एक साल में बाइबल अक्टूबर 23যিৰি 31:1-401. “সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”2. যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।3. যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।4. হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।5. তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।6. কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোষণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”7. কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’8. চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খুৱাম। তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব; গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব। আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।9. তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”10. হে জাতি সমূহ, যিহোৱাৰ বাক্য শুনা। দূৰত থকা দ্বীপবোৰত সেই বিষয়ে প্ৰচাৰ কৰা। হে জাতি সমূহ, তোমালোকে কোৱা, “যি জনে ইস্ৰায়েলক ছিন্ন-ভিন্ন কৰিছিল, তেৱেঁই তাইক গোটাব, আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাইক সেইদৰে ৰাখিব।”11. কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।12. তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।13. তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।14. আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম। আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ণ কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।15. যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”16. যিহোৱাই এই কথা কৈছে: “তুমি ক্ৰন্দন কৰিবলৈ আৰু চকু-লো বোৱাবলৈ এৰা; কিয়নো তোমাৰ কষ্টৰ পুৰস্কাৰ দিয়া হ’ব” - এয়ে যিহোৱাৰ ঘোষণা। “তোমাৰ সন্তান সকল শত্ৰূৰ দেশৰ পৰা পুনৰায় আহিব।17. তোমাৰ শেষ অৱস্থাৰ বিষয়ে আশা আছে” - এয়ে যিহোৱাৰ বচন। “তোমাৰ সন্তান সকল নিজৰ অঞ্চললৈ ঘূৰি আহিব।”18. “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।19. নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ বুকুত চপৰিয়ালোঁ; মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’20. ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।21. তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুঁটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা, যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।22. হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।23. ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্মনিবাস, হে পবিত্ৰ পৰ্ব্বত, যিহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’24. কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু মেৰ-ছাগৰ ৰখীয়াসকলে মেৰ-ছাগৰ জাক লৈ একে লগে তাত বাস কৰিব।25. কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।26. ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।27. যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।28. তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।29. সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব, ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’30. কিয়নো প্ৰতিজনে নিজ নিজ অপৰাধৰ কাৰণে মৰিব; যি সকলে টেঙা দ্ৰাক্ষাগুটি খাব, তেওঁৰেইহে দাঁত টেঙাব।31. যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।32. মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ম স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।33. “কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।34. তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”35. যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:36. “যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে - তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”37. যিহোৱাই এই কথা কৈছে: যদি ওপৰত আকাশ-মণ্ডল জুখিব পাৰি, আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি, তেনেহ’লে ইস্ৰায়েলে কৰা সকলো কৰ্মৰ কাৰণে মইও গোটেই ইস্ৰায়েল-বংশক দূৰ কৰিম - এয়ে যিহোৱাৰ বচন।38. যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,39. তেতিয়া পৰিমাণ-জৰী গাৰেব পৰ্ব্বতলৈকে পোনে পোনে টনা যাব; আৰু ঘূৰি গোৱালৈ আহিব।40. আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”যিৰি 32:1-441. যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।2. সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।3. যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;4. যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;5. কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”6. যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,7. ‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”8. পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধীকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।9. এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।10. মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।11. তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।12. তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।13. তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো14. “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’15. কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”16. নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,17. “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;18. তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্ততিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।19. তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।20. তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।21. তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।22. আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।23. তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।24. চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।25. আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”26. তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,27. “চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”28. এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।29. আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।30. কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।31. “কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,32. কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।33. তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।34. কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।35. তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।36. এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:37. চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।38. তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।39. মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।40. তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।41. তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”42. কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।43. তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।44. তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।গীত 119:49-5649. তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।50. দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।51. অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।52. হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।53. দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।54. মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।55. হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।56. এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ।হিতো 27:20-2020. চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়, তেনেকৈ মানুহৰ চকুও কেতিয়াও সন্তুষ্ট নহয়।১ তীমথিয় 2:1-151. মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷2. ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ;3. এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়৷4. তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।5. কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু;6. তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷7. এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সঁচা কথা কওঁ; মই মিছা নকওঁ৷8. মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷9. সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়;10. কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷11. মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক।12. শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ।13. কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল;14. আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণভাৱে ভুলাই অপৰাধত পেলালে;15. তথাপি যদি সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব৷ Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions