰে। মই তোমাৰ সম্পত্তি আৰু সকলো বহুমুল্য বস্তু লুটদ্ৰব্যস্বৰূপে আনক দিম। মোৰ পাপৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে, তোমাৰ ওখ ঠাইবোৰকো লুটদ্ৰব্য কৰিম। 4. আৰু তুমি নিজেই মই তোমাক দিয়া আধিপত্য হেৰুৱাবা। আৰু মই তোমাক, তুমি নজনা দেশত তোমাৰ শত্ৰূবোৰৰ বন্দীকাম কৰোৱাম, কাৰণ তুমি মোৰ ক্ৰোধাগ্নি জ্বলালা, সেয়ে চিৰকাল জ্বলি থাকিব। 5. যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ শাপগ্ৰস্ত; তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়। 6. কিয়নো তেওঁ অৰণ্যত থকা ঝাও গছৰ দৰে হ’ব, আৰু মঙ্গল আহিলে তেওঁ গম নাপাব। কিন্তু তেওঁ মৰুভূমিৰ খৰাং ঠাইত নিবাসী-শূন্য লোণা দেশত থাকিব। 7. যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য। 8. কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব। 9. মন সকলোতকৈ কপটময়। তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে? 10. মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ। 11. ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালি গোটোৱা কইৰা চৰাইৰ নিচিনা; তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব। 12. আদিৰে পৰা উচ্চস্থানত স্থাপিত গৌৰৱাম্বিত সিংহাসন আমাৰ ধৰ্মধাম। 13. যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে। 14. হে যিহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হম! মোক ৰক্ষা কৰা, তেতিয়া মই পৰিত্ৰাণ পাম। কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল। 15. চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।” 16. মই হ’লে তোমাৰ পাছে পাছে মেৰ-ছাগ ৰখীয়া হ’বলৈ সততে বিমুখ হোৱা নাই, নাইবা দুখপূৰ্ণ দিনলৈ মই ইচ্ছা কৰা নাই। তাক তুমি জানি আছা; মোৰ ওঁঠৰ পৰা যি ওলাইছিল, সেয়ে তোমাৰ আগত আছিল। 17. মোলৈ ত্ৰাসস্বৰূপ নহ’বা। বিপদৰ দিনত তুমিয়েই মোৰ আশ্ৰয়। 18. মোৰ তাড়নাকাৰীসকলে লাজ পাওঁক, কিন্তু মোক হ’লে লাজ পাবলৈ নিদিবা। তেওঁলোক হ’লে ব্যাকুল হওঁক, কিন্তু মোক হ’লে ব্যাকুল হবলৈ নিদিবা। তেওঁলোকৰেই ওপৰত বিপদৰ দিন ঘটোৱা, আৰু দুগুণ সংহাৰেৰে তেওঁলোকক সংহাৰ কৰা।” 19. যিহোৱাই মোক এই কথা ক’লে: “যিহূদাৰ ৰজাসকল যি দুৱাৰেদি সোমায় আৰু ওলায়, তুমি গৈ সৰ্ব্বসাধাৰণ লোকসকলৰ সেই দুৱাৰত, আৰু যিৰূচালেমৰ সকলো দুৱাৰত থিয় হোৱা। 20. আৰু তেওঁলোকক কোৱা, ‘সেই দুৱাৰবোৰেদি সোমোৱা হে যিহূদাৰ ৰজাসকল, সমুদায় যিহূদা, আৰু যিৰূচালেম-নিবাসী সকলো লোকসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা। 21. যিহোৱাই এইদৰে কৈছে: “তোমালোক সাৱধান হোৱা, বিশ্ৰাম-বাৰে কোনো বোজা বৈ নানিবা, বা যিৰূচালেমৰ দুৱাৰেদি তাক ভিতৰলৈ নানিবা। 22. আৰু বিশ্ৰাম-বাৰে নিজ নিজ ঘৰৰ পৰা কোনো বোজা বাহিৰ নকৰিবা, আৰু কোনো কাম নকৰিবা; কিন্তু মই তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা দিয়াৰ দৰে বিশ্ৰাম-বাৰ পবিত্ৰ কৰা। 23. তেওঁলোকে সেই আজ্ঞা শুনিবলৈ খোজ নাছিল, আৰু তালৈ কাণ দিয়া নাছিল, কিন্তু নুশুনিবলৈ আৰু শিক্ষা গ্ৰহণ নকৰিবলৈ নিজ নিজ ডিঙি ঠৰ কৰিছিল। 24. আৰু যিহোৱাই কৈছে, এইদৰে নিশ্চয় ঘটিব, যদিহে তোমালোকে যত্নেৰে মোৰ বাক্যত যদি মন দিয়া। তোমালোকে বিশ্ৰাম-বাৰে এই নগৰৰ দুৱাৰেদি কোনো বোজা ভিতৰলৈ নানিবা, আৰু সেইদিনা কোনো কাম নকৰিবা বৰং বিশ্ৰাম-দিন পবিত্ৰ কৰা। 25. তেন্তে দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাসকল, আৰু প্ৰধান লোকসকল ৰথত আৰু ঘোঁৰাত উঠি এই নগৰৰ দুৱাৰেদি সোমাব, তেওঁলোকৰ প্ৰধান লোকসকল, যিহূদাৰ লোক আৰু যিৰূচালেম-নিবাসীসকল সোমাব; আৰু এই নগৰ চিৰকাললৈকে থাকিব। 26. আৰু তেওঁলোকে যিহূদাৰ নগৰবোৰৰ পৰা, যিৰূচালেমৰ চাৰিওফালৰ অঞ্চল, বিন্যামীন প্ৰদেশ, নিম্ন-ভুমি, পৰ্ব্বতীয়া অঞ্চল আৰু দক্ষিণ অঞ্চলৰ পৰা হোম আদি বলি, নৈবেদ্য আৰু ধূপ লৈ আহিব আৰু তেওঁলোকে যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি আনিব। 27. কিন্তু যদি তোমালোকে বিশ্ৰাম-দিন পবিত্ৰ কৰিবলৈ আৰু বিশ্ৰাম-বাৰে বোজা বৈ যিৰূচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্রজ্বলিত কৰিম, সেয়ে যিৰূচালেমৰ অট্ৰালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব’।”
যিৰি 18:1-23 1. যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, 2. বোলে, “তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাতেই মই তোমাক মোৰ বাক্য শুনাম।” 3. তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গ’লো, আৰু চোৱা! কুমাৰে তাৰ চাকত নিজৰ কাম কৰি আছে। 4. আৰু তেওঁ মাটিৰে তৈয়াৰ কৰা পাত্ৰ তেওঁৰ হাতত বেয়া হোৱা দেখি, তেওঁ তাক লৈ পুনৰায় নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে। 5. তেতিয়া যিহোৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক’লে, 6. যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ?” “হে ইস্ৰায়েল-বংশ, চোৱা! যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা। 7. যি মুহুৰ্ত্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ, 8. মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম। 9. আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ, 10. সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম। 11. এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা ওলটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা।” 12. কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।” 13. এই হেতুকে যিহোৱাই এইদৰে কৈছে: “তোমালোকে এতিয়া জাতি সমূহৰ মাজত সোধা, এনে কথা কোনে শুনিলে? কুমাৰী ইস্ৰায়েলে অতিশয় নোম শিয়ৰি যোৱা কাৰ্য কৰিলে। 14. লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে? বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়? 15. কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে, 16. নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে। যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব। 17. মই পূব ফালৰ বতাহৰ দৰে শত্ৰূবোৰৰ আগত তেওঁলোকক চিন্ন-ভিন্ন কৰিম; তেওঁলোকৰ সঙ্কটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম। 18. তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ। 19. হে যিহোৱা! মোলৈ মন দিয়া, আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা। 20. উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা। 21. এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক। 22. তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে! 23. তথাপি হে যিহোৱা, মোক বধ কৰাবলৈ মোৰ অহিতে কৰা তেওঁলোকৰ সকলো মন্ত্ৰণা তুমি জানি আছা। তুমি তেওঁলোকৰ অপৰাধ ক্ষমা নকৰিবা, নাইবা তেওঁলোকৰ পাপ তোমাৰ দৃষ্টিৰ পৰা মচি নেপেলাবা; কিন্তু তেওঁলোকক তোমাৰ আগত উজুটি খুৱাই পেলোৱা হওঁক, তুমি নিজ ক্ৰোধৰ সময়ত তেওঁলোকলৈ কাৰ্য কৰা।
গীত 118:25-29 25. হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা! হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা। 26. ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে; আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ। 27. যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা। 28. তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম। 29. তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
হিতো 27:11-12 11. হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা। তাৰ পাছত মই বিদ্রূপ কৰা সকলক উত্তৰ দিম। 12. দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।
১ থিচলনীকীয়া 3:1-13 1. গতিকে আমি যেতিয়া ধৈর্য ধৰিব নোৱাৰিলোঁ, তেতিয়া আথিনী নগৰত অকলে থাকিবলৈকে মনস্থ কৰিলোঁ। 2. সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ, 3. যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ। 4. সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে। 5. সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল। 6. কিন্তু তীমথিয়ই আপোনালোকৰ ওচৰৰ পৰা ঘূৰি আহি আপোনালোকৰ বিশ্বাস আৰু ভালপোৱাৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আপোনালোকে আমাক স্নেহভাৱেৰে সকলো সময়তে সোঁৱৰণ কৰি আছে৷ আমাক দেখা পাবলৈ যেনেকৈ আপোনালোকে ইচ্ছা কৰে, তেনেকৈ আমিও আপোনালোকক চাবৰ কাৰণে অতিশয় হাবিয়াহ কৰি আছোঁ। 7. এই কাৰণে, হে ভাইসকল, আপোনালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি উৎসাহ পাওঁ। 8. কিয়নো আপোনালোক প্ৰভুত দৃঢ় থকাৰ বাবে আমি এতিয়া সঁচাকৈ জীয়াই আছোঁ। 9. আপোনালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যি আনন্দেৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো! 10. আপোনালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু আপোনালোকৰ বিশ্বাসত যি অভাৱ আছে, সেয়া যেন পূৰণ কৰিব পাৰোঁ, এই বাবে দিনে-ৰাতিয়ে আমি প্ৰাৰ্থনা কৰি আছোঁ৷ 11. পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে আপোনালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক। 12. আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক। 13. ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd